ETV Bharat / state

শত বছৰৰ পাছত দুটা ফৈদ মিলনৰ দিশে অগ্ৰসৰ; কেন’পী ব্ৰীজৰে পাৰ হ’ল গিবন

হোলোঙাপাৰ গিবন অভয়াৰণ্য মাজেৰে পাৰ হৈ যোৱা ৰে’লপথৰ ওপৰত নিৰ্মিত কেন’পী ব্ৰীজৰে পাৰ হ’ল গিবন(হলৌ বান্দৰ) ৷ শতবছৰ পিছত ঐতিহাসিক মিলনৰ দিশে আগবাঢ়িছে ।

Hoolock Gibbon
বিৰল প্ৰজাতিৰ বান্দৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 17, 2026 at 3:01 PM IST

4 Min Read
Choose ETV Bharat

যোৰহাট : শতবছৰ পিছত এক ঐতিহাসিক মিলনৰ দিশে আগবাঢ়িছে দুটা বিশেষ পৰিয়াল । বহু বছৰৰ পাছত দুটা পৰিয়ালৰ মিলনে আনিছে আশাৰ বতৰা ৷ এই পৰিয়াল দুটা হৈছে গিবনৰ অৰ্থাৎ হলৌ বান্দৰৰ ৷ এই লৈ সুখী ৰাজ্যৰ প্ৰকৃতিপ্ৰেমী তথা অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাও ৷

ইতিমধ্যে মুখ্যমন্ত্ৰী শৰ্মাই সামাজিক মাধ্যমত গিবনৰ পৰিয়াল দুটা একলগ হোৱাৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে ৷ যোৰহাট মৰিয়নীৰ হোলোঙাপাৰ গিবন অভয়াৰণ্য মাজেৰে যোৱা ৰে’লপথৰ ওপৰত নিৰ্মিত কেন'পী ব্ৰীজেৰে পাৰ হোৱা এটি গিবনৰ (হলৌ বান্দৰ) দৃশ্যই অশাৰ সঞ্চাৰ কৰিছে । এই কথাৰ পৰা এইটো স্পষ্ট হৈছে বন্যপ্ৰাণী সংৰক্ষণ দিশত আৰু এখোজ সফলতাৰ দিশে আগবাঢ়িছে অসম ।

বিৰল প্ৰজাতিৰ বান্দৰ (ETV Bharat)

উল্লেখ্য যে, এছিয়া তথা দেশৰ ভিতৰতে মৰিয়নীৰ গিবন অভয়াৰণ্যতে দুষ্প্ৰাপ্য গিবনৰ লগতে পৃথিৱীৰ ৭ টা বিৰল প্ৰজাতিৰ বান্দৰ পোৱা যায় । কিন্তু যোৰহাট মৰিয়নীৰ হোলোঙাপাৰ গিবন অভয়াৰণ্য মাজেৰে যোৱা ৰে’লপথৰ বাবে দুটা ভাগত বিভক্ত হৈ পৰে বনখন ৷ ফলত খাদ্য সন্ধান বা বংশ বৃদ্ধিৰ বাবে হলৌ বান্দৰে যাতায়ত কৰিব পৰা নাছিল ৷

এক প্ৰকাৰে ৰে’লপথৰ বাবেই হলৌ বান্দৰৰ প্ৰজননত বাধা সৃষ্টি হৈছিল ৷ কাৰণ হলৌ বান্দৰে কেতিয়াও নিজৰ মাজত প্ৰজনন নকৰে ৷ শত বছৰ ধৰি অন্য হলৌ বান্দৰৰ মাজত সংযোগ বিচ্ছিন্ন হৈ থকাৰ বাবে ইয়াৰ বংশ বৃদ্ধি হ্ৰাস পাইছিল । আনকি গিবন অভয়াৰণ্যৰ মাজেদি পাৰ হৈ যোৱা ৰে'ল লাইন আৰু বিদ্যুৎ চালিত তাঁৰত লাগিও ইতিমধ্যে কেইবাটাও হলৌ বান্দৰৰ মৃত্যু হৈছে ৷ ইও এই গিবনৰ সংখ্যা হ্ৰাস হোৱাৰ অন্যতম কাৰণ বুলি বিবেচিত হৈ আহিছে ৷

