বুলড'জাৰ আহি পোৱাৰ আগতে ভাঙি লৈ গ'ল দোকান; কলগাছিয়াত উচ্ছেদ অভিযান
কলগাছিয়াত গড়কাপ্তানী পথৰ কাষত প্ৰশাসনৰ উচ্ছেদ অভিযান । গড়কাপ্তানী বিভাগৰ ৰাস্তাৰ মাটি বেদখল কৰি একাংশ লোকে অবৈধভাৱে নিৰ্মাণ কৰিছিল দোকান গৃহ ।

Published : August 27, 2026 at 9:44 PM IST
জনীয়া : কলগাছিয়াত গড়কাপ্তানী পথৰ কাষত প্ৰশাসনৰ উচ্ছেদ অভিযান । লোক নিৰ্মাণ বিভাগৰ অধীনৰ ৰাস্তাৰ মাটি বেদখল কৰি একাংশ লোকে অবৈধভাৱে নিৰ্মাণ কৰিছিল দোকান গৃহ । ফলত পথটো সংকুচিত হোৱাৰ লগতে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীকে ধৰি বিভিন্ন যান-বাহনৰ যাতায়াতৰ ক্ষেত্ৰত তীব্ৰ সমস্যাৰ সৃষ্টি হৈছিল ।
পূৰ্বতে প্ৰশাসনে বেদখলমুক্ত কৰাৰ বাবে জাননী জাৰি কৰাৰ পিছত বৃহস্পতিবাৰে উচ্ছেদ অভিযান আৰম্ভ হয় । বুলড'জাৰ লৈ জিলা প্ৰশাসনৰ লোক উপস্থিত হোৱাৰ লগে লগে অৱশ্যে বহু লোকে নিজেই অবৈধভাৱে নিৰ্মাণ কৰা দোকান গৃহসমূহ ভাঙি সামগ্ৰীসমূহ আঁতৰাই নিয়ে ।
উল্লেখ্য যে কলগাছিয়াৰ গড়কাপ্তানী বিভাগৰ পথৰ কাষত দীৰ্ঘদিন ধৰি বেদখলৰ অভিযোগ উত্থাপিত হৈ আহিছিল । অভিযোগ অনুসৰি, চৰকাৰী ৰাস্তাৰ মাটি বেদখল কৰি একাংশ লোকে দোকান গৃহ নিৰ্মাণ কৰিছিল । বিশেষকৈ কলগাছিয়া পিডব্লিউডি আইভিৰ পৰা চিনেমাহল মাৰ্কেটলৈ যোৱা পথটোত এই বেদখলৰ ফলত যাতায়াত ব্যৱস্থাত সমস্যাৰ সৃষ্টি হৈছিল ।
পথৰ কাষত অবৈধভাৱে দোকান গৃহ নিৰ্মাণ হোৱাৰ ফলত ৰাস্তাৰ প্ৰস্থ সংকুচিত হৈছিল । ফলত সাধাৰণ যান-বাহনৰ লগতে জৰুৰীকালীন সেৱাৰ গাড়ী চলাচলতো সমস্যাৰ সৃষ্টি হৈছিল । বিশেষকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী যাতায়াতৰ ক্ষেত্ৰত যান-জঁট আৰু বাধাৰ সৃষ্টি হোৱাৰ অভিযোগ আছিল ।
এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে পথটো বেদখলমুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । ইয়াৰ পূৰ্বে অবৈধভাৱে স্থাপিত দোকান গৃহসমূহ আঁতৰাই নিয়াৰ বাবে সংশ্লিষ্ট লোকসকললৈ জাননী জাৰি কৰা হৈছিল । জাননী অনুসৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত দোকান গৃহসমূহ আঁতৰাই নিনিয়াৰ পিছত বৃহস্পতিবাৰে প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰে ।
অভিযান চলোৱাৰ সময়ত বুলড'জাৰ লৈ প্ৰশাসনৰ দল উপস্থিত হয় । প্ৰশাসনৰ উচ্ছেদ অভিযান আৰম্ভ হোৱাৰ লগে লগে বহু দোকানৰ মালিকে নিজেই দোকান গৃহ ভাঙি সামগ্ৰী আঁতৰাই নিয়ে ।
