ETV Bharat / state

জনী জনী, য়েছ পাপ্পা... লুকাই-চুৰকৈ সোমাইছা ? ন’ পাপ্পা... ! ধেমালিৰ চলেৰে মুখ্যমন্ত্ৰীৰ সকীয়নি বাৰ্তা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ এক্স একাউণ্টত অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে এটা পোষ্ট প্ৰকাশ কৰি চৰকাৰৰ কঠোৰ স্থিতিৰ কথা পুনৰবাৰ দোহাৰিছে ৷

HIMANTA BISWA SARMA x post
ধেমালিৰ চলেৰে মুখ্যমন্ত্ৰীৰ সকীয়নি বাৰ্তা (X@himantabiswa)
author img

By ETV Bharat Assamese Team

Published : August 26, 2026 at 11:28 AM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজ্যখনত সংঘটিত প্ৰতিটো নীতি বহিৰ্ভুত, বে-আইনী কামত শেনচকু ৰাখিছে ৷ বিশেষকৈ ড্ৰাগছৰ দৰে বৰবিহ আৰু অনুপ্ৰৱেশকাৰীৰ ওপৰত কঠোৰ দৃষ্টি ৰাখিছে চৰকাৰ তথা প্ৰশাসনে ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ এক্স একাউণ্টত অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে এটা পোষ্ট প্ৰকাশ কৰি চৰকাৰৰ স্থিতিৰ কথা পুনৰবাৰ দোহাৰিছে ৷

এটা জনপ্ৰিয় ইংৰাজী কবিতা প্ৰায় সকলোৱে নিশ্চয় শুনিছে ৷ সেয়া হৈছে - ‘‘জনী জনী, য়েছ পাপ্পা’’ ৷ এই কবিতাৰ পংক্তিসমূহৰ লেখীয়াকৈ মুখ্যমন্ত্ৰীয়ে নিজৰ পোষ্টটো আৰম্ভ কৰি ভাৰতত প্ৰৱেশ কৰিবলৈ আহি ধৰা পৰা ১১ টা অনুপ্ৰৱেশকাৰীৰ কথা ৰাজহুৱা কৰিছে ৷ মঙলবাৰে নিশা এই ১১ টা অনুপ্ৰৱেশকাৰীক অসম আৰক্ষীয়ে ভাৰত-বাংলা সীমান্তৰ দক্ষিণ শালমাৰাত কৰায়ত্ত কৰে ৷

মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এক্সত প্ৰকাশ কৰা পোষ্টটো এনেধৰণৰ, ‘‘জনী জনী, য়েছ, পাপ্পা । লুকাই-চুৰকৈ সোমাইছা ? ন’ পাপ্পা । দক্ষিণ শালমাৰাত অবৈধভাৱে ভাৰতত প্ৰৱেশৰ চেষ্টা কৰা ১১ জন ব্যক্তিক তাৎক্ষণিকভাৱে কৰায়ত্ত কৰি সীমান্ত পাৰ হোৱাত বাধা প্ৰদান কৰা হয় ৷ অসম সজাগ । প্ৰতিবাৰেই বিফল হ’ব অবৈধ অনুপ্ৰৱেশ ।’’

মুখ্যমন্ত্ৰীগৰাকীৰ এই পোষ্টটোৱে চৰকাৰ তথা প্ৰশাসনৰ সজাগতাৰ পৰিচয় দাঙি ধৰিছে ৷ আৰক্ষীয়ে কৰায়ত্ত কৰা এই দলটোত পাঁচজন পুৰুষ, তিনিগৰাকী মহিলা আৰু তিনিটা শিশুও আছে ৷

উল্লেখ্য যে, বিগত ২১ আগষ্টতো অনুৰূপধৰণে ভাৰত-বাংলা সীমান্তৰ দক্ষিণ শালমাৰাৰে ছজনীয়া অনুপ্ৰৱেশকাৰীৰ এটা দলে ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছিল ৷ অৱশ্যে অসম আৰক্ষীৰ তৎপৰতাত সেয়া ব্যৰ্থ হৈছিল ৷ সেই সময়তো এই বিষয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত পোষ্ট প্ৰকাশ কৰিছিল ৷ এই দলটোত দুজন পুৰুষ, দুগৰাকী মহিলা আৰু দুটা শিশু আছিল ৷

লগতে পঢ়ক: বানত পুনৰ ২ জন লোকৰ মৃত্যু; মৃতকৰ সংখ্যা ১০৭ জনলৈ বৃদ্ধি