প্ৰাক্তন ডিআইজি প্ৰশান্ত কুমাৰ দত্তৰ সম্পত্তি বাজেয়াপ্ত ইডিৰ
ইডিয়ে প্ৰাক্তন ডিআইজি প্ৰশান্ত কুমাৰ দত্তৰ গুৱাহাটীৰ পল্টনবজাৰ আৰু বেতকুছিত থকা বিলাসী হোটেলৰ লগতে মুম্বাইৰ দুটা বিলাসী অট্টালিকা ইডিয়ে বাজেয়াপ্ত কৰে ৷

Published : June 28, 2026 at 8:08 AM IST
গুৱাহাটী : অসম আৰক্ষীৰ এছআই নিযুক্তি কেলেংকাৰীৰ অন্যতম অভিযুক্ত প্ৰাক্তন ডিআইজি প্ৰশান্ত কুমাৰ দত্তৰ হোটেল, অট্টালিকাকে ধৰি বহু সম্পত্তি ইডিয়ে শনিবাৰে বাজেয়াপ্ত কৰে ৷ প্ৰাক্তন আৰক্ষী বিষয়াগৰাকীৰ কোটি-কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰে ইডিয়ে ৷ দত্তই আয় বৰ্হিভূতঃভাৱে আহৰণ কৰিছিল সম্পত্তি ৷
প্ৰাক্তন আৰক্ষী বিষয়াগৰাকীয়ে এছআই নিযুক্তি কেলেংকাৰী সংঘটিত কৰি পলাতক অৱস্থাত আছিল ৷ পাছত ভাৰত-নেপাল সীমান্তত গ্ৰেপ্তাৰ কৰা হৈছিল প্ৰশান্ত কুমাৰ দত্তক ৷ ইডিয়ে প্ৰাক্তন ডিআইজি প্ৰশান্ত কুমাৰ দত্তৰ গুৱাহাটীৰ পল্টনবজাৰ আৰু বেতকুছিত থকা বিলাসী হোটেলৰ লগতে মুম্বাইৰ দুটা বিলাসী অট্টালিকা ইডিয়ে বাজেয়াপ্ত কৰে ৷

ইডিৰ গুৱাহাটী মাণ্ডলিক কাৰ্যালয়ে দিয়া বিবৃতি অনুসৰি ভাৰতীয় আৰক্ষী সেৱাৰ এজন অৱসৰপ্ৰাপ্ত বিষয়া প্ৰশান্ত কুমাৰ দত্ত, তেওঁৰ পৰিয়ালৰ সদস্য আৰু গ্ৰুপ কোম্পানীসমূহ সম্পত্তি বাজেয়াপ্ত কৰা হৈছে ৷ প্ৰাক্তন আইপিএছ বিষয়াগৰাকীৰ বিৰুদ্ধে ১৯৯২ চনৰ পৰা ২০১৯ চনলৈকে আয়ৰ উৎসতকৈ অধিক সম্পত্তি থকাৰ অভিযোগ ৷"
বিবৃতিটোত লগতে কোৱা হৈছে, "ইডিয়ে গুৱাহাটীৰ পল্টনবজাৰৰ দিদাৰ মাৰ্কেটত থকা 'হোটেল ভাৰ্গৱ', পল্টনবজাৰৰ ঈশ্বান মাৰ্কেটত থকা 'ভাৰ্গৱ ইন', গুৱাহাটীৰ লখৰা চাৰিআলিৰ ঈশান আৰ্কেডৰ হোটেল ভাৰ্গৱ আৰু বেতকুছিস্থিত 'হোটেল ভাৰ্গৱ গ্ৰেণ্ড' বাজেয়াপ্ত কৰে ৷ লগতে মুম্বাইৰ আন্ধেৰী (ৱেষ্ট)স্থিত 'সমৰ্থ দীপ' নামৰ এপাৰ্টমেণ্টৰ দুটা ফ্লেটো বাজেয়াপ্ত কৰিছে ইডিয়ে ৷ আনুমানিক ৫৩.২৮ কোটি টকা সম্পত্তি বাজেয়াপ্ত কৰিছে ইডিয়ে ৷"

উল্লেখ্য যে ২০২০ চনৰ ৰাজ্য কঁপোৱা এছআই কেলেংকাৰীৰ অভিযুক্ত আছিল প্ৰাক্তন আইপিএছ বিষয়া প্ৰশান্ত কুমাৰ দত্ত ৷ ভাৰত-নেপাল সীমান্তৰ কাকাৰভিটাৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল প্ৰশান্ত কুমাৰ দত্তক ৷ এছআই কেলেংকাৰীত নাম সাঙোৰ খোৱাৰ পিছতে পোহৰলৈ আছিল চাকৰি কালত আই পি এছ বিষয়া প্ৰশান্ত কুমাৰ দত্তই গঢ়া পৰ্বতসম দুৰ্নীতিৰ ভয়াৱহ তথ্য ৷
এই তথ্য লাভ পিছতে প্ৰশান্ত কুমাৰ দত্তৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছিল ইডিয়ে ৷ শনিবাৰে ইডিয়ে জব্দ কৰে আৰক্ষী বিষয়াগৰাকীৰ আয়ৰ উৎসতকৈ অধিক থকা সম্পত্তি ৷
লগতে পঢ়ক : অসমকে ধৰি দেশৰ ১৬ খন ৰাজ্যত চিবিআইৰ বৃহৎ অভিযান

