এনএছএৰ পৰা মুক্ত হ'লেও মুকলি আকাশৰ তললৈ আহিব নোৱাৰিব অমৃতপাল !
ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত পঞ্জাব আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা । ডিব্ৰুগড় ন্যায়ালয়তো অমৃতপালৰ বিৰুদ্ধে ৰুজু হৈ আছে গোচৰ ।

Published : April 22, 2026 at 8:02 PM IST
ডিব্ৰুগড় : ৱাৰিছ পঞ্জাব দে'ৰ মুৰব্বী অমৃতপাল সিঙৰ বুধবাৰে অন্ত পৰিব এনএছএৰ (NSA) ম্যাদ । ২০২৩ চনৰ ২৩ এপ্ৰিলৰ পৰা ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত দিন পাৰ কৰা অমৃতপাল সিঙৰ ম্যাদ ২২ এপ্ৰিলৰ নিশা ১১.৫৯ বজাত শেষ হ'ব ।
কিন্তু এনএছএৰ ম্যাদৰ অন্ত পৰিলেও কাৰাবন্দী জীৱন শেষ নহ'ব ৱাৰিছ পঞ্জাব দে'ৰ মুৰব্বী অমৃতপাল সিঙৰ । পঞ্জাব উচ্চ ন্যায়ালয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ ধাৰা অমৃতপালৰ ওপৰত পুনৰ বাহল নকৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে ।
সেই অনুযায়ী ২০২৩ চনৰ পৰা ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ হোৱা অমৃত পালৰ এনএছএৰ ম্যাদ বুধবাৰে উকলিব ।
অমৃতপালৰ নেতৃত্বৰ ৱাৰিছ পঞ্জাব দে'ৰ পঞ্জাবৰ আজনালাত বিদ্ৰোহী কাৰ্যকলাপ সংঘটিত কৰাৰ অভিযোগত প্ৰথমাৱস্থাত অমৃতপালৰ ওপৰত ২০২৫ চনলৈ দুবছৰলৈকে এনএছএৰ ধাৰা প্ৰয়োগ কৰা হৈছিল । ইয়াৰ পাছত পুনৰ আৰু এবছৰলৈ সেই ম্যাদ বৃদ্ধি কৰা হৈছিল । যাৰ ম্যাদ ২২ এপ্ৰিলৰ নিশা ১১.৫৯ বজাত শেষ হ'ব । কিন্তু ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত তেওঁক পঞ্জাব আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে ।
ইতিমধ্যে ডিব্ৰুগড়ত আহি বাহৰ পাতিছে পঞ্জাব আৰক্ষীৰ এটা শীৰ্ষ দল । বুধবাৰে কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হয় পঞ্জাব আৰক্ষীৰ দলটো । এনএছএৰ ম্যাদ শেষ হোৱাৰ লগে লগেই ডিব্ৰুগড় কেন্দ্রীয় কাৰাগাৰতেই পঞ্জাব আৰক্ষীয়ে তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে । যাৰবাবে ইতিমধ্যে ডিব্ৰুগড়ত আহি বাহৰ পাতিছে পঞ্জাব আৰক্ষীৰ এটা শীৰ্ষ দল ।
ইয়াৰ ওপৰি ডিব্ৰুগড় ন্যায়ালয়তো অমৃতপালৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ আছে । কেন্দ্রীয় কাৰাগাৰত থকা কালছোৱাতে ২০২৪ চনৰ ১৭ ফেব্রুৱাৰীত অমৃতপালৰ কুঠৰীত চিচিটিভি কেমেৰাকে ধৰি বিভিন্ন ইলেক্ট্ৰ'নিক ডিভাইচ ৰহস্যজনকভাৱে উদ্ধাৰ হৈছিল । যাৰ বিৰুদ্ধে তদানীন্তন ডিব্ৰুগড় কাৰাগাৰৰ অধীক্ষকে এক গোচৰো তৰিছিল ।
উক্ত গোচৰৰ প্ৰক্ৰিয়াও ডিব্ৰুগড় ন্যায়ালয়ত চলি আছে । অতি গুৰুত্বপূৰ্ণ বিষয়টো হ'ল, এই ঘটনাৰ তদন্তৰ পাছত গ্ৰেপ্তাৰ হ'বলগীয়া হৈছিল ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষকগৰাকীও । এনেবোৰ কাৰণতে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ওলাই যোৱাৰ সম্ভাৱনা কম আছে অমৃতপাল সিঙৰ ।
জানিব পৰা অনুসৰি, বুধবাৰে নিশা ১১.৫৯ বজাত এনএছএৰ ম্যাদ শেষ হোৱাৰ পাছত আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত অমৃত পালক পঞ্জাব আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰি চিকিৎসালয়লৈ নি ডিব্ৰুগড় ন্যায়ালয়ত হাজিৰ কৰোৱাৰ সম্ভাৱনা আছে । অৱশ্যে পঞ্জাব আৰক্ষীয়ে বুধবাৰে সন্ধিয়ালৈকে সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ তথ্য দাঙি ধৰা নাই । গতিকে অমৃতপালক লৈ সৃষ্টি হোৱা সকলো জল্পনা-কল্পনা আগন্তুক এটা দিনৰ ভিতৰত স্পষ্ট হৈ পৰিব ।

