ETV Bharat Impact Story : বাতৰি প্ৰকাশ হোৱাৰ ২৪ঘণ্টা নৌহওঁতেই মহিলা কৃষক কুন্তী বৰাৰ কাষলৈ আহিল নগাঁও জিলা আয়ুক্ত
ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ । কুন্তী বৰাৰ কৃষিকৰ্ম চাবলৈ তেওঁৰ গৃহত উপস্থিত নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ।

Published : June 14, 2026 at 8:28 PM IST
বঢ়মপুৰ : ই টিভি ভাৰতৰ বাবে আন এক ভাল খবৰ ৷ নগাঁৱত ই টিভি ভাৰতৰ এক ইতিবাচক বাতৰিৰ প্ৰভাৱ পৰা দেখা গ’ল ৷ শনিবাৰে ই টিভি ভাৰতত নগাঁও জিলাৰ বঢ়মপুৰৰ কাষৰি গাঁৱৰ আদৰ্শ মহিলা কৃষক কুন্তী বৰাৰ কৃষিকৰ্মৰ বাতৰি প্ৰকাশ হৈছিল ৷ এই বাতৰি প্ৰকাশ হোৱাৰ ২৪ ঘণ্টা নৌহতেই মহিলা কৃষকগৰাকীৰ খবৰ তথা তেওঁৰ কৃষিকৰ্ম বুজ ল’বলৈ নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা কুন্তীৰ ঘৰত উপস্থিত হয় ৷
দেওবাৰে জিলা আয়ুক্তগৰাকী কুন্তী বৰাৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ কৃষিকৰ্ম দেখি আপ্লুত হৈ পৰে ৷ কাষৰি গাঁৱৰ মহিলা কৃষকগৰাকীৰ বাৰীত থকা, আনত দেখা নোপোৱা বিভিন্ন ঔষধি গছ, ফুলৰ বাগিচা, পৰম্পৰাত খেতি দেখি আয়ুক্তগৰাকী অভিভূত হৈ পৰে ৷ অৱসৰ গ্ৰহণৰ পাচত নতুন সপোন দেখা, সেই সপোন বাস্তৱত পৰিণত কৰাৰ বাবে কুন্তী কৰা কৰ্মক নগাঁৱৰ জিলা আয়ুক্তগৰাকীয়ে শলাগ লয় ৷
জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কয়, ‘‘মই বহুবাৰ কুন্তী কৰাৰ কথা শুনিছো ৷ কিন্তু আজি তেওঁৰ ঘৰত উপস্থিত হৈ মই অভিভূত হৈ পৰো ৷ তেওঁৰ বাৰীত আজিকালি সহজে নোপোৱা বিভিন্ন গছ-বন দেখি মই আচৰিত হৈ পৰিছো ৷ মই তেওঁৰ ফুলৰ বাগিচাখনো চালো ৷ ফুল কেৱল সৌন্দৰ্যবৰ্ধনৰ বাবেই নহয়, ইয়াৰ ঔষধি গুণো আছে, তেওঁ কোৱাত আজিহে গম পালো ৷’’

শৰ্মাই লগতে কয়, ‘‘কুন্তী কৰা সদায় সুস্থ থাকক, তেওঁ সদায় এনেদৰে কৰ্ম কৰি যাওঁক আৰু আন দহজনৰ বাবে আদৰ্শ হৈ পৰক, তাৰে কামনা কৰিছো ৷ আমি এতিয়া জানিব পাৰিলো যে তেওঁৰ খেতিত বান্দৰ আহি কিছু অনিষ্ট কৰিছে ৷ আমি এই বান্দৰ ৰোধৰ ক্ষেত্ৰত কিছু ব্যৱস্থা কৰি দিম ৷’’

এফালে আদৰ্শ মহিলা কৃষক কুন্তী বৰাই কয়, ‘‘মই কোনো ফলৰ বাবে এই কাম কৰা নাই ৷ মই মোৰ কাম কৰি গৈ আছো, তেনেদৰে সকলো হৈ গৈ আছে ৷ মোৰ ভাল লাগিছে আজি ছাৰ আমাৰ ঘৰলৈ আহিছে, মোৰ খেতিডৰা চালে ৷’’

স্থানীয় এগৰাকী মহিলাই কয়, ‘‘বাইদেউৱে আমাৰ পৰা বহু ফুলৰ বীজ নি নিজৰ ঘৰৰ বাৰীত ৰুইছে ৷ আমি যেনেকৈ শিকাই দিছো, তেওঁ তেনেকৈ কিছু বীজ ৰোপণ কৰি লাভবান হৈছে ৷’’

