ETV Bharat / state

বুঢ়াচাপৰি অভয়াৰণ্যত ৬,২০০ বিঘা মাটিত বেদখল, চলিল প্ৰশাসনৰ বুলড'জাৰ

৭১০ টা পৰিয়ালৰ অবৈধ বসতি বুঢ়াচাপৰি অভয়াৰণ্যত । উচ্ছেদ কৰিলেও বিজেপি ত্য়াগ নকৰে উচ্ছেদিতই ।

Eviction drive at Burhachapori Wildlife Sanctuary
বুঢ়াচাপৰি অভয়াৰণ্যত চলিল প্ৰশাসনৰ বুলড'জাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 5, 2026 at 7:41 PM IST

3 Min Read
Choose ETV Bharat

তেজপুৰ : শোণিতপুৰ জিলাৰ বুঢ়াচাপৰি অভয়াৰণ্যত চলিল উচ্ছেদ অভিযান ৷ উচ্ছেদ অভিযান চলালে শোণিতপুৰ জিলা প্ৰশাসনে ৷ বুঢ়াচাপৰি অভয়াৰণ্যৰ প্ৰায় ৬,২০০ বিঘা মাটি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে এই উচ্ছেদ অভিযান চলোৱা হৈছে । প্ৰশাসনৰ তথ্য অনুসৰি প্ৰায় ৭১০ টা পৰিয়ালে অবৈধভাৱে বসতি স্থাপন কৰি ৬,২০০ বিঘা ভূমি দখল কৰি আছিল ।

দুদিনীয়া অভিযানত এই ভূমি উচ্ছেদ চলাই মুক্ত কৰিব প্ৰশাসনে ৷ শোণিতপুৰৰ জিলা আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষক উচ্ছেদস্থলীত উপস্থিত থাকি বুঢ়াচাপৰিত প্ৰথম দিনাৰ অভিযান সম্পূৰ্ণ কৰে ৷ পুৱা ৯ বজাৰ পৰা আৰম্ভ হয় এই অভিযান ৷ বন্যপ্ৰাণীৰ বাবে সংৰক্ষিত অভয়াৰণ্যখনত একাংশ সন্দেহজনক লোকে বসতি স্থাপন কৰি দীৰ্ঘদিনে কৃষিকৰ্ম কৰি আহিছিল ৷ আজি বুলড'জাৰৰে ৭১০ টা সন্দেহজনক পৰিয়ালৰ গৃহ উচ্ছেদ কৰা হয় ।

বুঢ়াচাপৰি অভয়াৰণ্যত চলিল প্ৰশাসনৰ বুলড'জাৰ (ETV Bharat Assam)

শোণিতপুৰ জিলাৰ তেজপুৰ সদৰ আৰু ঢেকিয়াজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত বুঢ়াচাপৰি অভয়াৰণ্যৰ অন্তৰ্গত জামুকতল, আৰিমাৰী, চিয়ালীচৰ, বাঘেটাপু, গলটিডুবি, লাঠিমাৰী, কুন্ডুলীচৰ, পূব ডুব্ৰামাৰী আৰু বাতলিচৰ অঞ্চলত অবৈধভাৱে বসবাস কৰা ৭১০টা পৰিয়ালক উচ্ছেদ কৰি ৬,২০০বিঘা মাটি বেদখলমুক্ত কৰা হ'ব বুলি জানিব পৰা গৈছে । শোণিতপুৰৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ লগতে শোণিতপুৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ উপস্থিতিত আজি উচ্ছেদ অভিযানত ৩০০ৰো অধিক আৰক্ষীৰ লোক মোতায়েন কৰা হয় । লগতে ৩৬খন এক্সকেভেটৰ, ৬০খন ট্ৰেক্টৰ ব্যৱহাৰ কৰে ।

জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে এই অভিযান কাইলৈ সম্পূৰ্ণ হ'ব বুলি জানিবলৈ দিছে । আনহাতে উচ্ছেদৰ সময়ত একাংশ লোকে আৰক্ষীৰ ওপৰত খড়্গহস্ত হৈ লাঠীৰ লগতে বিভিন্ন সামগ্ৰীৰ আক্ৰমণ চলাবলৈ চেষ্টা কৰে যদিও প্ৰশাসনে নিয়ন্ত্ৰণ কৰে । এই সন্দৰ্ভত এগৰাকী মহিলাই কয়,"আমি সময় নাপালো । খালি কৰিবলৈ প্ৰশাসনে উচ্ছেদৰ বাবে পত্ৰ প্ৰেৰণ কৰিছিল ।" আন এজন উচ্ছেদিত লোকে কয়," বিগত প্ৰায় ৩০ বছৰ ধৰি এই ঠাইত বসবাস কৰি আহিছো । আমাক কোনেও আনি বহুওৱা নাই । নিজৰ মাটি-ভেটি নথকা বাবে এই ঠাইত ঘৰ সাজি বসতি স্থাপন কৰিছিলো ।"

Eviction drive at Burhachapori Wildlife Sanctuary
বুঢ়াচাপৰি অভয়াৰণ্যত চলিল প্ৰশাসনৰ বুলড'জাৰ (ETV Bharat Assam)

উচ্ছেদ কৰিলেও বিজেপি ত্য়াগ নকৰে :

আন এজনে কয়," আমি বিজপিৰ মানুহ । আমাৰ ইয়াত বিজেপি দলৰ কৰ্মী আছে । আগতেও বিজেপি দলত আছিলো আৰু আগলৈও থাকিম । উচ্ছেদ চৰকাৰী নিয়ম অনুসৰি কৰিছে সেয়া কৰিবই । "

আৰক্ষী অধীক্ষকে কি কয় ?

শোণিতপুৰৰ জেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই কয়, "অভিযানত ৩০০ৰো অধিক আৰক্ষীৰ লোক মোতায়েন কৰাৰ লগতে বন বিভাগৰ অধীনত বেদখল কৰি ৰখা ঠাইসমূহ মুক্ত কৰা হয় । কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই ।"

Eviction drive at Burhachapori Wildlife Sanctuary
বুঢ়াচাপৰি অভয়াৰণ্যত চলিল প্ৰশাসনৰ বুলড'জাৰ (ETV Bharat Assam)

ক'ৰ পৰা আহিছে এইসকল বেদখলকাৰী ?

উল্লেখ্য় যে অসমত বিগত ২০২১ বৰ্ষৰ পৰা বিভিন্ন জিলাত বৃহৎ সংখ্যক উচ্ছেদ অভিযান চলি আহিছে । তিনিদিন পূৰ্বে হোজাই জিলাত প্ৰায় ৬০০০ বিঘা চৰকাৰী ভূমিত উচ্ছেদ সম্পন্ন কৰা হয় । ২০২৪ চনৰ ১৮ জুলাইত বুঢ়াচাপৰিত মুঠ ১,৮৯২ হেক্টৰ ভূমিত ২,৫৫৩ টা পৰিয়ালক উচ্ছেদ কৰিছিল ।

লগতে পঢ়ক:উচ্ছেদ চলি থাকিব, কমেও ১২ লাখ বিঘা মাটি বেদখল হৈ আছে: মুখ্যমন্ত্ৰী

তামোলজোপাৰ পৰা বিশাল অট্টালিকালৈকে ঢাঁহিমুহি নিলে বুলড'জাৰে