জানিব পৰা মতে অঞ্চলটোত মুঠ ২৪ খনকৈ দোকান গৃহ অবৈধভাৱে নিৰ্মাণ কৰা হৈছিল । এই সন্দৰ্ভত অতিৰিক্ত জিলা আয়ুক্তই কয়, "পুলিচ পইণ্টৰ পৰা আইবিলৈকে এইটো ৰাজ্যিক আমি মুকলি কৰিছোঁ । এইটো স্থানত ৪৪ খন দোকান আছিল । সেইবোৰ পিডব্লিউডি ফুটপাথত আছিল স্থায়ী নিৰ্মাণ কাৰ্য কৰি । এইটো স্থানতো ২৪ খন দোকান আছিল, আইবি ৰোডৰ পৰা হল মাৰ্কেটলৈকে । আজিৰ পৰা ১৫-২০ দিন আগতে আমাৰ যিসকল দোকানী আছিল ইয়াতে তেওঁলোকক আমাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা জাননী জাৰি কৰা হয় । তাৰ পিছত তেওঁলোকে নিজেই ভাঙি লৈ গৈছিল ।"
তেওঁ লগতে কয়, "এইটো স্থানতো আমাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা পিডব্লিউডি ৰিকুইজিচন মতে জাননী দিয়া হৈছিল । তেওঁলোকেও যোৱা তিনি-চাৰিদিনত ভাঙি লৈ গুচি গ'ল । ২৬ তাৰিখে চক্ৰ বিষয়া কাৰ্যালয়ত আমাৰ অ'চি ছাৰ, ডিএছপি, চক্ৰ বিষয়া আৰু মই আছিলোঁ, গোটেইখিনি দোকানী তাত আছিল । তেওঁলোকৰ লগত আমি বিশদভাৱে আলোচনা কৰি তেওঁলোককো বিশদভাৱে বুজাই দিলোঁ যে আপোনালোকে নিজে ভাঙি লৈ যাওক । নহ'লে আমি মেচিনাৰী লগাই ভাঙিলে আপোনালোকৰ লোকচান হ'ব ।"
অভিযানৰ সময়ত অতিৰিক্ত জিলা আয়ুক্ত, চক্ৰ বিষয়া তথা কাৰবাৰী উন্নয়ন সংস্থাৰ সভাপতি উপস্থিত থাকে । আনহাতে, প্ৰশাসনৰ উপস্থিতিত শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান চলোৱা হয় । প্ৰশাসনৰ এই উচ্ছেদ অভিযানৰ মূল উদ্দেশ্য হৈছে চৰকাৰী পথৰ মাটি বেদখলমুক্ত কৰি পথটো যাতায়াতৰ উপযোগী কৰি তোলা । ইফালে কলগাছিয়াত প্ৰশাসনৰ উচ্ছেদ অভিযানৰ পিছত গড়কাপ্তানী পথৰ বেদখলমুক্তকৰণক কেন্দ্ৰ কৰি ব্যাপক চৰ্চা হৈছে ।
পথৰ কাষত নিৰ্মাণকাৰ্য তথা অন্যান্য কাৰ্যকলাপৰ বাবে চৰকাৰী নিয়ম
উল্লেখ্য যে অসমত লোক নিৰ্মাণ বিভাগ (পূৰ্বৰ গড়কাপ্তানী বিভাগ, PWD) বা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত যিকোনো ধৰণৰ নিৰ্মাণকাৰ্য, ছাইনবোৰ্ড লগোৱা বা ব্যৱসায়িক প্ৰতিষ্ঠান গঢ়ি তোলাৰ বাবে নিৰ্দিষ্ট চৰকাৰী নিয়ম আছে । অসম গড়কাপ্তানী (পথ উন্নয়ন আৰু পথ পৰিবহণ নিয়ন্ত্ৰণ) আইন, ২০১০ আৰু শেহতীয়া চৰকাৰী নিৰ্দেশনা অনুসৰি এই নিয়ম বলৱৎ কৰা হৈছে ।
