আন্দোলনকাৰীক কঠোৰ সকীয়নি ই এম আৰ আই কৰ্তৃপক্ষৰ
কাম নাই দৰমহা নাই, ৫০০ ৰো অধিক কৰ্মচাৰীলৈ অব্যাহতি পত্র ।

Published : December 4, 2025 at 10:45 PM IST
গুৱাহাটী : বিগত চাৰিদিন ধৰি ধৰ্মঘট কৰি থকা ১০৮ মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীসকলক কঠোৰ সকীয়নি ই এম আৰ আই গ্ৰীণ হেল্থ চাৰ্ভিচেছ কৰ্তৃপক্ষৰ । কৰ্মবিৰতি কাৰ্যসূচীৰে আন্দোলনত থকা কৰ্মচাৰীসকলক "ন' ৱৰ্ক ন' পে" অৰ্থাৎ কাম নকৰিলে দৰমহা নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ১০৮ মৃত্যুঞ্জয় সেৱা পৰিচালিত কৰা ই এম আৰ আই গ্ৰীণ হেল্থ চাৰ্ভিচেছ কৰ্তৃপক্ষই ।
উল্লেখ্য যে, চাকৰি নিয়মীয়াকৰণ কৰাৰ লগতে অন্যান্য প্রাপ্য বিচাৰি সোমবাৰৰ পৰা অনিৰ্দিষ্ট কালৰ বাবে ধৰ্মঘট তথা কর্মবিৰতি কাৰ্যসূচী গ্ৰহণ কৰি চচলত প্ৰতিবাদত বহিছে সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থা । প্ৰাপ্য আদায়ৰ প্ৰতিশ্ৰুতি নোপোৱা পৰ্যন্ত ১০৮ মৃত্যুঞ্জয় সেৱাৰ গাড়ী নচলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি চালকসকলে অব্যাহত ৰাখিছে প্ৰতিবাদ ।

আনহাতে চালকসকলৰ লগতে ইমাজেন্সি ৰেছপনছ চাৰ্ভিছ আৰু ইমাজেন্সি মেডিকেল টেকনিচিয়ানৰ প্ৰায় ৩ হাজাৰ কৰ্মচাৰীয়েও কর্মবিৰতি কাৰ্যসূচী গ্ৰহণ কৰিছে । যাৰ ফলত বিগত চাৰিদিন ধৰি ব্যাহত হৈ পৰিছে ১০৮ মৃত্যুঞ্জয় সেৱা । ইয়াৰ মাজতে ১০৮ মৃত্যুঞ্জয় সেৱা পৰিচালিত কৰা ই এম আৰ আই গ্ৰীণ হেল্থ চাৰ্ভিচেছে বিকল্প ব্যৱস্থাৰে চলাই গৈছে ১০৮ মৃত্যুঞ্জয় এম্বুলেন্স সেৱা ।
এই সন্দৰ্ভত ই এম আৰ আই গ্ৰীণ হেল্থ চাৰ্ভিচেছৰ এইচ আৰ হেড সিদ্ধাৰ্থ লস্কৰে কয়, "ই এম আৰ আই গ্রীণ হেল্থ চাৰ্ভিচেছে আজি পৰিচালনাৰ পৰা একাধিক আবেদনৰ পিছতো কৰ্তব্যৰ পৰা বিৰত থকা ই এম টি ই আৰ অ' আৰু পাইলটসকলৰ এটা অংশৰ দ্বাৰা চলি থকা অবৈধ আন্দোলনৰ প্ৰতি লক্ষ্য ৰাখি ছাৰ্ভিচ বুকৰ নিৰ্দেশনা আৰু অনুমোদিত স্থায়ী আদেশৰ সৈতে সংগতি ৰাখি 'ন' ৱৰ্ক-ন' পে' নীতি বজাই ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।"
লস্কৰে কয়, "ব্যৱস্থাপনাৰ পৰা অসংখ্য অনুৰোধ আৰু নিৰন্তৰ যোগাযোগৰ পাছতো মাত্র ১৫০ জন কৰ্মচাৰীয়ে এতিয়ালৈকে কৰ্তব্য পুনৰ আৰম্ভ কৰিছে । আনহাতে বাকীসকলে কামৰ পৰা আঁতৰি আছে । যাৰ ফলত অসমৰ জনসাধাৰণৰ বাবে জৰুৰীকালীন চিকিৎসা সেৱা গুৰুতৰভাৱে ব্যাহত হৈছে ।"
লস্কৰে কয়, "১৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱাৰ নিৰবিচ্ছিন্ন ধাৰাবাহিকতা নিশ্চিত কৰিবলৈ আৰু জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ পৰিচালনাই ইতিমধ্যে অসমৰ ছয়টা স্থানত নিযুক্তি অভিযান আৰম্ভ কৰিছে । নতুন নিযুক্তিৰ বাবে প্ৰশিক্ষণ আৰু নিয়োজন প্রক্রিয়া ত্বৰান্বিত কৰিবলৈ প্ৰশিক্ষকসকলক একত্ৰিত কৰা হৈছে ।"

