ETV Bharat / state

ETV Bharat Assam Ground Zero Report: ইথানল মিহলি পেট্ৰ'লে সঁচাকৈ আপোনাৰ গাড়ীখনৰ ক্ষতি কৰিছে নেকি ?

ইথানল মিহলি পেট্ৰ'লক লৈ অব্যাহত তীব্ৰ বিতৰ্ক । গুৱাহাটীৰ গাড়ীৰ বিভিন্ন ছাৰ্ভিচ চেণ্টাৰত ইটিভি ভাৰতৰ গ্ৰাউণ্ড জিৰ' ৰিপ'ৰ্ট ।

ETV Bharat Assam's Ground Zero report on ethanol-blended petrol
ইথানল মিহলি পেট্ৰ'লে সচাকৈ আপোনাৰ গাড়ীখনৰ ক্ষতি কৰিব নেকি ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 5, 2026 at 10:09 AM IST

|

Updated : July 5, 2026 at 4:12 PM IST

6 Min Read
Choose ETV Bharat

কুলগীতা সাউদ

গুৱাহাটী: ইথানল মিশ্ৰিত পেট্ৰ'লক লৈ দেশজুৰি সৃষ্টি হোৱা বিভ্ৰান্তি আৰু আতংকৰ প্ৰভাৱ এতিয়া অ'টোমোবাইল খণ্ডতো স্পষ্টভাৱে পৰিলক্ষিত হৈছে । নতুন গাড়ী ক্ৰয় কৰিবলৈ আগ্ৰহী বহু গ্ৰাহক এতিয়া চিন্তিত । আনহাতে, শেহতীয়াকৈ ক্ৰয় কৰা বাহনৰ ইঞ্জিনত বিভিন্ন সমস্যাই দেখা দিছে ।

যোৱা প্ৰায় ছমাহ ধৰি এই সমস্যা চলি আছে যদিও বিগত এমাহত ইয়াৰ মাত্ৰা অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে । কেৱল এটা ছাৰ্ভিচিং চেণ্টাৰত বিগত এমাহত প্ৰায় ৩০ খন এনে সমস্যাযুক্ত গাড়ী মেৰামতিৰ বাবে অহা ঘটনাই ছাৰ্ভিচিং চেণ্টাৰবোৰকো সমস্যাত পেলাইছে ।

ETV Bharat Assam Ground Zero Report
গাড়ী মেৰামতিৰ বাবে অহা ঘটনাই ছাৰ্ভিচিং চেণ্টাৰবোৰকো সমস্যাত পেলাইছে (ETV Bharat Assam)

বাহনসমূহৰ ইঞ্জিন চেক লাইট অন হৈ পৰা, ইঞ্জিনৰ ষ্টাৰ্ট মিছ হ’বলৈ ধৰা, ফুৱেল ইনজেক্টৰ, ফুৱেল ফিল্টাৰ আদিৰ সমস্যাৰ সৃষ্টি হোৱা বাহন মেৰামতিৰ বাবে অহাৰ তথ্য গুৱাহাটী মহানগৰীৰ একাংশ ছাৰ্ভিচিং চেন্টাৰত ইটিভি ভাৰতে চলোৱা এক গ্ৰাউণ্ড জিৰ' ৰিপৰ্টত পোহৰলৈ আহিছে।

এই সন্দৰ্ভত নাম প্ৰকাশত অনিচ্ছুক চুজুকিৰ ছাৰ্ভিচিং চেণ্টাৰ এগৰাকী মেনেজাৰে ইটিভি ভাৰতক এই সন্দৰ্ভত কিছু তথ্য সদৰি কৰে । তেওঁ জনোৱা অনুসৰি, ইথানল মিশ্ৰত পেট্ৰ'লৰ ফলত ছয় মাহৰ পৰা গাড়ীৰ ইঞ্জিনৰ বিভিন্ন সমস্যা আহিছে যদিও বিগত এমাহ ধৰি ইয়াৰ পৰিমাণ বৃদ্ধি পাইছে ।