- এই নিয়ম অনুসৰি যিকোনো গড়কাপ্তানী পথ বা ঘাইপথৰ মধ্যৱৰ্তী স্থানৰ পৰা নিৰ্দিষ্ট দূৰত্ব এৰিহে ঘৰ বা ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণ কৰিব পাৰি ।
- অৱশ্যে পথৰ শ্ৰেণীবিভাজন যেনে ৰাষ্ট্ৰীয় ঘাইপথ, ৰাজ্যিক ঘাইপথ আৰু জিলা সংযোগকাৰী পথসমূহৰ বাবে এই দূৰত্ব পৃথক । সাধাৰণতে পথৰ কাষত ভৱিষ্যতে হ’বলগীয়া সম্প্ৰসাৰণ আৰু পানী নিষ্কাশনৰ বাবে নলা নিৰ্মাণৰ ক্ষেত্ৰত নিৰ্দিষ্ট ভূমি 'ৰাইট অব ৱে' (Right of Way) হিচাপে সংৰক্ষিত থাকে ।
- ইয়াৰ উপৰি গড়কাপ্তানী পথৰ কাষত কোনো স্থায়ী গৃহ, দোকান, পেট্ৰ’ল পাম্প বা উদ্যোগ আদি গঢ়িবলৈ বিভাগীয় কৰ্তৃপক্ষৰ পৰা আপত্তিবিহীন প্ৰমাণ-পত্ৰ (NOC) লোৱাটো বাধ্যতামূলক ।
- নগৰ বা পৌৰসভা অঞ্চলৰ বাহিৰৰ অঞ্চলত এনেধৰণৰ নিৰ্মাণৰ বাবে সংশ্লিষ্ট গড়কাপ্তানী সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ ওচৰত আবেদন কৰিব লাগে ।
- ইফালে পথৰ কাষত কোনো ব্যৱসায়িক বিজ্ঞাপন, হৰ্ডিং বা ছাইনবোৰ্ড লগাবলৈ হ’লে ইণ্ডিয়ান ৰোড কংগ্ৰেছৰ (IRC) নিৰ্দেশনা অনুসৰি অনুমতি ল’ব লাগে ।
- তদ্ৰুপ চালকৰ দৃষ্টি আকৰ্ষণ কৰি দুৰ্ঘটনা সংঘটিত কৰিব পৰা স্থানত বা তীব্ৰ বেগেৰে গাড়ী চলা পথৰ কাষত অনুমতি অবিহনে কোনো ছাইনবোৰ্ড লগোৱাটো নিষিদ্ধ ।
- ইয়াৰ উপৰি গড়কাপ্তানী পথৰ কাষেৰে বা তলেৰে পানীৰ পাইপ বহুৱাবলৈ বা বিদ্যুতৰ কেব'ল/অপটিকেল ফাইবাৰ নিবলৈ হ’লে গড়কাপ্তানী বিভাগৰ পৰা আগতীয়া অনুমতি ল’ব লাগে ।
- আনহাতে, পথৰ কাষৰ নিৰ্মাণকাৰ্যই যাতে কোনো কাৰণতে পথৰ স্বাভাৱিক পানী নিষ্কাশন নলা অৱৰোধ নকৰে তাৰ প্ৰতি মনোযোগ দিব লাগে । নলা বন্ধ কৰি বা পথলৈ পানী এৰি দি কৰা নিৰ্মাণকাৰ্যক অবৈধ হিচাপে গণ্য কৰা হয় ।
গড়কাপ্তানী পথৰ পৰা কিমান দূৰৈত নিৰ্মাণকাৰ্য কৰিব পাৰি
Assam Public Works Act 2010 আৰু ঘাইপথ নিৰ্দেশনা অনুসৰি, পথৰ সোঁমাজৰ পৰা দুয়োকাষে এক নিৰ্দিষ্ট দূৰত্বলৈকে কোনো স্থায়ী ঘৰ-দুৱাৰ বা ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণ কৰিব নোৱাৰি । ইয়াক 'বিল্ডিং লাইন' (Building Line) বা নিয়ন্ত্ৰিত প্ৰস্থ বুলি কোৱা হয় ।
পথৰ শ্ৰেণী অনুসৰি পথৰ সোঁমাজৰ পৰা ন্যূনতম দূৰত্ব হৈছে:
| পথৰ শ্ৰেণী | দূৰত্ব |
| ৰাষ্ট্ৰীয় ঘাইপথ | ৩০-৬০ মিটাৰ |
| ৰাজ্যিক ঘাইপথ | ২৫-৪০ মিটাৰ |
| প্ৰধান জিলা পথ | ১৫-২৫ মিটাৰ |
| অন্যান্য জিলা পথ | ১৫-২০ মিটাৰ |
| গ্ৰাম্য পথ | ৯-১৫ মিটাৰ |

