ETV Bharat / state

লাওখোৱাৰ বন ভূমি লীজত দিলে কৃষকক, সমবায়ৰ নামত ধন সংগ্ৰহৰ চক্ৰান্ত কাৰ ?

লাওখোৱা অভয়াৰণ্যত বেদখলকাৰীৰ মৰাপাট খেতিত বৃহৎ উচ্ছেদ অভিযান । বিতৰ্কিত সমবায় সমিতিৰ নাম লৈ ধন সংগ্ৰহৰ অভিযোগ ।

Eviction drive in Laokhowa Wildlife Sanctuary
লাওখোৱাত বন বিভাগৰ উচ্ছেদ অভিযান (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 7, 2026 at 11:43 AM IST

3 Min Read
Choose ETV Bharat

চামগুৰি: নগাঁৱত চলিছে উচ্ছেদ অভিযান ৷ মানুহৰ ঘৰত নহয়, এইবাৰ উচ্ছেদ চলিছে মৰাপাট খেটিত ৷ নগাঁও জিলাৰ অন্তৰ্গত লাওখোৱা অভয়াৰণ্যৰ ১২০০ বিঘা বন্যভূমিত অবৈধভাৱে কৰা মৰাপাট খেতিত বন বিভাগে অব্যাহত ৰাখিছে বৃহৎ উচ্ছেদ অভিযান । তিনিখনকৈ বুলড’জাৰ লগাই উচ্ছেদ অভিযান তীব্ৰতৰ কৰি তুলিছে বন বিভাগে । এফালৰ পৰা বুলড’জাৰে মহতিয়াই নিছে মৰাপাট খেতি । বিশেষকৈ খৰনলী বিলৰ আশে-পাশে থকা বনভূমিত এইবেলি ব্যাপক হাৰত মৰাপাট খেতি কৰিছিল বেদখলকাৰীয়ে । তাৰ পাছতেই শেহতীয়াকৈ বন বিভাগে চলায় উচ্ছেদ অভিযান ৷

অভিযোগ উঠিছে যে ৰূপহীস্থ ইউনিয়ন ফাৰ্মিং কো-অপাৰেটিভ ছ'চাইটিৰ নামত বিগত ১৫-২০ বছৰৰ পৰা প্ৰতি বিঘা মাটিৰ বাবদ দুহেজাৰকৈ টকাকৈ সংগ্ৰহ কৰি ১২০০ বিঘা ভূমিত বিভিন্ন ধৰণৰ খেতি কৰিবলৈ দিয়া হৈছিল কৃষকক । নিজকে উক্ত বিতৰ্কিত সমবায় সমিতিৰ সম্পাদক হিচাপে পৰিচয় দি ফুৰা জুলহাছ উদ্দিন নামৰ এজন লোকে এই ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে । বন্যপ্ৰাণী অভয়াৰণ্যৰ ভূমি সমবায় সমিতিৰ বুলি দাবী কৰি প্ৰতি বিঘাত দুহেজাৰকৈ টকা সংগ্ৰহ কৰি খেতি কৰাৰ অনুমতি দিয়া বুলি স্থানীয় ৰাইজে অভিযোগ তুলিছে ।

লাওখোৱাত বন বিভাগৰ উচ্ছেদ অভিযান (ETV Bharat)

বছৰৰ পিছত বছৰ ধৰি সমবায় সমিতিৰ নাম লৈ এই বেহা চলি থকা বুলি ৰাইজে অভিযোগ তুলিছে । সমবায় সমিতিৰ সম্পাদক জুলহাছে সহজ সৰল এচাম লোকক কিছুমান নথি-পত্ৰ দেখুৱাই বন ভূমিৰ নামত বেহা চলাই অহা বুলি স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে । সমবায় সমিতিৰ সম্পাদক জুলহাছক টকা দিয়াৰ পিছতো ইমানদিনে বন বিভাগে কোনো দিনে বাধা দিয়া নাছিল বুলি তেওঁলোকে সংবাদ মাধ্যমক জনায় । বন বিভাগে মৰাপাট খেতিত উচ্ছেদ অভিযান অব্যাহত ৰখা স্বত্বেও জুলহাছে সমবায় সমিতিৰ সপক্ষে ন্যায়ালয়ৰ ৰায় থকা বুলি দাবী কৰি সমবায়ৰ মাটিত উচ্ছেদ চলোৱা নাই বুলি মন্তব্য কৰিছে ।

ৰাইজে জুলহাছৰ এই ধৰণৰ অদ্ভুত দাবীক ভেকো ভাওনা আখ্যা দিয়ে । উক্ত সমবায়ৰ নামত পূৱ শিঙিমাৰীৰ পৰা ধিংবাৰী চাপৰি পৰ্যন্ত শিলঘাট -ধিং মথাউৰিৰ দক্ষিণ দিশে আৰু লেতেৰীজানৰ আশে পাশে পাশে ২২ শ বিঘা ভূমি থকা বুলি দাবী কৰে সমিতিৰ বিষয়ববীয়াসকলে । অথচ উক্ত বিশাল ভূ খণ্ড বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তৰ্গত বুলি বনবিভাগে দাবী কৰি আহিছে ।

ৰাইজে উত্থাপন কৰা আন এক অভিযোগ অনুসৰি লাওখোৱা অভয়াৰণ্যত এতিয়াও একাংশ লোকে চৰকাৰী ভূমি বেদখল কৰি বৃহৎ বৃহৎ পুখুৰী নিৰ্মান কৰি মৎস্য ব্যৱসায় চলাই আহিছে যদিও উচ্ছেদ চলোৱা নাই সেই পুখুৰীসমূহত । পুখুৰী নিৰ্মাণ কৰি লাওখোৱা অভয়াৰণ্য আৰু ঐতিহ্যমণ্ডিত খৰনলী বিলৰ অস্তিত্বৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰা বেদখলকাৰীৰ প্ৰতি বন্য বিভাগৰ কিহৰ দৰদ বুলিও ৰাইজৰ মাজত প্ৰশ্নৰ উদয় হৈছে ।

মৰাপাট খেতিত উচ্ছেদ চলাই পুখুৰীৰ মালিকসকলক ৰেহাই দিয়া কাৰ্যৰ বাবে বন বিভাগক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে ৰাইজে । তদুপৰি পূৰ্বৰ এগৰাকী বনাঞ্চলিক বিষয়াৰ কাৰ্যকালত জনৈক হাজী জিয়াবুৰ নামৰ বন বিভাগৰ এজন চতুৰ্থবৰ্গৰ কৰ্মচাৰীয়েও কৃষকৰ পৰা ধন সংগ্ৰহ কৰা বুলি অভিযোগ তুলিছে তেওঁলোকে । চতুৰ্থবৰ্গৰ কৰ্মচাৰী হাজীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ বন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক ৰাইজে আহ্বান জনাইছে ।

লগতে পঢ়ক: ৰাণীত বনৰীয়া হাতীৰ বাবে বন বিভাগে কৰিছে নেপিয়াৰ ঘাঁহৰ খেতি