ETV Bharat / state

আবিৰৰে আনৰ জীৱন ৰঙীণ কৰাৰ প্ৰয়াস এজাক বিশেষভাৱে সক্ষম শিশু-কিশোৰীৰ

আনৰ জীৱন ৰঙীণ কৰাত ব্যস্ত হৈ পৰিছে জীৱনৰ ৰং কাঢ়ি নিয়া এদল বিশেষভাৱে সক্ষম শিশু-কিশোৰী । তৈয়াৰ কৰিছে প্ৰাকৃতিক আবিৰ ।

Natural Holi is made especially by talented children in Guwahati
বিশেষভাৱে সক্ষম শিশু-কিশোৰীয়ে তৈয়াৰ কৰিছে প্ৰাকৃতিক আবিৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 1, 2026 at 5:22 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: ৰঙৰ উৎসৱ ফাকুৱালৈ মাজত মাত্ৰ এটা দিন বাকী । ফাকুৱাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে । ৰঙৰ উৎসৱৰ বাবে ৰং-বিৰঙী ফাকুৰে বজাৰ ভৰি পৰিছে ৷ ইয়াৰ বিপৰীত ছবি দেখা পোৱা গৈছে মহানগৰীৰ ৰূপনগৰস্থিত আশানীড় শিশুগৃহত ।

বিভিন্ন পৰিস্থিতিয়ে জীৱনৰ ৰং কাঢ়ি নিয়া এদল বিশেষভাৱে সক্ষম শিশু কিশোৰীয়ে প্ৰাকৃতিক ফাকু প্ৰস্তুত কৰি আনৰ জীৱন ৰঙীণ কৰাত ব্যস্ত হৈ পৰিছে । তেওঁলোকে বীট, হালধি, পালেং, ধনীয়া, নাৰ্জী ফুল, অপৰাজিতা ফুলৰ ৰসেৰে প্ৰস্তুত কৰিছে প্ৰাকৃতিক আবিৰ । এইবাৰ ফাকুৱাৰ বাবে প্ৰায় ৬০ কিলোগ্ৰাম প্ৰাকৃতিকভাৱে আবিৰ প্ৰস্তুত কৰিছে ।‌

বিশেষভাৱে সক্ষম শিশু-কিশোৰীয়ে তৈয়াৰ কৰিছে প্ৰাকৃতিক আবিৰ (ETV Bharat Assam)

কিদৰে প্ৰস্তুত কৰা হৈছে প্ৰাকৃতিক ফাকু:

অসম শিশু আৰু মহিলা কল্যাণ সমিতিৰ অধীনত থকা শিশু গৃহটোৰ বিশেষভাৱে সক্ষম শিশু কিশোৰীসকলে আশানীড়ৰ অধীক্ষক চুমকি বৰাৰ তত্বাৱধানত কৰ্ণফ্ল'ৰৰ লগত গোলাপ জল, ফুল আৰু শাক-পাচলিৰ ৰস মিহলাই প্ৰাকৃতিক আবিৰ প্ৰস্তুত কৰিছে ।

Natural Holi is made especially by talented children in Guwahati
তৈয়াৰ কৰি থকা অৱস্থাত আবিৰ (ETV Bharat Assam)

পালেং শাক আৰু ধনীয়াৰ পৰা সেউজীয়া ৰং, কেঁচা হালধিৰ পৰা হালধিয়া ৰং, বীটৰ পৰা ৰঙা আৰু গোলপীয়া ৰং, অপৰাজিতাৰ পৰা নীলা ৰং প্ৰস্তুত কৰা হৈছে তদুপৰি পৰীক্ষামূলকভাৱে ফুড কালাৰ ব্যৱহাৰ কৰিও কেইবাটাও ৰং প্ৰস্তুত কৰা হৈছে । এই ফাকুবোৰ আশা ৰং নামে নামকৰণ কৰি বিক্ৰী কৰিছে ।

Natural Holi is made especially by talented children in Guwahati
আবিৰ তৈয়াৰ কৰি থকাৰ মুহূৰ্তত (ETV Bharat Assam)

এই সন্দৰ্ভত আশানীড়ৰ অধীক্ষক চুমকি বৰাই কয়, "আমি বিগত বৰ্ষৰ পৰা প্ৰাকৃতিকভাৱে ফাকু বনাবলৈ আৰম্ভ কৰিছিলোঁ যদিও ৰাইজৰ পৰা খুব ভাল সঁহাৰি পাইছিলোঁ । যোৱাবাৰ প্ৰায় ৭০-৮০ হাজাৰ টকাৰ ফাকু বিক্ৰী কৰিবলৈ সক্ষম হৈছিলোঁ । এইবাৰো যোৱা ১০ দিনৰ পৰা বনাই আছোঁ । প্ৰায় ৬০ কিলোগ্ৰাম মান আবিৰ ইতিমধ্যে প্ৰস্তুত হৈছে । বহুখিনি অৰ্ডাৰো ইতিমধ্যে লাভ কৰিছোঁ । ১০ জনীয়া দল এটাই ফাকুবোৰ প্ৰস্তুত কৰি আছে ।"

Natural Holi is made especially by talented children in Guwahati
প্ৰাকৃতিক আবিৰ (ETV Bharat Assam)

তেওঁ লগতে কয়,"আমি ৫০,১০০ আৰু ৫০০ গ্ৰাম পেকেট কৰিছোঁ । ৫০ গ্ৰামত ৫০ টকা, ১০০ গ্ৰামত ১০০ টকা আৰু ৫০০ গ্ৰামত ৫০০ টকাকৈ বিক্ৰী কৰিছোঁ । এইবাৰ কেঁচা হালধিৰ ৰসৰ পৰা হালধি ফাকু অধিক প্ৰস্তুত কৰিছোঁ । বীটৰ ৰসৰ পৰা গুলপীয়া আৰু ৰঙা ৰং বনাইছোঁ । বেঙুনীয়া ৰং অপৰাজিতা ফুলৰ পৰা বনাইছোঁ । নাৰ্জী ফুলৰ পৰা কমলা ৰং বনাইছোঁ । দুটা এটা আমি ফুড কালাৰ ব্যৱহাৰ কৰিছোঁ ।"

Natural Holi is made especially by talented children in Guwahati
আশানীড় প্ৰতিষ্ঠান (ETV Bharat Assam)

প্ৰাকৃতিক আবিৰ বনাবলৈ কিয় আৰম্ভ কৰিলে:

চুমকি বৰাই কয়,"আমাৰ শিশু গৃহৰ শিশুবোৰে আন ল'ৰা-ছোৱালীক হোলী খেলা দেখিলে সিহঁতে খেলিবলৈ মন কৰে । কিন্তু বিশেষভাৱে সক্ষম হোৱাৰ আমাৰ শিশুবোৰৰ ছালবোৰ খুব সংবেদনশীল । ধূলি লাগিলে এলাৰ্জিৰ নিচিনা হৈ যায় । সেয়েহে যোৱা বছৰ মই গৱেষণা কৰি প্ৰাকৃতিক ভাৱে শাক-পাচলিৰ ৰসৰ ৰং ব্যৱহাৰ কৰি পৰীক্ষামূলকভাৱে ফাকু বনাইছিলোঁ ।"

Natural Holi is made especially by talented children in Guwahati
বিভিন্ন প্ৰাকৃতিক উপাদানেৰে তৈয়াৰ কৰিছে আবিৰ (ETV Bharat Assam)

তেওঁ লগতে কয়,"যেতিয়া ফাকুখিনি ভাল হৈছিল তেতিয়া আমাৰ গৃহত থকা কিশোৰীসকলে বনাবলৈ আৰম্ভ কৰিলে । তেওঁলোকে সেই ফাকুৰে নিজে হোলী খেলাৰ লগতে ৰাইজৰ পৰা খুব ভাল সঁহাৰি পাইছিলোঁ আৰু এইবাৰো ভাল সঁহাৰি লাভ কৰিছোঁ । আমি প্ৰস্তুত কৰা ফাকুবোৰ লাইট হোৱাৰ লগতে হাতেৰে মোহাৰি দিলে গুচি যায় । এই ফাকুবোৰ ব্যৱহাৰ কৰিলে ছাল, চুলি, চকুৰ কোনো ধৰণৰ ক্ষতি নহয় ।"

লগতে পঢ়ক: দেওশাল মন্দিৰৰ পৰা আৰম্ভ জন আশীৰ্বাদ যাত্ৰা; উচ্ছেদ অভিযানৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিলে মুখ্যমন্ত্ৰীয়ে

আজি মই যি পৰিচয় পাইছোঁ সেয়া কেৱল জুবিন দাৰ বাবেই সম্ভৱ হৈছে: মৰ্মিতা মিত্ৰ