তামোলজোপাৰ পৰা বিশাল অট্টালিকালৈকে ঢাঁহিমুহি নিলে বুলড'জাৰে
৭৭৬ হেক্টৰ বনভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য প্ৰশাসনৰ । বিৰোধিতা এ আই ইউ ডি এফ নেতাৰ ।

Published : January 2, 2026 at 5:24 PM IST
নগাওঁ: নতুন বছৰৰ আৰম্ভণিতে বেদখলীকৃত ভূমিত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান । ইংৰাজী নৱবৰ্ষৰ আৰম্ভণিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ সৈতে হোৱা 'নতুন দিনৰ আলাপ' অনুষ্ঠানত বেদখলৰ বিৰুদ্ধে চৰকাৰৰ আপোচহীন স্থিতিৰ কথা উল্লেখ কৰাৰ পাছত নতুন বছৰৰ দ্বিতীয়টো দিনতেই চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ উদ্দেশ্যে হোজাই জিলা প্ৰশাসনে আৰম্ভ কৰিছে উচ্ছেদ অভিযান ।
শুকুৰবাৰে পুৱাৰ পৰা হোজাই জিলাৰ যমুনা মৌ ডংগা বনাঞ্চলৰ বেদখলকৃত ৭৭৬ হেক্টৰ ভূমি বেদখলমুক্ত কৰাৰ উদ্দেশ্যে আৰম্ভ কৰিছে উচ্ছেদ অভিযান । পুৱাৰ পৰা শ্ৰমিকৰ উপৰিও বুলড’জাৰ ব্যৱহাৰ কৰি উচ্ছেদ অভিযান আৰম্ভ কৰিছে হোজাই জিলা প্ৰশাসনে ।
যমুনা মৌ ডংগা বনাঞ্চলৰ ভূমি বেদখল কৰি বাস কৰি অহা ১২০০ পৰিয়ালক ডেৰ দুমাহ পূৰ্বেই উচ্ছেদৰ জাননী দিয়াৰ কথা উল্লেখ কৰি উচ্ছেদ সন্দৰ্ভত হোজাই জিলা আয়ুক্তই কয়,"হোজাই জিলাৰ যমুনা মৌ ডংগা বনাঞ্চলৰ ৭৭৬ হেক্টৰ ভূমি বেদখল কৰি ১২০০ পৰিয়ালে বসবাস কৰি আছিল । ইয়াৰোপৰি বৃহৎ ভূমিত তামোলবাৰী গঢ়ি তুলিছিল একাংশ বেদখলকাৰীয়ে । ৫ হাজাৰৰো অধিক বিঘা ভূমি উচ্ছেদৰ বাবে ৰাইজক যথেষ্ট সময় দিয়া হৈছে । আজিৰ পৰা ডেৰ দুমাহ পূৰ্বেই জাননী দিয়া হৈছিল । আনকি ধান চপাই নিবলৈয়ো সময় দিয়া হৈছিল । জাননী লাভ কৰাৰ পাছত অধিকাংশ পৰিয়াল নিজেই ঘৰ বাৰী ভাঙি আঁতৰি গৈছে ।"

লগতে জিলা আয়ুক্তগৰাকীয়ে কয়,"স্বেচ্ছাই বনাঞ্চলৰ ভূমি ত্যাগ নকৰাসকলক উচ্ছেদৰ বাবে আজি ব্যৱস্থা গ্ৰহণ কৰা হৈছে । বৃহৎ ভূমি উচ্ছেদৰ বাবে পাঁচটা ভাগত ভাগ কৰি লোৱা হৈছে । প্ৰতিটো ভাগতে জ্যেষ্ঠ বিষয়া তদাৰকৰ বাবে নিয়োগ কৰা হৈছে । উচ্ছেদৰ বাবে বুলড’জাৰৰ লগতে শ্ৰমিক ব্যৱহাৰ কৰা হৈছে । আজি উচ্ছেদ সম্পূৰ্ণ নহ'লে কাইলৈয়ো চলিব উচ্ছেদ অভিযান । এই পৰ্যন্ত শান্তিপূৰ্ণভাৱে চলি আছে উচ্ছেদ অভিযান ।"

ইপিনে, মৌ ডংগা বনাঞ্চলৰ ভূমিত বাস কৰা ১২ শ পৰিয়ালৰ ভিতৰত ১৫২ টা পৰিয়ালে উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰাৰ কথাও উল্লেখ কৰি জিলা আয়ুক্তগৰাকীয়ে কয়, “বিষয়টো ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে । এইক্ষেত্ৰত ন্যায়ালয়ৰ নিৰ্দেশৰ পাছত ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।”
আনহাতে যমুনামুখত উচ্ছেদ অভিযান চলি থকাৰ সময়তে এ আই ইউ ডি এফৰ এগৰাকী নেতাই তামোলবাৰী উচ্ছেদৰ বিৰোধিতা কৰি অতিৰিক্ত আয়ুক্তক ফোন কৰি ধমক খাবলগীয়া ঘটনাও সংঘটিত হয় । এ আই ইউ ডি এফৰ নেতাগৰাকীয়ে হোজাইৰ উচ্ছেদক অমানৱীয় আৰু নীতিবহিৰ্ভূত উচ্ছেদ বুলি দাবী কৰে ।

