ETV Bharat / state

চাকৰি নহয়, উদ্যোগতেই ভৱিষ্যৎ; স্বনিয়োজনৰ অনন্য দৃষ্টান্ত আকাশী মৰাণ

দুবাৰকৈ চৰকাৰী চাকৰি লাভ কৰিও ব্যৱসায়ৰ পথা বাচি লোৱা তিনিচুকীয়াৰ আকাশী মৰাণ । নাৰ্চাৰী আৰু হোটেল ব্যৱসায়েৰে সফলতা অৰ্জন । বিবেক বড়াৰ প্ৰতিবেদন...

Tinsukia woman entrepreneur
নাৰ্চাৰী ব্যৱসায়েৰে সফলতা আকাশী মৰাণৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 28, 2026 at 3:49 PM IST

3 Min Read
Choose ETV Bharat

তিনিচুকীয়া : মনৰ একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমেৰে মানুহে জীৱনৰ লক্ষ্যত উপনীত হ'ব পাৰে । তাৰ অন্যতম উদাহৰণ তিনিচুকীয়াৰ ডিগবৈ পথৰ গোপনাৰীৰ আকাশী মৰাণ । উচ্চ শিক্ষিত যুৱকীগৰাকীয়ে নিজৰ নিচাক বৃত্তিলৈ ৰূপান্তৰিত কৰি এতিয়া সফল ব্যৱসায়ী হিচাপে পৰিগণিত হৈছে ।

ক'ভিড মহামাৰীৰ লকডাউনৰ সময়ছোৱাত অৰ্থাৎ ২০২১ বৰ্ষত বাসগৃহৰ চৌহদতে আবদ্ধ হৈ থকা আকাশীয়ে এখন নাৰ্চাৰী প্ৰতিষ্ঠাৰ পৰিকল্পনা কৰিছিল । সেই অনুসৰিয়েই প্ৰথমে নিজৰ বাৰীতে উপলব্ধ বিভিন্ন ঘৰুৱা উদ্ভিদৰ বীজ ৰোপণ কৰিছিল ।

স্বনিয়োজনৰ অনন্য দৃষ্টান্ত আকাশী মৰাণ (ETV Bharat)

মাত্ৰ ১ হাজাৰ টকা মূলধনেৰে আকাশীয়ে আৰম্ভ কৰা এই প্ৰচেষ্টাক পৰৱৰ্তী সময়ত হাত উজান দিলে গ্ৰাহক আৰু পৰিয়ালৰ লোকে । ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ সমান্তৰালকৈ আকাশীৰ নাৰ্চাৰীখনৰো পৰিসৰ বৃদ্ধি হ'ল । বৰ্তমান 'নামচেং নাৰ্চাৰী' নামেৰে জনাজাত নাৰ্চাৰীখনত হাজাৰৰো অধিক ফল-মূল আৰু ফুলৰ প্ৰজাতিৰ পুলি উপলব্ধ ।

তিনিচুকীয়া ডিগবৈ পথৰ কাষতে অৱস্থিত এই নাৰ্চাৰীখন বিশেষকৈ জি-৯ কল আৰু মেজেঙা পুলিৰ বাবে বিখ্যাত । ইতিমধ্যে অধিক লাভ অৰ্জন কৰিব পৰা এই জি-৯ কল এই নাৰ্চাৰীৰ পৰাই ক্ৰয় কৰি বৰডুমচাৰ এজন কৃষকে ১০০ বিঘাৰো অধিক ভূমিত ৰোপণ কৰিছে । বিশেষকৈ মহিলা কৰ্মচাৰীক অগ্ৰাধিকাৰ প্ৰদান কৰা এই নাৰ্চাৰীখনত বৰ্তমান মহিলা কৰ্মচাৰীও ১০ গৰাকী আছে ।

নাৰ্চাৰীত গ্ৰাহকৰ আশানুৰূপ সঁহাৰি লাভ কৰি বিগত মাৰ্চ মাহৰ পৰা নাৰ্চাৰীৰ লগতে আৰম্ভ কৰিছে থলুৱা খাদ্যৰ এক বিপণি (ৰেষ্টুৰেণ্ট) । ৰেষ্টুৰেণ্টখনৰ নাম দিছে 'খাং ক' । মৰাণ সম্প্ৰদায়ৰ লোকে খাদ্য গ্ৰহণ কৰিবলৈ সচৰাচৰ ব্যৱহাৰ কৰা এক শব্দ ।

আনহাতে নাৰ্চাৰীখনৰ নামো নামচেং দিয়াৰ কাৰণ আকাশীয়ে ব্যক্ত কৰে । যিহেতু আকাশী মৰাণ সম্প্ৰদায়ৰ যুৱতী তেওঁৰ পিতৃ নামচেঙীয়া বংশৰ । সেয়েহে বংশৰ নাম উজলাই ৰখাৰ মানসেৰে নাৰ্চাৰীৰ নাম নামচেং ৰখা বুলি জানিবলৈ দিয়ে যুৱতীগৰাকীয়ে ।

উল্লেখ্য যে, আকাশী মৰাণ হৈছে গুৱাহাটীৰ পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানী ছোৱালী কাৰিকৰী প্ৰতিষ্ঠাৰ পৰা উৰ্ত্তীণ হোৱা এগৰাকী স্থপতি অভিযন্তা । অসম চৰকাৰে মুকলি কৰা বিভিন্ন চৰকাৰী পদৰ পৰীক্ষাত অৱতীৰ্ণ হৈ দুবাৰকৈ চাকৰি লাভ কৰিও যোগদান নকৰিলে আকাশীয়ে ।

ইয়াৰ কাৰণ সন্দৰ্ভত আকাশী মৰাণে কয়, "চৰকাৰী চাকৰি বা অভিযন্তা হ'লে মই কেৱল মোৰ পৰিয়ালটোৰ বাবেহে দায়বদ্ধ হম । কিন্তু এতিয়া মই যি পথ বাছি লৈছোঁ ইয়াত আৰু ১০ টা পৰিয়ালৰ কথাও চিন্তা কৰা হৈছে । এই কামবোৰ কৰি মানসিকভাৱে শান্তি পাও । সেয়েহে কিবা এটা কৰাৰ চেষ্টাহে কৰিছোঁ ।"

অতি কম সময়ৰ ভিতৰতে আকাশীৰ থলুৱা খাদ্য উপলব্ধ ৰেষ্টুৰেণ্টখনেও বিশেষ সমাদৰ লাভ কৰিছে । শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও এগৰাকী কম বয়সীয়া উচ্চ শিক্ষিত যুৱতীয়ে গ্ৰহণ কৰা এই পদক্ষেপক আদৰণি জনাই নাৰ্চাৰীখনৰ ভিডিঅ' সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল ।

যি সময়ত সংস্থাপন বিচাৰি নিবনুৱা যুৱক-যুৱতী দৈনিক বহিঃৰাজ্যলৈ গমন কৰিছে তেনে সময়তে আকাশী মৰাণৰ দৰে যুৱতীয়ে নিজ ৰাজ্যতে বাছি লোৱা উপাৰ্জনৰ পথ এক আদৰণীয় পদক্ষেপ হিচাপে বিবেচিত হৈছে । বহু যুৱতী তথা নৱ প্ৰজন্মৰ বাবে এতিয়া এক আদৰ্শ আকাশী মৰাণ ।

লগতে পঢ়ক : কামাখ্য়াত লাখ লাখ ভক্তৰ জোতা-চেন্দেল সংৰক্ষণ কৰি চৰ্চাত ৰাজেশ ৰাভা, তেওঁৰ মনৰ কথাৰে...