হাতত ঝাড়ু, জাৱৰ পেলোৱা মোনা লৈ শিক্ষাৰ্থীৰ স্বচ্ছ অভিযান; লক্ষ্য- চিৰ সেউজীয়া পবাক জীয়াই ৰখা
জোনাইত বিভিন্ন মহাবিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থীৰ দ্বাৰা গঠিত বেচৰকাৰী সংস্থা "ইক’ছ অৱ পবা"ৰ প্ৰশংসনীয় পদক্ষেপ ৷ পবা বনাঞ্চলত ডাষ্টবিনৰ ব্যৱস্থা, প্ৰতি দেওবাৰে চাফাই অভিযান ৷

Published : February 26, 2026 at 2:50 PM IST
জোনাই : বেচৰকাৰী সংস্থা (NGO) হৈছে চৰকাৰৰ পৰা স্বতন্ত্ৰ, স্বেচ্ছাসেৱীমূলক অ-লাভজনক সংগঠন ৷ যিবোৰে সামাজিক, সাংস্কৃতিক বা মানৱীয় উন্নয়নৰ বাবে কাম কৰে । অসম তথা ভাৰতত শিক্ষণ, স্বাস্থ্য, মহিলা সৱলীকৰণ আৰু গ্ৰাম্য উন্নয়নৰ দৰে ক্ষেত্ৰত এই সংস্থাসমূহে নিৰন্তৰ সেৱা আগবঢ়াই আহিছে ।
কিন্তু ইয়াৰ মাজতে জোনাই বিভিন্ন মহাবিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থীয়ে গঠন কৰিছে এনে এটা বেচৰকাৰী সংস্থা, যাৰ উদ্দেশ্যে ‘‘পৰিৱেশ নিকাকৰণ কৰি বনাঞ্চল ৰক্ষা’’ কৰা ৷ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা গঠিত এই বেচৰকাৰী সংন্থাটোৰ নাম "জোনাই ইক’ছ অৱ পবা" ৷
গছ থাকিলেহে মানুহ থাকিব - এই উদ্দেশ্য আগত লৈ ধেমাজি জিলাৰ জোনাই সম জিলাৰ অন্তৰ্গত পবা সংৰক্ষিত বনাঞ্চলত ‘‘জোনাই ইক’ছ অৱ পবা’’ৰ দ্বাৰা প্ৰতি দেওবাৰে অব্যাহত ৰাখিছে চাফাই অভিযান ৷
- ইক’ছ অৱ পবা গঠন লক্ষ্য উদ্দেশ্য :
ইক’ছ অৱ পবাৰ সাধাৰণ সম্পাদক নীলাংগ পেগুৱে জানিবলৈ দিয়া মতে, ২৪ ডিচেম্বৰ ২০২৫ চনত এই বেচৰকাৰী সংস্থাটো গঠন কৰা হয় । এই বেচৰকাৰী সংস্থাটো কেনেদৰে গঠন কৰা হৈছিল, সেই সন্দৰ্ভত তেওঁ কয় যে -
এদিন বিভিন্ন মহাবিদ্যালয়ত অধ্যয়নৰত কেইজনমান ছাত্ৰই পবা সংৰক্ষিত বনাঞ্চলত ফুৰিবলৈ আহিছিল ৷ তেতিয়া তেওঁলোকে দেখে যে বহু পৰ্যটকে জোনাইৰ পবা সংৰক্ষিত বনাঞ্চলৰ তিনিমাইল ঘাটত বনভোজ খাবলৈ আহি বিভিন্ন ধৰণৰ প্লাষ্টিক জাতীয় সামগ্ৰী পেলাই আবৰ্জনা সৃষ্টি কৰিছে । যাৰ ফলত পবা বনাঞ্চলৰ গছ-গছনিৰ লগতে চিয়াং লালী নদীখনত থকা জলস্তৰৰ প্ৰাণীৰ প্ৰতি এক প্ৰকাৰৰ ভাবুকি আহিছে ।

এইবোৰ দেখি চিন্তিত হৈ পৰিল তেওঁলোক ৷ তাৰ পাছতে জোনাই সম জিলাৰ আয়ুস ৰেখা সদৃশ পবাক জীয়াই ৰাখিবলৈ তেওঁলোকে পবাত পৰি থকা প্লাষ্টিক জাতীয় আবৰ্জনাসমূহ পৰিষ্কাৰ কৰিবলৈ লয় ৷ পবাক জীয়াই ৰখাৰ স্বাৰ্থত ছাত্ৰকেইজনে ইক’ছ অৱ পবা নামেৰে এটা বেচৰকাৰী সংন্থা গঠন কৰে ।
"ইক’ছ অৱ পবা"ৰ সভাপতি হিচাপে দ্বীপৰাজ দলে, উপ-সভাপতি সমুজ্জ্বল পেগু, সাধাৰণ সম্পাদক নীলাংগ পেগু, কোষাধক্ষ্য বিজিত পেগু আৰু সদস্য হিচাপে নয়ন দলে, বিতুপন দলে, প্ৰাণজ্যোতি দলে, দেৱকৃষ্ণ পাতিৰ, ৰাজীৱ কুম্বাং, দৰ্জিক দলে, ঋষভ দলে, ললাদ পেগু, সত্ৰ পদি, দালেশ দলে, চাঃন ৰেগন, প্ৰীতম টায়ে, প্ৰণৱজ্যোতি টায়ে, চন্দন দলে, মানস নৰহ, দেৱজিৎ দলে, ইন্দ্ৰনুজ পেগু, যুগল সোণোৱাল, নিয়াজ কুম্বাং, উদয় মৰং, যুৱৰাজ দলে, কেয়ানু পাতিৰ, ৰনোজ নৰহ, গৌৰৱ দেউৰী, বস্তৱ কলিতাকে ধৰি ৩৫ জনীয়া সদস্যক লৈ এই বেচৰকাৰী সংন্থাটো গঠন কৰে ।