তেওঁ কয়, "মেনেজমেণ্টে ধৰ্মঘট কৰা সকলো কৰ্মচাৰীক কাইলৈৰ ভিতৰত কৰ্তব্য পুনৰ আৰম্ভ কৰিবলৈ এক চূড়ান্ত আবেদন জাৰি কৰিছে । এইটো স্পষ্টভাৱে কোৱা হৈছে যে যিসকলে নিৰ্ধাৰিত সময়ৰ ভিতৰত কৰ্তব্যলৈ উভতি আহিব নোৱাৰে তেওঁলোকক নতুনকৈ নিযুক্তি দিয়া কৰ্মচাৰীৰ দ্বাৰা সলনি কৰা হ'ব আৰু সংগঠনটোৱে অধিক বৰ্খাস্তৰ সৈতে আগবাঢ়িবলৈ বাধ্য হ'ব ।"
তেওঁ লগতে কয়, "মেনেজমেণ্টে এই সিদ্ধান্ত সম্পূৰ্ণৰূপে জনকল্যাণ আৰু জৰুৰীকালীন সেৱাৰ ধাৰাবাহিকতাৰ স্বাৰ্থত লৈছে । আমাৰ উদ্দেশ্য কেতিয়াও কোনো সমৰ্পিত আৰু কঠোৰ পৰিশ্ৰমী ই এম টি ই আৰ অ' বা পাইলটক বৰ্খাস্ত কৰা নাছিল । অৱশ্যে অসমৰ জনসাধাৰণৰ জীৱন সুৰক্ষিত কৰিবলৈ নতুন নিযুক্তি আৰম্ভ কৰাৰ বাহিৰে আমাৰ হাতত কোনো বিকল্প নাই ।"
লস্কৰে কয়, "ই এম আৰ আই গ্ৰীণ হেলথ চাৰ্ভিচেছে জনসাধাৰণৰ বাবে নিৰবিচ্ছিন্ন সেৱা নিশ্চিত কৰিবলৈ জিলা প্ৰশাসন আৰু ই এম আৰ আইক স্পষ্ট নিৰ্দেশনা জাৰি কৰাৰ বাবে স্বাস্থ্যমন্ত্ৰী ওচৰত আন্তৰিক কৃতজ্ঞতা প্রকাশ কৰে । এক হাজাৰৰো অধিক কৰ্মচাৰীয়ে ই এম আৰ আই ফিল্ড মেনেজমেণ্টৰ ওচৰলৈ গৈ কৰ্তব্য পুনৰ আৰম্ভ কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছে যদিও সংগঠনটোৰ সদস্যসকলৰ চাপৰ বাবে বহুতে দ্বিধাবোধ কৰিছে ।"
লস্কৰে কয়, "মেনেজমেণ্টে তেওঁলোকক কাইলৈ বা তাৰ আগতে ইতিবাচকভাৱে কৰ্তব্যত যোগদান কৰিবলৈ পৰামৰ্শ দিছে আৰু সম্পূৰ্ণ সমৰ্থন আৰু সুৰক্ষাৰ আশ্বাস দিছে ।"
তেওঁ লগতে কয়, "সমগ্ৰ অসমত সেৱা পুনৰুদ্ধাৰৰ কাম দ্রুতগতিত চলি আছে । উজনি অসমত নিয়োজিত ১৯৬ খন এম্বুলেন্সৰ ভিতৰত ১২০ খন বুধবাৰে কাৰ্যক্ষম আছিল আৰু কাইলৈৰ ভিতৰত সম্পূৰ্ণ কাৰ্যকৰী ক্ষমতা প্ৰাপ্ত কৰা হ'ব বুলি আশা কৰা হৈছে ।"
তেওঁ আৰু কয়, "নামনি অসমত ৩০৩ খন নিয়োজিত এম্বুলেন্সৰ ভিতৰত বুধবাৰে ১৫০ খন কাৰ্যক্ষম আছিল আৰু কাইলৈৰ ভিতৰত সম্পূৰ্ণ কাৰ্যকৰী কৰা হ'ব । অসমৰ বাকী অংশত ২৯৪ খন এম্বুলেন্সৰ ভিতৰত আজি ২০০ খন কাৰ্যকৰী কৰা হৈছে । সমগ্ৰ ৰাজ্যত ১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱাৰ নিৰবিচ্ছিন্ন সেৱা নিশ্চিত কৰিবলৈ এক শক্তিশালী কৰ্মচাৰী একত্ৰিত কৰা হৈছে ।"

তেওঁ কয়, "কাম নাই-দৰমহা নাই নীতি আৰু সেৱা অব্যাহত ৰখাৰ আদেশৰ সৈতে সংগতি ৰাখি বুধবাৰলৈকে ৫০০ খন অব্যাহতি পত্র জাৰি কৰা হৈছে । ই এম আৰ আই গ্ৰীণ হেলথ চাৰ্ভিচেছে অসমত জীৱন ৰক্ষা আৰু নিৰবিচ্ছিন্ন জৰুৰীকালীন চিকিৎসা সঁহাৰি সেৱা নিশ্চিত কৰাৰ ক্ষেত্ৰত অটল ।"
ইফালে চচলত কৰ্মচাৰীসকলে অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী । প্ৰতিবাদকাৰীসকলে বৃহস্পতিবাৰে অৰ্ধ উলংঘ হৈ বিক্ষোভ প্ৰদৰ্শন কৰে ।