ETV Bharat Assam Ground Zero Report
নতুন গাড়ী ক্ৰয় কৰিবলৈ আগ্ৰহী বহু গ্ৰাহক এতিয়া চিন্তিত (ETV Bharat Assam)

তেওঁ কয়,"আমাৰ ছাৰ্ভিচিং চেণ্টাৰ লৈ অহা গাড়ীসমূহৰ প্ৰধানকৈ তিনিটা অংশত আটাইতকৈ বেছি বিজুতি আমি দেখিবলৈ পাইছোঁ । বিশেষকৈ ফুৱেল ইনজেক্টৰ, ফুৱেল ফিল্টাৰ, ফুৱেল পাম্প সমস্যাই দেখা দিছে । আমাৰ তালৈ অহা বাহনবোৰ আমি তেলৰ টেংকী পৰিষ্কাৰ কৰি ছাৰ্ভিচিং কৰিবলগীয়া হৈছে । ইনজেক্টৰৰ সমস্যাৰ ফলত গাড়ীখনৰ ইঞ্জিনটো অস্বাভাৱিকভাৱে কঁপি উঠা দেখিবলৈ পোৱা গৈছে ।"

ETV Bharat Assam Ground Zero Report
শেহতীয়াকৈ ক্ৰয় কৰা বাহনৰ ইঞ্জিনত বিভিন্ন সমস্যাই দেখা দিছে (ETV Bharat Assam)

মেনেজাৰগৰাকীয়ে কয়, "আমি ইতিমধ্যে এই সমস্যাবোৰক লৈ কৰ্তৃপক্ষলৈ ইমেইল প্ৰেৰণ কৰি কাৰিকৰী পৰামৰ্শ বিচাৰিছোঁ । কিন্তু বৰ্তমানলৈকে কোম্পানীটোৰ তৰফৰ পৰা কোনো ধৰণৰ নিৰ্দেশনা অহা নাই ।"

তেওঁ লগতে কয়, "১০ দিন পূৰ্বে ক্ৰয় কৰা এখন নতুন গাড়ীৰ ক্ষেত্ৰতো একে ইনজেক্টৰৰ সমস্যা দেখা গৈছে । এনে পৰিস্থিতিত গ্ৰাহকসকলক বুজাবলৈ সমস্যা হৈছে । আমি গ্ৰাহকক প্ৰিমিয়াম পেট্ৰ’ল ব্যৱহাৰৰ পৰামৰ্শ দিছোঁ ।"

আনহাতে কিয়া ছাৰ্ভিচিং চেণ্টাৰৰ নাম প্ৰকাশত অনিচ্ছুক এগৰাকী মেনেজাৰে কয়, "ইথানলযুক্ত পেট্ৰ'লৰ বাবে বিশেষকৈ সাধাৰণ ইঞ্জিনযুক্ত গাড়ীতকৈ ‘টাৰ্বো ইঞ্জিন’ থকা বাহনসমূহত এই সমস্যা আটাইতকৈ বেছি দেখা গৈছে । যোৱা মাহৰ পৰা এই সমস্যা বাঢ়িছে । আমাৰ ছাৰ্ভিচ চেণ্টাৰলৈ ৩০ খন মান গাড়ী আহিছে । বিশেষকৈ ইঞ্জিন চেক লাইটৰ সমস্যা আহিছে । বহু বাহনৰ ষ্টাৰ্ট মিছ হৈছে ।"

তেওঁ কয়, "আগতে এনেকুৱা সমস্যা নাছিল । আমি কিয়ালৈ পৰামৰ্শ বিচাৰি মেইল কৰিছোঁ । বৰ্তমানলৈ কোনো পৰামৰ্শ অহা নাই । এনেকৈ সমস্যা হৈ থাকিলে বিক্ৰীত প্ৰভাৱ পৰিব । গ্ৰাহকৰ সমস্যা হৈছে আৰু আমিও সমস্যাত পৰিছোঁ । গ্ৰাহকক প্ৰিমিয়াম পেট্ৰ'ল ভৰাবলৈ পৰামৰ্শ দিছোঁ ।"

