এ পি ডি চি এলত ভূত ওলাইছে ! গৰাকী মৃত, মিটাৰৰ সংযোগো বিচ্ছিন্ন, বিল আহিল ২৪ হাজাৰ
কলগাছিয়াৰ দেউকুৰাত বিদ্যুৎ বিভাগৰ অনিয়ম । ৫ বছৰ পূৰ্বে সংযোগ বিচ্ছিন্ন কৰি দিয়া এগৰাকী মৃত মহিলাৰ নামত আহিল ২৩ হাজাৰ ৭৭২ টকাৰ বিদ্যুৎ বিল ।

Published : July 14, 2026 at 4:56 PM IST
জনীয়া: কলগাছিয়াৰ দেউকুৰাত বিদ্যুৎ বিভাগৰ গাফিলতি আৰু অনিয়মক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য । প্ৰায় পাঁচ বছৰ পূৰ্বে সংযোগ বিচ্ছিন্ন কৰি দিয়া এগৰাকী মৃত মহিলাৰ নামত আহিল ২৩ হাজাৰ ৭৭২ টকাৰ বিদ্যুৎ বিল । লগতে মিটাৰ ৰীডাৰে মৃত মহিলাৰ মিটাৰ নিজৰ ঘৰত ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।
এই ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু মিটাৰ লগাবলৈ অহা মিটাৰ ৰীডাৰ মজিবৰ ৰহমানক ৰাইজে আটক কৰি জবাবদিহি কৰে ।
কলগাছিয়াৰ দেউকুৰা গাঁৱত পোহৰলৈ আহিছে বিদ্যুৎ বিভাগৰ তথাকথিত চূড়ান্ত অৰাজকতা । অভিযোগ অনুসৰি, বহুদিন পূৰ্বেই সংযোগ বিচ্ছিন্ন কৰি দিয়া আৰু ইতিমধ্যে মৃত্যুবৰণ কৰা বিধৱা মহিলা ছামাতন নেহাৰৰ নামত ২৩ হাজাৰ ৭৭২ টকাৰ বিদ্যুৎ বিল জাৰি হোৱাত অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
জানিব পৰা মতে, ২০২১ চনত ছামাতন নেহাৰে বিদ্যুৎ বিভাগৰ সকলো বকেয়া পৰিশোধ কৰি সংযোগ বিচ্ছিন্ন কৰাৰ বাবে আবেদন জনাইছিল । সেই সময়ত প্ৰায় ৭ হাজাৰ ৯৯ টকাৰ বকেয়া সম্পূৰ্ণ পৰিশোধ কৰাৰ লগতে সংযোগ কাটি দিবলৈ মিটাৰ ৰীডাৰ মজিবৰ ৰহমানক ৩ হাজাৰ ৫০০ টকা দিয়া হৈছিল বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ।

কিন্তু অভিযোগ অনুসৰি, সংযোগ বিচ্ছিন্ন কৰাৰ কাম সম্পূৰ্ণ নোহোৱাকৈ টকাখিনি আত্মসাৎ কৰা হয় । পৰৱৰ্তী সময়ত মহিলাগৰাকীয়ে নিজেই সৰভোগ বিদ্যুৎ উপ-সংমণ্ডল কাৰ্যালয়ত গৈ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰে । ইয়াৰে কিছুদিন পিছতে তেওঁৰ মৃত্যু হয় । কিন্তু প্ৰায় পাঁচ বছৰৰ পিছত মৃত মহিলাগৰাকীৰ নামত থকা মিটাৰ পুনৰ লগাবলৈ মিটাৰ ৰীডাৰ মজিবৰ ৰহমান দেউকুৰাত উপস্থিত হোৱাত সন্দেহৰ সৃষ্টি হয় ।
ঘটনাস্থলীত একত্ৰিত হোৱা ৰাইজে তেওঁক আটক কৰি বিভিন্ন প্ৰশ্ন উত্থাপন কৰে । স্থানীয় লোকৰ অভিযোগ, মজিবৰ ৰহমানে মৃত মহিলাৰ নামত থকা মিটাৰ নিজৰ ঘৰত ব্যৱহাৰ কৰি আহিছিল । ৰাইজৰ সন্মুখত তেওঁ নিজৰ ঘৰত মিটাৰ থকা বুলি স্বীকাৰ কৰাৰ লগতে মৃত মহিলাগৰাকীৰ নামত বিদ্যুৎ বিল অহাটো ভুল হোৱা বুলি মন্তব্য কৰা বুলি অভিযোগ উত্থাপন হৈছে ।
এগৰাকী স্থানীয় ব্যক্তিয়ে কয়, "ৰাইজে আবদ্ধ কৰিছে আমাৰ দেউকুৰাত যিজনে মিটাৰ ৰীডিং লয়, তেওঁৰ নাম মজিবৰ ৰহমান । ছামাতন নেহাৰ নামৰ এগৰাকী বিধৱা মহিলা আছিল, তেওঁৰ ল'ৰা-ছোৱালী একো নাই । তেওঁৰ নামত এটা লাইন আছিল ২০২১ চনত । তেওঁ ঢুকোৱাৰ আগত গাঁৱৰ মানুহ মাতি আনি ক'লে যে মোৰ লাইনৰ বিল দিবলগা আছে । তেওঁৰ ঘৰত দুই-তিনিডাল গছ আছিল বিক্ৰী কৰি লাইনৰ বিল সম্পূৰ্ণ পৰিশোধ কৰি লাইনটো কাটি দিলে । লাইন মেন আহি মিটাৰ খুলি লৈ গ'ল । তাৰ পিছত বিধৱাজনী ঢুকাল । এতিয়া ২০২৬ চনত মজিবৰ ৰহমানে তেওঁৰ নামত থকা মিটাৰটো আৰু লাইন বিল লৈ আহিছে ।"
এই ঘটনাই বিদ্যুৎ বিভাগৰ কাম-কাজ আৰু তদাৰকীক লৈ একাধিক প্ৰশ্নৰ সৃষ্টি কৰিছে । মৃত ব্যক্তিৰ নামত কেনেকৈ বিল জাৰি হ'ল, সংযোগ বিচ্ছিন্ন কৰাৰ পিছতো কেনেকৈ মিটাৰৰ ব্যৱহাৰ চলি থাকিল আৰু ইয়াৰ বাবে কোন দায়ী, এই সকলো বিষয়ৰ নিৰপেক্ষ তদন্ত দাবী কৰিছে স্থানীয় ৰাইজে । লগতে অভিযুক্ত মিটাৰ ৰীডাৰ মজিবৰ ৰহমানৰ বিৰুদ্ধে কঠোৰ বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে ক্ষুব্ধ স্থানীয় বাসিন্দাই ।

