গুৱাহাটীতো উলহ-মালহেৰে পালন ঈদ-উল-ফিটৰ : অজাপৰ প্ৰাৰ্থী কুংকিও আহিল নামাজলৈ
শনিবাৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰে পৱিত্ৰ উৎসৱ ঈদ-উল-ফিটৰ ৷ মাছখোৱাস্থিত গুৱাহাটী ঈদগাহত অনুষ্ঠিত হয় সমূহীয়া নামাজ ৷

Published : March 21, 2026 at 2:30 PM IST
গুৱাহাটী : শুকুৰবাৰে আকাশত জোন দেখা পোৱাৰ পাছতেই শনিবাৰে সমগ্ৰ দেশৰ লগতে অসমতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰে পৱিত্ৰ ঈদ-উল-ফিটৰ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত উলহ-মালহেৰে পালন কৰে ঈদ-উল-ফিটৰ ৷
বিশ্বৰ ইছলাম ধৰ্মীয় লোকসকলে এমহীয়া ৰোজা সামৰি আন আন ৰাজ্যৰ লগতে অসমতো ঈদগাহ ময়দান আৰু মছজিদসমূহত পুৱাৰ ভাগত ঈদ-উল-ফিটৰৰ সমূহীয়া নামাজ আদায় কৰে ৷ মহানগৰীৰ মাছখোৱাস্থিতি গুৱাহাটী ঈদগাহত কেইবাহাজাৰ লোকে সমূহীয়া নামাজত অংশগ্ৰহণ কৰি বিশ্বশান্তিৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰে ৷
আনহাতে, মাছখোৱাস্থিত গুৱাহাটী ঈদগাহত অনুষ্ঠিত সমূহীয়া নামাজৰ সময়ত উপস্থিত থাকে মধ্য গুৱাহাটী সমষ্টিৰ বিৰোধী ঐক্যৰ সমৰ্থিত অসম জাতীয় পৰিষদৰ প্ৰক্ষেপিত প্ৰাৰ্থী কুংকি চৌধুৰী ৷ ঈদৰ শুভেচ্ছা জনাই তেওঁ কয়, "মই প্ৰথমবাৰৰ নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ ওলাইছো ৷ সেয়ে ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰি আহিছো ৷"
সমান্তৰালকৈ গুৱাহাটী মহানগৰীৰ ভিন্ন মছজিদ ঈদগাহ ময়দানবোৰতো সমূহীয়া নামাজ অনুষ্ঠিত হয় ৷ মহানগৰীৰ আমবাৰীৰ বুঢ়া জামে মছজিদ, ইছলামপুৰ জামে মছজিদ, মাছখোৱা মছজিদ, হাতীগাঁও খানকাহ ঈদগাহ, জুৰিপাৰ নোৱাপাৰা মছজিদ, পুৰণাবস্তি মছজিদ আদিকে ধৰি মহানগৰৰ বিভিন্ন মছজিদ, ঈদগাত সমূহীয়া নামাজ অনুষ্ঠিত হয় ৷
উল্লেখ্য যে, ৰমজান হৈছে ইছলামিক কেলেণ্ডাৰৰ নৱম মাহ ৷ ইছলামৰ ধৰ্ম মতে, আটাইতকৈ পৱিত্ৰ সময়টো হৈছে এই ৰমজান মাহ ৷ এই মাহতে মুছলমানে লোকে পুৱা পৰা সন্ধিয়ালৈকে কঠোৰ উপবাস পালন কৰে ৷
আনহাতে ঈদ-উল-ফিটৰ আৰম্ভ হয় সূৰ্য উদয়ৰ কিছু সময়ৰ পিছত অনুষ্ঠিত হোৱা বিশেষ জামাতৰ নামাজেৰে । দৈনিক নামাজৰ দৰে পুৱাৰ বিশেষ নামাজত পৰম্পৰাগত প্ৰাৰ্থনা অন্তৰ্ভুক্তৰ বিপৰীতে আল্লাহৰ বাণী অধিক পাঠ কৰা হয় উক্ত নামাজত ৷ উল্লেখ্য যে নামাজত অংশগ্ৰহণ কৰাৰ পূৰ্বে দুখীয়া লোকক দান-বৰঙণি দিব লাগিব, যাতে আৰ্তজনেও উদযাপনত অংশগ্ৰহণ কৰিব পাৰে ৷
ইফালে, ঈদ-উল-ফিটৰৰ পৱিত্ৰ ক্ষণত দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীয়ে সমূহ ইছলাম ধৰ্মাৱলম্বী লোকক শুভেচ্ছা জ্ঞাপন কৰে ৷

