ETV Bharat / state

নগাঁৱত শীঘ্ৰে আৰম্ভ হ'ব উচ্ছেদ অভিযান !

কেইবামাহ পূৰ্বে উচ্ছেদৰ বাবে জাননী দিয়া হৈছে বেদখলকাৰীক । স্বেচ্ছাই বেদখলকৃত ভূমি ত্যাগ কৰিবলৈ ৰাইজক আহ্বান নগাঁও জিলা আয়ুক্তৰ ।

Nagaon eviction
নগাঁৱত শীঘ্ৰে আৰম্ভ হ'ব উচ্ছেদ অভিযান (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 13, 2025 at 12:35 PM IST

3 Min Read
Choose ETV Bharat

নগাঁও : ৰাজ্যৰ বেদখলকাৰীয়ে ৰেহাই নাপাব বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰায়েই ঘোষণা কৰি অহাৰ সমান্তৰালকৈ বিভিন্ন প্ৰান্তত অব্যাহত আছে উচ্ছেদ অভিযান । চৰকাৰী তথা বনভূমিত হৈ থকা বেদখল উচ্ছেদৰ বাবে এতিয়া তৎপৰ হৈ পৰিছে নগাঁও জিলা প্ৰশাসন । নিৰ্দিষ্ট সময়ত স্বেচ্ছাই চৰকাৰী অথবা বনভূমি ত্যাগ নকৰিলে উচ্ছেদ চলাই হ'লেও চৰকাৰী ভূমি বেদখলমুক্ত কৰা হ'ব বুলি বুধবাৰে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই । নগাঁও জিলাৰ কামপুৰ ৰাজহ চক্ৰৰ অধীনৰ এক বৃহৎ বনভূমিত হৈ থকা বেদখলকৃত ভূমিত উচ্ছেদ চলাবলৈ ইতিমধ্যেই জাননী জাৰি কৰা হৈছে বুলি আয়ুক্তই জনাইছে ।

প্ৰশাসনৰ জাননী লাভ কৰাৰ পাছতেই বহু বেদখলকাৰীয়ে স্বেচ্ছাই চৰকাৰী ভূমি ত্যাগ কৰি এক নজিৰ সৃষ্টি কৰিবলৈ সক্ষম হোৱা নগাঁও জিলাত কিন্তু এইবাৰ উচ্ছেদৰ বাবে সাজু হৈছে জিলা প্ৰশাসন । আজিৰ পৰা দুই-তিনিমাহ পূৰ্বেই জিলাখনৰ হাজাৰৰো অধিক ভূমি বেদখলমুক্ত কৰিবলৈ প্ৰশাসনে জাৰি কৰিছিল জাননী । কিন্তু প্ৰশাসনৰ জাননী লাভ কৰাৰ পাছতো একাংশ লোকে শস্য উৎপাদনকে ধৰি বিভিন্ন কাৰণত সময় বিচৰাত জিলা প্ৰশাসনে পৰ্যাপ্ত সময় দিয়াৰ পাছতো স্বেচ্ছাই চৰকাৰী ভূমি ত্যাগ নকৰা পৰিয়ালৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ আগবাঢ়িছে নগাঁও জিলা প্ৰশাসন । বুধবাৰে উচ্ছেদ প্ৰসংগক লৈ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কৰা মন্তব্যৰ পৰা স্পষ্ট হৈছে এই কথা ।

নগাঁৱত শীঘ্ৰে আৰম্ভ হ'ব উচ্ছেদ অভিযান (ETV Bharat)

নগাঁৱত কেতিয়াৰ পৰা আৰম্ভ হ'ব উচ্ছেদ অভিযান ?

নগাঁও জিলাত চৰকাৰী ভূমিত বসবাস কৰি অহা পৰিয়ালে স্বেচ্ছাই ত্যাগ নকৰিলে উচ্ছেদ চলোৱা হ'ব বুলি উল্লেখ কৰি নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কয়, "উচ্ছেদৰ ক্ষেত্রত নগাঁও জিলাই এক আদৰ্শ দেখুৱাইছিল । প্ৰথমতেই জাননী লাভ কৰি জিলাখনৰ ধিঙত বহু পৰিয়ালে স্বেচ্ছাই চৰকাৰী ভূমি ত্যাগ কৰি এক নজিৰ সৃষ্টি কৰিছিল । যাৰ বাবে প্ৰতিটো পৰিয়ালক স্বেচ্ছাই বেদখলমুক্ত কৰিবলৈ পৰ্যাপ্ত সময় দিয়া হৈছিল । আজিৰ পৰা তিনিমাহ পূৰ্বেও জাননী দিয়া পৰিয়ালে অনুৰোধ কৰাত স্বেচ্ছাই চৰকাৰী ভূমি ত্যাগ কৰিবলৈ পৰ্যাপ্ত সময় দিয়া হৈছে । এতিয়া আৰু অতিৰিক্ত কোনো সময় দিয়া নহয় । শীঘ্ৰে নগাঁও জিলাত উচ্ছেদ অভিযান আৰম্ভ কৰা হ'ব ।"

কোন কোন স্থানত হ'ব উচ্ছেদ অভিযান ?

মধ্য অসমৰ নগাঁও জিলাতো উচ্ছেদৰ বাবে সাজু হৈছে জিলা প্ৰশাসন । এই সন্দৰ্ভত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কয়, "প্ৰথমে জিলাখনৰ বনভূমি বেদখলমুক্ত কৰাৰ বাবে জাননী জাৰি কৰা হৈছে । জিলাখনৰ প্ৰায় ডেৰ হাজাৰ বিঘা বনভূমি বেদখল হৈ আছে । ইয়াৰ উপৰিও চামগুৰি ৰাজহ চক্ৰৰ অধীনৰ ভেলগুৰি, কছাৰীগাঁৱৰ ৩৮৫ বিঘা ভূমি, ভকত গাঁৱত ২৮ বিঘা, ধিং ৰাজহ চক্ৰৰ অধীনৰ ৰৌমাৰী বিল, ভেৰভেৰি বিল, ছালনাবৰী বিল, টুকটুকী, আহোম গাঁও আৰু গেৰেকনি বিলত বেদখল হৈ থকা ভূমিত উচ্ছেদ চলোৱা হ'ব ।"

জিলা আয়ুক্তই জনোৱা মতে লোকসকলে শস্য চপাবলৈ সময় বিচাৰি আবেদন কৰাত তেওঁলোকক অতিৰিক্ত সময় দিয়া হৈছিল । সেয়েহে উচ্ছেদৰ সময়ত ৰাইজে যাতে জাননী পোৱা নাই বুলি অভিযোগ নকৰে তাৰ বাবেও আয়ুক্তই ৰাইজক আহ্বান জনায় ।

লগতে পঢ়ক :আপদ নহয় সম্পদ: পানীমেটেকাও হ'ব পাৰে অৰ্থনীতিৰ সমল