অৱশ্যে হলৌ বান্দৰ বা গিবনৰ বংশ বৃদ্ধিৰ উদ্দেশ্য বনবিভাগৰ তৰফৰ পৰা ৰে’লপথৰ ওপৰত সুৰক্ষামূলক জালযুক্ত এক ৰছীৰ দলং নিৰ্মাণ কৰা হ’ল ৷ এই দলং তথা কেন'পী ব্ৰীজেৰ ব্যৱহাৰ কৰি হলৌ বান্দৰে নিৰাপদে ইখন ঠাইৰ পৰা সিখন ঠাইলৈ যাব পৰা হ’ল ৷ শেহতীয়াকৈ এটা হলৌ বান্দৰে এই দলংখন ব্যৱহাৰ কৰি নিৰাপদে ৰে’লপথ অতিক্ৰম কৰা দৃশ্য বনকৰ্মীৰ কেমেৰাত বন্দী হৈছিল ।

Hoolock Gibbon
বিৰল প্ৰজাতিৰ বান্দৰ (ETV Bharat)

শতবছৰ ধৰি বিচ্ছিন্ন হৈ থকা গিবনৰ দুটা ফৈদ মিলনৰ দিশে অগ্ৰসৰ

এগৰাকী প্ৰকৃতিপ্ৰেমীয়ে কয়, ‘‘আমি এক সুন্দৰ পৰিঘটনা দেখিবলৈ পালো ৷ আজিৰে পৰা প্ৰায় এক, ডেৰ বছৰ ধৰি আমি বৰ আগ্ৰহে ৰৈ আছিলো, আমি ভাবিছিলো প্ৰাকৃতিকভাৱে নহ’লে এই কামত সফলতা নাপাব বুলি... শুকুবাৰে মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত যিটো পোষ্ট শ্বেয়াৰ কৰিলে সেইটো দেখি আমি খুব সুখী ৷ কাৰণ সকলোৱে জানিছিল যে লাহে লাহে গিবন অভয়াৰণ্যত গিবনৰ(হলৌ বান্দৰ) সংখ্যা কমি আহিছিল ৷’’

Hoolock Gibbon
বিৰল প্ৰজাতিৰ বান্দৰ (ETV Bharat)

তেওঁ আৰু কয়, ‘‘১ নম্বৰ খণ্ডৰ পৰা দুই নম্বৰ খণ্ডলৈ যেতিয়া গিবন অহা যোৱা কৰিছে, তেতিয়া হ’লে সেইটো ভাল কথা হৈছে ৷ লাহে লাহে ইয়াত গিবনৰ সংখ্যা বৃদ্ধি পাব । গিবন অভয়াৰণ্যখনৰ কথা কোনোৱে চিন্তা নকৰে বুলি ভাবিছিলো, কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া এই ভিডিঅ’টো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে, ভাল লাগি গৈছে ।’’

আন এগৰাকী প্ৰকৃতিপ্ৰেমীয়ে কয়, ‘‘এয়া সকলোৰে বাবে শুভ লক্ষণ ৷ গিবন অভয়াৰণ্যত আজি পৰা শত বছৰ ধৰি যিটো সংযোগ বিচ্ছিন্ন হৈ আছিল, বিশেষকৈ যিটো ৰে’ললাইন কাৰণে গিবনৰ দুটা পৰিয়াল দুটা অংশত পৃথক হৈ আছিল, এতিয়া আমি দেখা পাইছো যে কেন’পীৰ জৰিয়তে এটা অংশৰ পৰা আন এটা অংশলৈ পাৰ হৈছে গিবন(হলৌবান্দ) ৷ ফলত শত বছৰ ধৰি বংশ বৃদ্ধি নোহোৱা গিবনৰ এতিয়া বংশবৃদ্ধি হ'ব ৷ এয়া সকলোৰে বাবে সুখবৰ ৷

লগতে পঢ়ক : নিৰ্মাণৰত ৰাষ্ট্ৰীয় ঘাইপথত নাই এলিভেটেড ক'ৰিড, চিন্তিত প্ৰকৃতিপ্ৰেমী