- ইক’ছ অৱ পবা মুখ্য উপদেষ্টা অৱসৰ প্ৰাপ্ত শিক্ষক তথা প্ৰকৃতিকৰ্মী তোষেশ্বৰ মিৰি আগৰৱালাৰ মন্তব্য :
জোনাই বিভিন্ন মহাবিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থীৰ দ্বাৰা গঠন হোৱা "ইক’ছ অৱ পবা"ৰ সন্দৰ্ভত তেওঁ কয় যে নতুনকৈ গঠন হোৱা ই জোনাইৰ এটা বেচৰকাৰী সংন্থা । দিনক দিনে পবা বনাঞ্চলত বাঢ়ি গৈ থকা আবৰ্জনা শিক্ষাৰ্থীসকলৰ দৃষ্টিগোচৰ হৈছিল ৷ যাৰ ফলত পবা বনাঞ্চলৰ নৈশৈৰ্গিক সৌন্দৰ্য একেবাৰে কুৰূপ হৈ পৰিছিল ।
তেওঁলোকে পবা বনাঞ্চলৰ সৌন্দৰ্য পৰিৱেশগত, যাতে আবৰ্জনা বাঢ়ি নাযায়, তাৰ প্ৰতি লক্ষ্য ৰাখি এদিন জোনাইৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা প্ৰকৃতিকৰ্মী তোষেশ্বৰ মিৰি আগৰৱালাৰ কাষ চাপে ৷ তাৰ পাছতে শিক্ষাৰ্থীসকলে তেওঁলোকৰ মনৰ উদ্দেশ্যৰ কথা প্ৰকাশ কৰে ।
পবা বনাঞ্চলত সিঁচৰিত প্লাষ্টিকৰ আৱৰ্জনাসমূহে নাইকীয়া কৰিব লাগিব বুলি উপলব্ধি কৰি বিভিন্ন মহাবিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থীসকলকলৈ ‘‘ইক’ছ অৱ পবা’’ নামেৰে এটা বে-চৰকাৰী সংন্থা গঠন কৰা হয় ।
তোষেশ্বৰ মিৰি আগৰৱালাই কয়, ‘‘ইকছ অৱ পবাৰ মুখ্য উপদেষ্টা হিচাপে মই প্ৰতিনিধিত্ব কৰি আছো । বৰ্তমান আমি পবা বনাঞ্চল সুৰক্ষা আৰু নিকাকৰণ বাবে প্লাষ্টিক জাতীয় সামগ্ৰীসমূহ সংগ্ৰহ কৰি ডি কম্পজিঙৰ ব্যৱস্থা কৰাৰ লগতে ঠায়ে ঠায়ে বাঁহেৰে ডাষ্টবিনৰ ব্যৱস্থা কৰি দিয়া হৈছে । পবা বনাঞ্চলত প্ৰৱেশ কৰা পৰ্যটক বা বনভোজ খাবলৈ অহা লোকসকলক কিছুমান নিয়মাৱলী প্ৰস্তুত কৰি পৰ্যটককসকলক সতৰ্ক কৰি আহিছে ইক’ছ অফ পবাই ।’’
সেয়ে পবা বনাঞ্চললৈ অহা পৰ্যটকসকলে যাতে প্লাষ্টিক জাতীয় সামগ্ৰী লগত নানে নাইবা লগত আনে যদিও তেওঁলোকক ওভতাই নিবলৈ আহ্বান জনায় প্ৰকৃতিপ্ৰেমী তোষেশ্বৰ মিৰি আগৰৱালাই ।
- প্ৰতি দেওবাৰে কৰে ছাফাই অভিযান :
উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত অধ্যয়নৰত জোনাই অঞ্চলৰ প্ৰায় পয়ত্ৰিশজন ছাত্ৰৰ দ্বাৰা গঠিত বেচৰকাৰী সংস্থা "ইক’ছ অৱ পবা" ৷ এই সংস্থাৰ দ্বাৰা বিগত ডিচেম্বৰ মাহৰ পৰাই পবাত প্ৰতি দেওবাৰে চাফাই অভিযান চলাই থকা হৈছে ৷
লগতে বৰ্ষাৰণ্য পবা বনাঞ্চলত পৰ্যটকৰ বাবে ডাষ্টবিনৰো ব্যৱস্থা কৰা হৈছে ৷ আনহাতে জোনাইৰ বাহিৰত পঢ়ি থকা ছাত্ৰসকলেও ছুটীৰ সময়ত যেতিয়াই ঘৰলৈ আহে তেতিয়াই এই চাফাই অভিযানত সহযোগিতা আগবঢ়ায় বুলি জানিবলৈ পৰা গৈছে ৷
- পৰ্যটকলৈ আহ্বান :
জোনাইৰ লগতে "ইক’ছ অৱ পবা’’ৰ সদস্যসকলে পবালৈ অহা প্ৰতিগৰাকী পৰ্যটকক এই বৰ্ষাৰণ্যৰ সুৰক্ষাৰ স্বাৰ্থত চাৰিওহদ চাফ-চিকুণ কৰি ৰাখিবলৈ আহ্বান জনায় ৷

