ETV Bharat / state

উচ্ছেদৰ জাননীৰ সময় উকলি যোৱাৰ পিছতো ব্য়ৱসায়ীয়ে খালী কৰা নাই পদপথ

পথৰ ওপৰত নিৰ্মাণ কৰা দোকান উচ্ছেদ কৰি যান-জঁটমুক্ত কৰিবলৈ দাবী জনাইছে ৰাইজে ।

Encroachment in Kalgachia
কলগাছিয়াত পদপথৰ ওপৰতেই সাজিছে ব্য়ৱসায়িক প্ৰতিষ্ঠান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 28, 2026 at 2:28 PM IST

3 Min Read
Choose ETV Bharat

জনীয়া: বৰপেটা জিলাৰ কলগাছিয়াত পদপথৰ ওপৰতেই সাজিছে ব্য়ৱসায়িক প্ৰতিষ্ঠান । বিগত সময়ত একাংশ ব্য়ৱসায়ীয়ে এইদৰে বেদখল কৰি দোকান গৃহ নিৰ্মাণ কৰাৰ ফলত যাতায়তৰ ক্ষেত্ৰত ৰাইজে সমস্য়াৰ সন্মুখীন হ'বলগীয়া হৈছে ।

দীৰ্ঘদিনীয়া এনে সমস্য়াৰ পৰা পৰিত্ৰাণ বিচাৰি ৰাইজে শীঘ্ৰে পথৰ ওপৰত নিৰ্মাণ কৰা দোকান উচ্ছেদ কৰি যান-জঁটমুক্ত কৰিবলৈ দাবী জনাইছে । ইপিনে,ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই প্ৰশাসনে উচ্ছেদ কৰিবলৈ দিয়া জাননীৰ সময় উকলি যোৱাৰ পিছতো খালী কৰা নাই পদপথ । উচ্ছেদ কাৰ্য ৰহস্যজনকভাৱে বন্ধ হৈ থকাত ৰাইজৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ।

কলগাছিয়াত পদপথৰ ওপৰতেই সাজিছে ব্য়ৱসায়িক প্ৰতিষ্ঠান (ETV Bharat Assam)

উল্লেখ্য় যে জিলাখনৰ কলগাছিয়া চাৰিআলিৰ পৰা লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন বঙলালৈ যোৱা পথটোৰ উত্তৰ অংশৰ পদপথ বেদখল কৰি একাংশ ব্য়ৱসায়ীয়ে দোকান গৃহ নিৰ্মাণ কৰাৰ ফলত সঘনাই সৃষ্টি হয় যান-জঁট । কলগাছিয়া চাৰিআলি চ'কত মোল্লা নিউজ কৰ্ণাৰ, চিপিআইএমৰ কাৰ্যালয়, এআইইউডিএফ দলৰ কাৰ্যালয়কে ধৰি একাংশ লোকে পকী গৃহ নিৰ্মাণ কৰি ৰাস্তা সংকুচিত কৰি ৰাখিছে । ফলত তীব্ৰ যান-জঁটৰ সম্মুখীন হয় ৰাইজ ।

Encroachment in Kalgachia
কলগাছিয়াত পদপথৰ ওপৰতেই সাজিছে ব্য়ৱসায়িক প্ৰতিষ্ঠান (ETV Bharat Assam)

আনহাতে বৰপেটা অসামৰিক চিকিৎসালয়লৈ যোৱা ৰাস্তাৰ কাষত থকা নলা বন্ধ কৰি নলাৰ ওপৰত দোকানৰ বাৰাণ্ডা নিৰ্মাণ কৰাত সৃষ্টি হৈছে সমস্যাৰ । চৰকাৰী ৰাস্তা বেদখল কৰি একাংশই দোকান দিয়া বাবে প্ৰত্যেক দিনাই কলগাছিয়া চাৰিআলিৰ পৰা বৰপেটা অসামৰিক চিকিৎসালয় পথত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়। ফলত যাতায়াতৰ ক্ষেত্ৰত ব্যাহত হৈ পৰে ১০৮ এম্বুলেঞ্চ সেৱাৰ লগতে শ শ বাহন ।

কলগাছিয়াত পদপথৰ ওপৰতেই সাজিছে ব্য়ৱসায়িক প্ৰতিষ্ঠান (ETV Bharat Assam)

এই সন্দৰ্ভত এজন স্থানীয় ব্য়ক্তিয়ে কয়, "ৰাইজে সমস্য়াৰ সন্মুখীন হৈছে । জৰুৰীকালীনভাৱে হাস্পতাললৈ নিবলগীয়া হ'লে যান-জঁটৰ বাবে ৰোগীক সময়মতে নিয়াটো অসম্ভৱ হৈ পৰিছে । ৰাইজৰ অসুবিধা কৰি ব্য়ক্তিগত মুনাফা লাভৰ বাবে পথৰ ওপৰতে দোকান আদি নিৰ্মাণ কৰিব নালাগে । এয়া ভাল কাম হোৱা নাই । জাননী দিয়াৰ পিচতো প্ৰশাসনে কিয় উচ্ছেদ চলোৱা নাই তাকলৈ ৰাইজৰ মাজত সন্দেহৰ সৃষ্টি হৈছে । প্ৰশাসনে শীঘ্ৰে উচ্ছেদ চলাব লাগে ।"

এইদৰে চৰকাৰী পথ বেদখল কৰি দোকান কৰাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰি আন এজন স্থানীয় ব্য়ক্তিয়ে কয়, "যোৱা ৩ জুনত দোকানসমূহ বেদখলমুক্ত কৰাৰ বাবে প্ৰশাসনে জাননী জাৰি কৰি এসপ্তাহ সময় দিছিল যদিও ৰহস্যজনকভাৱে আজি ১৩ দিন পাৰহৈ যোৱাৰ পিছতো খালী হোৱা নাই পদপথসমূহ । গাড়ী-মটৰ আদিৰ সংখ্যা বৃদ্ধি পাইছে যদিও পথ বহল হোৱা নাই আৰু সেইবাবে যান-জঁটৰ সৃষ্টি হয় ।"

লগতে পঢ়ক:পৰিৱেশ অনুকূল হ'লেও পৰিস্থিতি প্ৰতিকূল হৈ পৰিছে ই-ৰিক্সা: তিনিচুকীয়াত পৰিবহণ বিভাগৰ অভিযান

গুৱাহাটীত যান-বাহন আইন উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী