ETV Bharat / state

বাৰিষাৰ পূৰ্বে লাহৰীঘাটত খহনীয়াই লৈছে ভয়াবহ ৰূপ, জাহ যোৱাৰ উপক্ৰম কেইবাখনো গাঁও

লাহৰীঘাট সমষ্টিৰ ভিন্ন প্ৰান্তত গৰাখহনীয়াই লৈছে ভয়াবহ ৰূপ ৷

Lahorighat News
বাৰিষাৰ পূৰ্বে লাহৰীঘাটত খহনীয়াই লৈছে ভয়াবহ ৰূপ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 24, 2026 at 6:12 PM IST

8 Min Read
Choose ETV Bharat

লাহৰীঘাট : বানপানী সমস্যাৰ সমান্তৰালকৈ ৰাজ্যৰ এক জ্বলন্ত সমস্যা হৈছে গৰাখহনীয়া ৷ প্ৰতিবছৰে শ শ কৃষিভূমি নৈৰ বুকুত জাহ গৈছে ৷ যাৰ বাবে প্ৰতিবছৰে বহু পৰিয়াল গৃহহীন হৈ পৰিছে ৷ উপায়হীন হৈ পৰিছে নৈপৰীয়া ৰাইজ ৷ যদিও চৰকাৰে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে তথাপিও ৰাজ্যৰ ভিন্ন প্ৰান্তত গৰাখহনীয়া অব্যাহত আছে ৷ বছৰ পাছত বছৰ ধৰি লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত এলেকাত ব্ৰহ্মপুত্র নদীৰ ভয়াৱহ গৰাখহনীয়াৰ বাবে স্থানীয় ৰাইজ ব্যাপক সমস্যাৰ সন্মুখীন হৈছে ৷

স্থানীয় লোকৰ ভাষ্য অনুসৰি, লাহৰীঘাট সমষ্টিত বিগত ১৯৭৯ চনৰ পৰাই ব্রহ্মপুত্র নদীৰ খহনীয়াই তীব্র ৰূপ ধাৰণ কৰি আহিছে । ১৯৭৯ চনৰ পৰাই ব্ৰহ্মপুত্ৰৰ বুকুত হাজাৰ হাজাৰ বিঘা কৃষিভূমি জাহ যোৱাৰ লগতে ক্ৰমাৎ নদীৰ গতিধাৰা দক্ষিণ দিশলৈ অগ্রসৰ হৈছে । সেয়ে দিনক দিনে সংকুচিত হৈ আহিছে মৰিগাঁও জিলাৰ মানচিত্র । বিগত ৪৫ বছৰ ধৰি গৰাখহনীয়া প্ৰতিৰোধৰ নামত ৰাজহুৱা ধন লুণ্ঠন চলাই আহিছে বিভিন্ন পক্ষই ৷ ফলত দিনক দিনে লাহৰীঘাট অঞ্চলৰ অৰ্থনৈতিক ভেটি দুৰ্বল হৈ আহিছে বুলি অভিযোগ কৰে স্থানীয় লোকে ।

বাৰিষাৰ পূৰ্বে লাহৰীঘাটত খহনীয়াই লৈছে ভয়াবহ ৰূপ (ETV Bharat Assam)
১৯৮৮ চনৰ পৰা বৰ্তমানলৈকে মৰিগাঁও জিলাত বান-গৰাখহনীয়াত ক্ষতিগ্ৰস্তৰ লোকৰ সন্দৰ্ভত কিছু তথ্য

১৯৮৮ চনতে মৰিগাঁও জিলাত হৈছিল প্ৰথমটো বান ৷ সেই সময়ত মৰিগাঁৱৰ উত্তৰ-পশ্চিম এলেকাৰ ৯৬খন গাঁৱৰ লোক ক্ষতিগ্রস্ত হৈছিল । ১৯৮৮ চনৰ বানপানীত মৈৰাবাৰী মৌজাৰ চিতলমাৰী, মাদাৰগুৰি, শালমাৰী আৰু গৰৈমাৰী গাঁৱৰ ৪৪টা পৰিয়াল গৃহহীন হৈছিল । সেই ৪৪টা পৰিয়ালৰ লোক আজিও ৰাজপথৰ বাসিন্দা । বৰ্তমানলৈকে দুর্ভগীয়া পৰিয়ালকেইটাই লাভ নকৰিলে ভূমিপট্টা ৷

চৰকাৰী তথ্য মতে, ধুমকুৰা আৰু শিয়ালমাৰী অঞ্চলত হোৱা গৰাখহনীয়াত সৰ্বহাৰা প্রায় ৪ হাজাৰ পৰিয়ালৰ চুতীয়াগাঁও, পলু ফার্ম আৰু মথাউৰিৰ ওপৰত ঘৰ সাজি জীৱন নির্বাহ কৰিছিল যদিও পিছৰ বছৰত অহা পুনৰ বান আৰু গৰাখহনীয়াই চুতীয়াগাঁও, পলু ফার্মসহ বৌমাৰী, আমতলা, চুতীয়াগাঁও (২), টেণ্ডাগুৰি, কাঠনি আদি গাঁও নিঃশেষ কৰে ৷ ১৬ হাজাৰ লোক আৰু বেচৰকাৰী হিচাপত ২০ হাজাৰ লোক আশ্রয়হীন হৈ পৰে ৷ ১৯৮৯-৯২ চনৰ চৰকাৰী সমীক্ষা মতে ৯৩খন কৃষিপ্রধান গাঁও নদীৰ বুকুত জাহ যায় ৷

১৯৯৩ৰ বান-গৰাখহনীয়াত ক্ষতিগ্ৰস্ত লোকৰ সন্দৰ্ভত মৰিগাঁও জিলাৰ চৰকাৰী তথ্য

১৯৯৩ চনত হোৱা বান-গৰাখহনীয়াৰ বাবে মৈৰাবাৰী মৌজাৰ উলুবাৰী, হাঁহচৰা, ভজাইখাটি, দলৈগাঁও আদি গাঁৱৰ ১৩খন শিক্ষানুষ্ঠান, ৪০খন মাদ্রাছা, ১১খন মছজিদ, ২টা নামঘৰ আৰু ৬৩ হেক্টৰ কৃষিভূমি বালিত পোত যায় ৷ ৰাজহ বিভাগৰ তথ্য মতে, লাহৰীঘাট সমষ্টিৰ ৬০ হাজাৰ লোক ইতিমধ্যে গৃহহীন হৈ অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ বাবে অৰুণাচল প্ৰদেশ, মণিপুৰ, শ্বিলং, নাগালেণ্ড আদি ঠাইত অঘৰী জীৱন যাপন কৰিছে ।

১৯৯১ চনৰ ভয়াৱহ বানপানীত লাহৰীঘাট, মায়ং, ভুৰাগাঁও আৰু মিকিৰভেটা ৰাজহ চক্ৰৰ ৪৪৩খন গাঁৱৰ ৩৯,৯৭৫ বর্গমাইল এলেকাৰ ৪,১০,৫২৮জন লোক আক্রান্ত হৈছিল । আনুমানিক চৰকাৰী মূল্য ১৩ কোটি ৭৩ লাখ ৫২ হাজাৰ টকা আছিল । অনিষ্ট হোৱা কৃষিভূমিৰ পৰিমাণ আছিল ৩৯.৮৮৮ হেক্টৰ । ১৯৯২ চনতে লাহৰীঘাট আৰু ভূৰাগাঁও ৰাজহ চক্ৰৰ ৪৬খন গাঁৱৰ ২৮,৫০২জন লোক আক্রান্ত হৈছিল । ২৩ লাখ টকাৰ বাসগৃহ নষ্ট হয় বুলি চৰকাৰী তথ্যত উল্লেখ কৰা হৈছে ।

১৯৯৩ চনৰ বানপানীত লাহৰীঘাট, ভুৰাগাঁও, মায়ং আৰু মৰিগাঁও ৰাজহ চক্ৰৰ ১৫৫ বর্গমাইল এলেকাৰ ২২৮খন গাঁও প্লাবিত হয় । ২,২৯,৪৩৬জন লোক আক্রান্ত হয় । কৃষি শস্যৰ ক্ষয়-ক্ষতিৰ পৰিমাণ আছিল ৭৬ লাখ ৫৫ হাজাৰ টকা ।

১৯৯৫ৰ বান-গৰাখহনীয়াত ক্ষতিগ্ৰস্ত লোকৰ সন্দৰ্ভত মৰিগাঁও জিলাৰ চৰকাৰী তথ্য

১৯৯৫ চনত হোৱা প্রলয়ংকৰী বান আৰু গৰাখহনীয়াৰ বাবে জিলাখনৰ ৫টা ৰাজহ চক্রৰ ৪৪০.৫০ বর্গ এলেকা বিধ্বস্ত হয়। বানত আক্রান্ত গাঁৱৰ সংখ্যা আছিল ৪০২খন । এই বানত পানীৰ সোঁতত উটি গৈছিল ২টি পৰিয়ালৰ ৯জনকৈ লোক । ৬,৩২,৪১০ টকাৰ বাসগৃহ নষ্ট হোৱা বুলি ৰাজহ চক্ৰসমূহৰ তথ্যত উল্লেখ কৰা হৈছে ।

