অসম চৰকাৰে লোৱা ঋণৰ পৰিমাণ ১ লাখ কোটি হ'লেও বিপদসীমাৰ তলত: বিত্তমন্ত্ৰী
অসম চৰকাৰে কোনো অনিয়ন্ত্ৰিত ঋণ গ্ৰহণ কৰা নাই, জিএছডিপিৰ ৩২ শতাংশ সীমাৰ ভিতৰতে ঋণৰ পৰিমাণ ৰাখিছে ৷ বিত্ত মন্ত্ৰীৰ ঘোষণা ৷

Published : July 7, 2026 at 7:33 PM IST
গুৱাহাটী: ৰাজ্যৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কিমান ঋণ ল'লে ? এই বিষয়ে বিৰোধী, সচেতন মহলত চলি থকা চৰ্চাৰ মাজতে ৰাজ্য চৰকাৰে ঋণ লোৱা প্ৰসংগত বিধানসভাৰ মজিয়াত মঙলবাৰে প্ৰশ্ন উত্থাপন কৰে বিধায়ক অখিল গগৈয়ে ৷ মঙলবাৰে বিধায়ক গগৈয়ে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে, অসম চৰকাৰে কোনো অনিয়ন্ত্ৰিত ঋণ গ্ৰহণ কৰা নাই ।
বিধায়ক গগৈৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী বৰুৱাই কয়, "ৰাজ্য চৰকাৰে নিৰ্ধাৰিত জিএছডিপিৰ ৩২ শতাংশ সীমাৰ ভিতৰতে ঋণৰ পৰিমাণ ৰাখিছে ৷ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে মহাগাণনিকে বৰ্তমানো তথ্য প্ৰকাশ কৰা নাই ৷ ইফালে ২০২৬-২৭ বিত্তীয় বর্ষ সম্পূর্ণ নোহোৱা বাবে ২০২৬ চনৰ ৩০ জুনলৈকে মুঠ ঋণৰ প্ৰকৃত তথ্য এই মুহূর্তত প্রদান কৰা সম্ভৱ নহয় ।"

মন্ত্ৰীগৰাকীয়ে সদনত কয়,"মহাগাণনিক অসমৰ ২০২৪-২৫ ৰ তথ্য অনুসৰি ২০২৪-২৫ চনৰ ৩১ মার্চলৈকে অসম চৰকাৰৰ মুঠ ঋণৰ পৰিমাণ হৈছে ১,৬১,৭৬১ কোটি টকা । ২০২৪-২৫ বিত্তীয় বৰ্ষত পুৰণি ঋণৰ সুত পৰিশোধৰ পৰিমাণ একেই অৰ্থাৎ বিত্তীয় বৰ্ষৰ মুঠ ৰাজহ প্ৰাপ্তিৰ ৯.৭৭ শতাংশ । যিকোনো বিত্তীয় বর্ষত অসম চৰকাৰে ভাৰত চৰকাৰৰ অনুমোদন সাপেক্ষে ঋণ গ্রহণ কৰে । 'কেগ'ৰ শেহতীয়া প্ৰতিবেদনত (২০২৪-২৫ বিত্তীয় বৰ্ষ)ৰ কোনো অনুচ্ছেদত অসম চৰকাৰে লোৱা ঋণক অনিয়ন্ত্রিত হিচাবে উল্লেখ কৰা হোৱা নাই ।"
তেওঁ লগতে কয়,"কেগৰ ৰাজ্যিক বিত্তীয় তথ্য ২০২৪-২৫ৰ অনুচ্ছেদ ১.৭-ত উল্লেখ কৰা হৈছে যে, ২০২০-২১ৰ পৰা ২০২৪-২৫ বিত্তীয় বর্ষলৈকে ঋণৰ জিএছডিপিৰ অনুপাত বৃদ্ধি পালেও, ২০২০-২১ আৰু ২০২১-২২ বিত্তীয় বৰ্ষত ই এএফআৰবিএমত নির্ধাৰিত ২৮.৫ শতাংশ সীমাৰ ভিতৰত আছিল । তদুপৰি এএফআৰবিএম (সংশোধনী) আইন, ২০২২ অনুসৰি ২০২২-২৩ৰ পৰা ২০২৪-২৫ বিত্তীয় বর্ষলৈকে নিৰ্ধাৰিত জিএছডিপিৰ ৩২ শতাংশ সীমাৰ ভিতৰতে অসম চৰকাৰৰ ঋণ অব্যাহত আছে । গতিকে অসম চৰকাৰে লোৱা ঋণ অনিয়ন্ত্রিত হোৱাৰ প্ৰশ্নই উত্থাপন নহয় ।"
লগতে পঢ়ক: অসমত ড্ৰাগছৰ ভয়াৱহ ৰূপ: সদনত তথ্য দিলে মন্ত্রী পীযুষ হাজৰীকাই

