উৰিয়ামঘাটত উচ্ছেদিত ভূমিত নগাই দোকান খুলি আঁৰি দিছে ফলক
সৰুপথাৰ সমজিলাত পুনৰ নগাৰ আগ্ৰাসন । উচ্ছেদিত লোকক পুনঃসংস্থাপনৰ অভিযোগ ।

Published : May 25, 2026 at 9:59 AM IST
|Updated : May 25, 2026 at 10:35 AM IST
সৰুপথাৰ: বিগত বৰ্ষত অসম চৰকাৰে উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত চলাইছিল বৃহৎ উচ্ছেদ অভিযান । হাজাৰ হাজাৰ পৰিয়ালক উচ্ছেদ কৰাৰ পিছতে অসম চৰকাৰে সিদ্ধান্ত লৈছিল উক্ত উচ্ছেদিত ভূমিত গছপুলি ৰোপণ কৰিব। এই দিশত চৰকাৰৰ উদ্দেশ্য় আছিল ৬০ হেক্টৰ ভূমি সেউজীকৰণ কৰা। সেই অনুসৰি উৰিয়ামত গছৰ পুলি ৰোপণ কৰা হৈছিল যদিও একাংশ নগা লোকে এই কাৰ্যত বাধা প্ৰদান কৰিছিল।
কেৱল সেয়াই নহয় ৰেংমা বনাঞ্চলত দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান চলি থকাৰ মাজতে উচ্ছেদিত স্থানত ফেন্সিং আদিও নলগাবলৈ নগা লোকেসকীয়নি দিছিল । ইয়াৰ পিচত অসম চৰকাৰেও বিবদমান অঞ্চলটোত গছপুলি ৰোপণৰ পৰিকল্পনা আধাতে সামৰিবলগীয়া হৈছিল । পিচে এবছৰ নহওতেই উক্ত উচ্ছেদিত স্থানত চলিছে নগাৰ আগ্ৰাসন ।
সৰুপথাৰ সমজিলাৰ উৰিয়ামঘাটত পুনৰ নগাৰ আগ্ৰাসনক লৈ চলিছে চৰ্চা । উচ্ছেদিত লোকক পুনঃ সংস্থাপনৰ অভিযোগ উত্থাপিত হৈছে। উৰিয়ামঘাটত পুনৰ নগাৰ আগ্ৰাসনৰ এক উদ্বেগজনক ঘটনা পোহৰলৈ আহিছে, য'ত উৰিয়ামঘাটৰ ডিমৰুজান গাঁৱত নগাই এখন দোকান খুলি তাত নগালেণ্ডৰ গাঁও আৰু জিলাৰ নাম উল্লেখ থকা এখন ফলক আঁৰি দিছে ।

'উচান ভিলেজ' নামেৰে ফলক আঁৰিছে নগাই । পূৰ্বতে এই ডিমৰুজান গাঁৱত মাত্ৰ দুই-তিনি ঘৰ নগা লোক বসবাস কৰি আছিল যদিও শেহতীয়াকৈ তেওঁলোকে এটি উচ্ছেদিত পৰিয়ালক তাত থাকিবলৈ দিয়াৰ লগতে তেওঁলোকক ব্যৱসায় কৰিবলৈ এই দোকানখন খুলি দিয়াৰ অভিযোগ উত্থাপিত হৈছে । উচ্ছেদিত লোকক সংস্থাপন দিয়াৰ লগতে ব্যৱসায় কৰিবলৈ দিয়া এই কাৰ্যৰ আলম লৈয়ে নগালেণ্ডৰ নাম আৰু ঠিকনা সম্বলিত ফলক লগোৱা কাৰ্যই এতিয়া সমগ্ৰ উৰিয়ামঘাট অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

এনে পৰিস্থিতিত উচ্ছেদিত লোকক ব্যৱহাৰ কৰিয়েই নগাই কৌশলেৰে অসমৰ ভূমি আগ্ৰাসন কৰিব বিচাৰিছে নেকি, সেই বিষয়ক লৈয়ো এতিয়া ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া আৰু শংকাৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ সভাপতি বিকাশ বৰাই কয়,"অসম-নাগালেণ্ডৰ সীমান্তৰ ডিমৰুজান গাঁওখন আমাৰ অসমৰ । সেই গাঁওখনত দুঘৰ নগা লোকে আচলতে যিটো এটা কাৰ্যপন্থা লৈছে, এই ক্ষেত্ৰত আমি তীব্ৰ বিৰোধিতা কৰিছো । তেওঁলোকে উচ্ছেদিত ব্যক্তিক সংস্থাপন কৰি 'উচান ভিলেজ' নাম দি দোকান প্ৰতিষ্ঠা কৰিছে । এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ সন্থাৰ তৰফৰ পৰা মহকুমা প্ৰশাসনক আমি আহ্বান জনাইছো ।"
কোনো কাৰণত যাতে উচ্ছেদিত ব্যক্তিয়ে নগা ব্যক্তিৰ লগত মিতিৰালি কৰি তাত দোকান খুলিব নোৱাৰে বা তেওঁলোকে নাম ফলক লগাব নোৱাৰে, এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ কাৰণে প্ৰশাসনক অনুৰোধ জনাই তেওঁ কয়, "কোনো কাৰণত যাতে কোনো এঘৰো উচ্ছেদিত ব্যক্তি ইয়াত যাতে গিজগিজাই থাকিব নোৱাৰে বা তেওঁলোকে থিতাপি ল'ব নোৱাৰে, এই ক্ষেত্ৰত ব্যৱস্থা ল'বৰ কাৰণে আমি মহকুমা প্ৰশাসনক অনুৰোধ জনাইছো। যিসকল পৰিয়ালক এতিয়াও উচ্ছেদিত কৰা নাই বা যিসকলক উচ্ছেদ কৰিবলৈ বাকী আছিল, সেইসমূহ গাঁৱত উচ্ছেদ চলাই ইয়াৰ পৰা আঁতৰোৱাৰ ব্যৱস্থা কৰিবৰ কাৰণে অনুৰোধ জনাইছো ।"
ছাত্ৰনেতাজনে পুনৰ কয়, "নগা ব্যক্তিসকলে সংখ্যা বৃদ্ধি কৰি বা নগা দুটা পৰিয়ালে তেওঁলোকৰ সংখ্যা বৃদ্ধি কৰি উচ্ছেদিত ব্যক্তিসকলক লগ লাগাই 'উচান ভিলেজ' নাম দি যি কাৰ্যপন্থা হাতত লৈছে, এই ক্ষেত্ৰত আমি তীব্ৰ বিৰোধিতা কৰিছো । "
লগতে পঢ়ক:কচুতলিৰ ঘটনা : বহু আৰক্ষী বিষয়া আৰু জোৱানলৈ জাননী জাৰি ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ
ৰাজপথ দখল কৰা ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ প্ৰশাসন, শাক-পাচলি বজাৰত প্ৰশাসনৰ হাতোৰা