১৯৯৬ চনত হোৱা প্ৰলয়ংকাৰী বানত মৰিগাঁও জিলাৰ সন্দৰ্ভত চৰকাৰী তথ্য

১৯৯৬ চনত হোৱা প্ৰলয়ংকাৰীৰ বানত জিলাখনৰ ভূৰাগাঁও ৰাজহ চক্রতে ২৯খন গাঁৱৰ ১৬,৬৯০জন লোক ক্ষতিগ্রস্ত হৈছিল । ২৫০খন গাঁৱৰ ১৪ হাজাৰ পৰিয়াল গৃহহীন হয় ৷

চৰকাৰৰ কিছু পদক্ষেপ

জিলাখনত বান-খহনীয়াত ক্ষতিগ্ৰস্ত লোকক সকাহ দিয়াৰ স্বাৰ্থত বিগত সময়তো চৰকাৰে লৈছিল কিছু পদক্ষেপ ৷ সেই স্বৰূপে ১৯৯০ চনৰ পূৰ্বে ব্ৰহ্মপুত্ৰ নদীয়ে ধ্বংস কৰা গাঁও আৰু বাসগৃহৰ তথ্য সংগ্ৰহ কৰি ২০০১ চনত তৰুণ গগৈৰ চৰকাৰে মৰিগাঁও উত্তৰ-পশ্চিম অঞ্চলসমূহৰ বন্যাক্রান্ত দুর্ভগীয়া লোকসকলৰ বাবে কিছু পৰিমাণে আর্থিক সাহায্য প্রদান কৰিছিল ।

সেই সময়ত খহনীয়া প্ৰতিৰোধৰ বাবে পোন প্ৰথমবাৰত ভুৰাগাঁও, লাহৰীঘাট, বৰালিমাৰী আদি বৃহৎ অঞ্চলত খহনীয়া প্ৰতিৰোধৰ বাবে স্পাৰ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছিল ৷ সেয়ে গৱেষণা তথ্য কেন্দ্রলৈ প্ৰেৰণ কৰি আঁচনিখনৰ সন্দৰ্ভটো তথ্য জমা দিয়া হৈছিল । ৪৬ কোটি টকাৰ আঁচনিৰ ২.৩০ কোটি টকাৰ প্রাৰম্ভিক বাজেটেৰে ৫০ লাখ টকাৰ বস্তা ক্ৰয় কৰিছিল যদিও খহনীয়া প্ৰতিৰোধৰ কাম কৰিব নোৱাৰাত সেই ৫০ লাখ টকাৰ বস্তাৰ বৰ্তমানৰ প্রথম শ্রেণীৰ ঠিকাদাৰসকলে নিজৰ ব্যৱসায়িক লাভৰ বাবে বস্তাসমূহ ক্রয় কৰে ।

খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে লোৱা ব্যৱস্থা বিফল হোৱাৰ কাৰণসমূহ

বান আৰু খহনীয়া প্ৰতিৰোধৰ বাবে বিগত চৰকাৰসমূহে লৈছিল ভিন্ন পদক্ষেপ ৷ কিন্তু দুৰ্নীতিয়ে গ্ৰাহ কৰি পেলাইছিল ৷ ১৯৬২ চনতে সেই সময়ৰ চৰকাৰে ধিং বৰবিলৰ পৰা মায়ং হিলৈখুন্দালৈকে নির্মাণ কৰা কৰা হৈছিল ব্ৰহ্মপুত্র নদীৰ প্ৰথমটো বৃহৎ মথাউৰিৰ ৷ কিন্তু বানত চিন-মোকাম নাইকিয়া হোৱাত বান নিয়ন্ত্রণ বিভাগে প্রতিবছৰে কোটি কোটি টকাৰ খহনীয়া প্ৰতিৰোধৰ আঁচনি ৰূপায়ণৰ নামত লুণ্ঠনৰ প্রতিযোগিতা চলাই আহিছিল ।