ইফালে গুৱাহাটীৰ হ'ণ্ডাই ছাৰ্ভিচিং চেণ্টাৰৰ মেনেজাৰে জনোৱা অনুসৰি, "ইথানল মিশ্ৰিত পেট্ৰ'লৰ বাবে সমস্যা হোৱা বাহন আমি বিশেষ পোৱা নাই । ২০১২ চনৰ পৰা নিৰ্মিত হ'ণ্ডাইৰ বাহনসমূহ ইথানল মিশ্ৰিত ইন্ধন ব্যৱহাৰৰ উপযোগী হিচাপে প্ৰস্তুত কৰা হৈছে । ইথানলক লৈ মানুহ অলপ বেছি আতংকিত হৈছে । কোম্পানীৰ ফালৰ পৰা যদি কিবা বিশেষ নিৰ্দেশনা আহে, তেতিয়াহে আমি সেই বিষয়ে গ্ৰাহকক অৱগত কৰিম ।"

আনহাতে, এখন বাজাজ ছাৰ্ভিচিং চেণ্টাৰৰ এজন টেকনিচিয়ানে জনোৱা মতে,"ছাৰ্ভিচিঙলৈ অহা প্ৰায় ১০০ খন বাইকৰ ভিতৰত প্ৰায় ১০ খনত ষ্টাৰ্ট দিয়াত অসুবিধা হোৱা দেখা গৈছে । তদুপৰি মাইলেজৰ সমস্যা দেখা দিছে । এই সমস্যাৰ এটা কাৰণ ইথানলযুক্ত পেট্ৰ'ল ব্যৱহাৰ । ইথানল মিশ্ৰিত পেট্ৰ'ল ব্যৱহাৰ আৰম্ভ হোৱাৰ পিছৰে পৰা এনে সমস্যা বৃদ্ধি পাইছে ।"

মহানগৰীৰ স্কোডা ছাৰ্ভিচিং চেণ্টাৰৰ নাম প্ৰকাশত অনিচ্ছুক মেনেজাৰে কয়,"বৰ্তমানলৈকে ইথানল মিশ্ৰিত পেট্ৰ'লৰ ব্যৱহাৰৰ বাবে কোনো বিশেষ যান্ত্ৰিক সমস্যা অহা নাই । অৱশ্যে একাংশ গ্ৰাহকে মাইলেজ কমা বুলি অভিযোগ কৰিছে । আমাৰ গাড়ীসমূহ ইথানল মিশ্ৰিত পেট্ৰ'ল উপযোগী হিচাপে প্ৰস্তুত কৰা হৈছে । কিন্তু পৰৱৰ্তী সময়ত ইথানল মিশ্ৰণ অধিক হ'লে কি সমস্যা দেখা দিব তাক কব নোৱাৰোঁ ।

তেওঁ লগতে কয়, "বৰ্তমান সময়ত ইথানল মিশ্ৰিত পেট্ৰ'লক লৈ বজাৰত সৃষ্টি হোৱা অনিশ্চয়তাৰ ফলত নতুন গাড়ী বিক্ৰী কিছু পৰিমাণে প্ৰভাৱিত হৈছে । বহু গ্ৰাহকে আৰু কেইদিনমান চাই লওঁ বুলি ক্ৰয়ৰ সিদ্ধান্ত স্থগিত ৰাখিছে ।"

ইথানল মিশ্ৰিত পেট্ৰ'ল সন্দৰ্ভত জলবায়ু বিশেষজ্ঞ তথা ভাৰতীয় মানক ব্যুৰ'ৰ পৰামৰ্শদাতা ড৹ শশাংক শেখৰ বৰকটকী কয়, "জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ পৰা বৰ্তমান সমগ্ৰ বিশ্ব আক্ৰান্ত হৈছে । এই জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত চালে মূল কাৰণ হৈছে পেট্ৰ'লজাত ইন্ধনৰ দহন । এইক্ষেত্ৰত আমি পেট্ৰ'লিয়াম সামগ্ৰীবোৰ ব্যৱহাৰ লাহে লাহে এৰিব লাগিব ।"

