হাতী-মানুহৰ সংঘাত নহয়, সহাৱস্থানে আপোনাৰো দৃষ্টি আকৰ্ষণ কৰিব !
গোলাঘাটত হাতী-মানুহৰ সংঘাত কোনো নতুন কথা নহয় ৷ কিন্তু তাৰ বিপৰীত ছবি এখন গাঁৱত ।

Published : November 2, 2025 at 8:53 PM IST
গোলাঘাট: গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনে অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ । বিশেষকৈ বনাঞ্চলসমূহ সংকুচিত হৈ অহাৰ ফলত ব্যাপক খাদ্যৰ সংকটত পৰিছে বন্যহস্তীৰ লগতে অন্য জীৱ-জন্তু ।
এনে পৰিপ্ৰেক্ষিতত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহি বন্যজন্তুৱে জনাঞ্চলত প্ৰৱেশ কৰি সৃষ্টি কৰি আহিছে সন্ত্ৰাসৰ । কিন্তু ইয়াৰ মাজতে কিছুদিনৰ পূৰ্বে সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ'ই সকলোকে আচৰিত কৰি তুলিছে ।
গোলাঘাট জিলাৰ মৰঙী মৌজাৰ অন্তৰ্গত চুমনি গাঁৱৰ দৃশ্য দেখি আপুনিও আচৰিত হ'ব । কাৰণ চোতালত শিপিনীয়ে সূতা কাটি থকাৰ সময়তে সন্মুখৰ পথেৰে পাৰ হৈ গৈছে বন্যহস্তীৰ জাক । এই দৃশ্য দেখি অনুমান কৰিব পাৰি যে এতিয়া মানুহৰ সৈতে সহাৱস্থান কৰিবলৈ বাধ্য হৈছে বন্যহস্তী ! যি সময়ত গাঁৱৰ পথত বন্যহস্তীৰ জাক দেখিলে যাঠি-জোং লৈ একাংশ লোকে খেদিবলৈ ওলাই আহে, ঠিক তেনে সময়তে সন্মুখৰ পথেৰে হাতীৰ জাকটোৱে পাৰ হৈ যোৱাত চোতালত বিনা সংকোচে সূতা কাটি থকাৰ দৃশ্যই সকলোকে আচৰিত কৰি তুলিছে ।
এই সন্দৰ্ভত শিপিনী অনিতা দাসে কয়, "আমাৰ এই ফালেদি হাতী অহা-যোৱা কৰিয়ে থাকে । আমি ওচৰতে থাকো । তেওঁলোকে তেওঁলোকৰ পথেৰে গৈ থাকে আমি আমাৰ কাম কৰি থাকো । বৰ্তমান আমি হাতী মানুহে একেলগে বসবাস কৰি থকাৰ দৰেই হৈছে । কেতিয়াবা দিনৰ ভাগতো ওলাই আহে আৰু আমাৰ ল'ৰা-ছোৱালী বাহিৰত খেলা-ধূলা কৰি থাকে । সেইদিনা তাঁতখন উলিয়াই লোৱাৰ পাছত হঠাতে হাতীৰ জাকটো ওলাই আহিল ৷ তাৰ পাছত তেওঁলোকে নিজৰ পথত গৈ আছে আৰু আমিও আমাৰ নিজৰ কাম কৰি আছোঁ ।"

এই সম্পৰ্কে আন এগৰাকী শিপিনী জুলি দাসে কয়, "হাতী আমাৰ এই ফালেদি অহা-যোৱা কৰি থাকে । পুৱাৰ ভাগত ওলাই আহে আকৌ গধূলি সোমাই যায় । হাতীৰ বাবে আমি অলপ সতৰ্ক হৈ থাকোঁ । সেইদিনা তাঁতশাল লগোৱাৰ পাছত প্ৰথমে ৪-৫ টাৰ হাতীৰ জাক পাৰ হৈ গৈছে, তাৰ পাছত আকৌ এটা আৰু তাৰ পাছত আকৌ এটা জাক আহিছে । আমাৰ অঞ্চলত হাতী খেদিবলৈ ওলাই নাহে । বিগত ১৫ বছৰৰ পৰা ইয়াত আছোঁ যদিও আজিলৈকে আমাক কোনোধৰণৰ অসুবিধা দিয়া নাই । অৱেশ্য কেতিয়াবা অলপ অসুবিধা কৰে । এদিন অকলশৰীয়া হাতী আমাৰ চোতালত সোমাই আহিছিল । তাৰ পিছত মই এখন পিৰা মাৰি দিয়াত আঁতৰি গ'ল । ভয় নালাগে আমাৰ চাই চাই অভ্যাস হৈ গৈছে ।"
দ্বীপন পাল নামৰ এজন স্থানীয় লোকে কয়, "মহিলাসকলে নিজৰ কাম কৰি থাকে আৰু হাতী পাৰ হৈ যায় । দিনে নিশাই আমাৰ অঞ্চলত হাতী অহা-যোৱা কৰি থাকে । মহিলাসকলে চোতালত তাঁতশালত ব্যস্ত থাকে আৰু হাতী পথেৰে গৈ থাকে আৰু আমাৰ চাই চাই অভ্যাস হৈ গৈছে । আমাৰ অঞ্চলত হাতী খেদিবলৈ ওলাই নাহে যাৰ বাবে হাতীয়ে কোনো অসুবিধা নকৰে । খাদ্যৰ অভাৱৰ বাবে হাতীয়ে দিনে নিশাই ঘূৰি থাকিবলগীয়া হৈছে । খাদ্যৰ নাটনি নাইকীয়া হ'লে হাতীয়ে ৰাইজক কোনো অসুবিধা নকৰে । বৰ্তমান বহু বনাঞ্চল আছে আৰু বহু বনাঞ্চল ধ্বংস কৰিছে । বন বিভাগে বনাঞ্চলসমূহক সংৰক্ষণ কৰিলে হাতী কেতিয়াও জনাঞ্চলত প্ৰৱেশ নকৰে ।"

উল্লেখ্য যে বন বিভাগে দিয়া এক তথ্য অনুসৰি গোলাঘাট জিলাত চলিত বৰ্ষত বৰ্তমানলৈ বন্যহস্তীৰ আক্ৰমণত ৭ জনকৈ লোকৰ মৃত্যু হৈছে । ইয়াৰ উপৰিও বৃহত্তৰ মৰঙী মৌজাৰ লধগাও, ১ নং ৰংবং, ৩ নং ৰংবং, ৪ নং ৰংবং, মৰঙী আদি অঞ্চলত হাতীৰ উপদ্ৰৱৰ বাবে বিঘাই বিঘাই কৃষি ভূমি চন পৰি ৰৈছে । এনে এক উদ্বেগজনক পৰিৱেশৰ মাজতে মৰঙীৰ চুমনি গাঁৱৰ হাতী-মানুহৰ সহাৱস্থানৰ বাতৰিয়ে বহুতকে প্ৰভাৱিত কৰিব ।
লগতে পঢ়ক: কাজিৰঙাত ভৰি থৈ অভিভূত ফ্ৰান্সৰ ৰাষ্ট্ৰদূত: হাতীক খুৱালে কল-কুঁহিয়াৰ