একেদৰে উলুবাৰীৰ খহনীয়া প্রতিৰোধৰ বাবে ৯৯.৯৪ লাখ টকা, বিৰুবাৰীৰ বাবে ৩.১৫ লাখ টকা, কাপোৰপোৰা নাথ গাঁৱত খহনীয়া প্ৰতিৰোধৰ বাবে ২৯০.৮৩ লাখ টকা খৰচ কৰা হ'ল । কিন্তু খহনীয়া প্ৰতিৰোধ হোৱা নাই । সেই সময়ত চৰকাৰী হিচাপত প্রায় ১ কোটি টকাৰ কাম হৈছিল । ২০০১ চনত হোৱা বানপানীৰ ক্ষয়-ক্ষতিৰ পৰিমাণ ২০ কোটিৰ ওপৰত আছিল । এই ১৯৯১-২০০৬ চন পর্যন্ত মৈৰাবাৰী মৌজাৰ ১৪ হাজাৰ লোক গৃহহাৰা হয়। বৰ্তমানলৈকে ১৫৩খন ৰাজহ গাঁৱৰ প্রায় লক্ষাধিক লোক একমাত্র খাদ্যৰ সন্ধানত বিভিন্ন ঠাইলৈ ঢাপলি মেলিছে ।

মৰিগাঁও জিলাৰ উত্তৰ-পশ্চিম এলেকাৰ মৈৰাবাৰী মৌজাৰ ২০খন, লাহৰীঘাট ৰাজহ চক্রৰ ৪১খন, ভূৰাগাঁও ৰাজহ চক্রৰ ২৩খন, মায়ং ৰাজহ চক্রৰ ১৭খন, পকৰীয়া মৌজাৰ ১১খন শুৱনি গাঁও ব্ৰহ্মাপুত্র নদীৰ বুকুত চিৰদিনৰ বাবে বিলীন হয়। এই ভয়ংকৰ খহনীয়া প্ৰতিৰোধৰ বাবে বিগত দিনকেইটাত জিলাখনৰ জলসম্পদ বিভাগে প্রায় ২৮৮ কোটি টকা খৰচ কৰিছে ।

চৰকাৰী তথ্য মতে, ভুৰাগাঁৱৰ কাপোৰপুৰী, হাতী লেৰুৱা গাঁৱত শৈলবান্ধ নির্মাণৰ বাবে ৭ কোটি আৰু এই খহনীয়া প্রতিবোধৰ বাবে ৬৬ কোটি ৩৫ লাখ টকা আবণ্টন দিয়া কেন্দ্রীয় চৰকাৰে পুনৰ ৮৮ কোটি টকা অনুমোদন দিছিল। কিন্তু বান আৰু গৰাখহনীয়া প্ৰতিৰোধী হোৱা নাছিল। শেহতীয়াকৈ বিজেপি চৰকাৰে জিউ বেগৰ মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ কৰে। আৰু এই জিউ বেগৰ মথাউৰিয়ে অঞ্চলটৌ লৈ অলপ সকাহ পাবলৈ সক্ষম হৈছে ৷

স্থানীয়, দল সংগঠনৰ প্ৰতিক্ৰিয়া

বাৰিষাৰ দিন সমাগত ৷ তেনেস্থলত বান গৰাখহনীয়াৰ সমস্যাৰ গা কৰি উঠিছে লাহৰীঘাট সমষ্টিৰ ভিন্ন প্ৰান্তত ৷ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ইতিমধ্যে চৰকাৰে লৈছে ভিন্ন পদক্ষেপ কিন্তু সফল হ'ব পৰা নাই ৷ এই সন্দৰ্ভত স্থানীয় লোকে কয়,"খৰালিৰ দিনত কিছু জিঅ' বেগ পেলাই যদিও বাৰিষা কালত সকলো বিফল হয় ৷ ফলত গৰাখহনীয়াই নিদ্ৰা হৰণ কৰিছে নৈপৰীয়া ৰাইজৰ ৷ একো একোখন গাঁও খহনীয়াত জাহ গৈছে ৷ সেয়ে চৰকাৰে উপযুক্ত সময়ত খহনীয়া প্ৰতিৰোধ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷

মুছাৰ নেতা আশ্বিক ৰাব্বানীয়ে কয়," লাহৰীঘাটত বৰ্তমানো অব্যাহত আছে ভয়াবহ গৰাখহনীয়া ৷ ৰাইজে ঘৰ এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে ৷ বহু লোক আশ্ৰয়হীন হৈ পৰিছে ৷ সেয়ে ক্ষতিগ্ৰস্ত লোকক চিনাক্ত কৰি উপযুক্ত আৰ্থিক সাহায্য প্ৰদান কৰিব লাগে ৷"

লগতে পঢ়ক:২৮ এপ্ৰিলত সিদ্ধাৰ্থৰ জামিনৰ শুনানি, দুদিন পিছতে শ্যামকানুৰো জামিনৰ ৰায়