ইথানল মিহলি পেট্ৰ'লে সচাকৈ আপোনাৰ গাড়ীখনৰ ক্ষতি কৰিব নেকি ? (ETV Bharat Assam)

বৰকটকীয়ে কয়, "সেউজ ইন্ধনৰ প্ৰতি পৃথিৱীয়ে গতি লাভ কৰিছে । শেহতীয়াকৈ সেউজ ইন্ধনৰ ক্ষেত্ৰত ইথানলক বিকল্প ইন্ধন হিচাপে ব্যৱহাৰৰ বাবে বিভিন্ন দেশে আগভাগ লোৱা দেখা গৈছে । এইক্ষেত্ৰত ভাৰতবৰ্ষত ইথানলক পেট্ৰ'লৰ লগত মিশ্ৰিত কৰি ব্যৱহাৰ কৰা হৈছে । ই-২০ পেট্ৰ'ল আমি সকলোৱে ব্যৱহাৰ কৰি আহিছোঁ ।"

তেওঁ কয়, "বৰ্তমান চিন্তা-চৰ্চা কৰা হৈছে ইথানলৰ পৰিমাণ কিদৰে বৃদ্ধি কৰিব পাৰোঁ ‌আৰু ইথানল মাত্ৰা বৃদ্ধিৰ যোগেদি পেট্ৰ'লৰ ওপৰত নিৰ্ভৰশীলতা কমাব পাৰোঁ । বিভিন্ন দেশত ইথানল মিশ্ৰিত পেট্ৰ'ল বাণিজ্য ব্যৱহাৰ আৰম্ভ হৈছে । ভাৰতকে ধৰি আমেৰিকা, ব্ৰাজিলত ৮৫% বাহন ইথানল মিশ্ৰিত পেট্ৰ'লত চলে । কিন্তু ইথানল মিশ্ৰিত পেট্ৰ'লত এটা মানদণ্ডৰ দৰকাৰ ।"

জলবায়ু বিশেষজ্ঞগৰাকীয়ে কয়, "শেহতীয়াকৈ ভাৰতীয় মানক ব্যুৰোই ইথানল মিশ্ৰিত পেট্ৰ'লৰ বাবে মানদণ্ড নিৰূপণ কৰিছে । এই ক্ষেত্ৰত চিন্তা-চৰ্চাৰ অৱকাশ আছে । ইয়াৰ দ্বাৰা গাড়ীৰ ইঞ্জিনৰ বা মাইলেজৰ কিবা সমস্যা দেখা দিয়ে নেকি ? বৰ্তমান সময়ত বহুতো কথা সামাজিক মাধ্যমত শুনা গৈছে যদিও বৈজ্ঞানিকভাৱে স্থিৰ হোৱা নাই । ইয়াক লৈ বহু গৱেষণাৰ থল আছে ।"

তেওঁ লগতে কয়, "পেট্ৰ'লৰ এনাৰ্জি ডেনচিটি ইথানলতকৈ অলপ বেছি । সেইকাৰণে নিশ্চিতভাৱে পেট্ৰ'লৰ লগত ইথানল মিশ্ৰিত কৰিলে মাইলেজ হ্ৰাস পোৱাৰ সম্ভাৱনা থাকিব পাৰে । এই ক্ষেত্ৰত ইঞ্জিনবোৰ যদি টেকনিকেলি উন্নত কৰিব পৰা যায় তেতিয়া এই সমস্যাবোৰ দূৰ কৰিব পৰা যাব ।"

লগতে পঢ়ক: ইথানল মিশ্ৰিত ইন্ধন ব্যৱহাৰত ভাৰতৰ বাহনত নাই সমস্যা, বিশেষজ্ঞৰ দাবী
Last Updated : July 5, 2026 at 4:12 PM IST