ETV Bharat / state

আপদ নহয় সম্পদ: পানীমেটেকাও হ'ব পাৰে অৰ্থনীতিৰ সমল

ইচ্ছা থাকিলে কি কৰিব নোৱাৰি ! শিৱসাগৰৰ এগৰাকী মহিলাই প্ৰকৃতি সুৰক্ষাৰ বাণী প্ৰচাৰৰ লগতে অৰ্থনৈতিক স্বাৱলম্বনৰো পথ দেখুৱাইছে ।

self-reliance through Water hyacinth
আপদ নহয় সম্পদ:পানীমেটেকাও হ'ব পাৰে অৰ্থনীতিৰ সমল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 10, 2025 at 4:27 PM IST

5 Min Read
Choose ETV Bharat

আমগুৰি: অসমৰ গ্ৰামাঞ্চলত নৈ, বিল, পুখুৰীত উভৈনদী হৈ থাকে পানীমেটেকা । বহুতৰ বাবে ই আৱৰ্জনা বা আপদ । কিন্তু আপুনি জানেনে পানীমেটেকায়ো আত্মসংস্থাপনৰ পথ দেখুৱাব পাৰে । গ্ৰামাঞ্চলৰ থলুৱা ক্ষুদ্ৰ উদ্যোগ গঢ়ি পানীমেটেকাৰে তৈয়াৰী সামগ্ৰী বিক্ৰী কৰি লাভজনক উপাৰ্জন কৰিব পাৰি ।

সততে দেখি থকা এই পানীমেটেকা যেন সোণ হৈ উজ্জ্বলি উঠিব পাৰে ৷ অনাদৰ হোৱা পানীমেটেকাই সৃষ্টি কৰিব পাৰে এখন বৃহৎ বজাৰৰ । অসমত সততে লাভ কৰা কাৰণে এই পানীমেটেকাৰ আদৰ নাই কিন্তু বহিঃৰাজ্যত ইয়াৰ চাহিদা বহুত বেছি ।

আপদ নহয় সম্পদ:পানীমেটেকাও হ'ব পাৰে অৰ্থনীতিৰ সমল (ETV Bharat)

প্লাষ্টিক বৰ্জন কৰি আদৰি ল'ব পাৰে পানীমেটেকাক

প্লাষ্টিকমুক্ত সমাজ গঢ়াৰ সংকল্প লোৱাৰ পূৰ্বে থলুৱা উদ্যোগসমূহে গা কৰি উঠিব লাগিব । এই থলুৱা উদ্যোগৰ ভিতৰত বাঁহ-বেতৰ শিল্পই হওঁক অথবা মৃৎ শিল্পই হওঁক । অসমৰ গ্ৰামাঞ্চলত থলুৱা শিল্পৰ অফুৰন্ত ভাণ্ডাৰ আছে । গুৰুত্বপূৰ্ণ বিষয় যে এই শিল্পক আগবঢ়াই নিবৰ কাৰণে প্ৰকৃত বজাৰৰ অভাৱ হোৱাৰ লগতে সজাগতাক অভাৱৰ কাৰণে থলুৱা শিল্প গুৰুত্বহীন হৈ উঠিছে ।

eco-friendly products made using Water hyacinth
পানীমেটেকাৰে তৈয়াৰী সামগ্ৰী (ETV Bharat)

থলুৱা শিল্পৰ এনে বিপৰ্যয়ৰ সুৰুঙা গ্ৰহণ কৰি বজাৰসমূহ প্লাষ্টিকৰ সামগ্ৰীৰে ভৰি পৰিছে । ফলত প্লাষ্টিকৰ সামগ্ৰী অত্যাধিক ব্যৱহাৰে মানুহৰ জনস্বাস্থ্যলৈও বিপদ নমাই আনিছে । ইয়াৰ বিকল্প হ'ব পাৰে পানীমেটেকা । কিন্তু কেনেদৰে ? তাৰ নিদৰ্শন দাঙি ধৰিছে শিৱসাগৰৰ এগৰাকী মহিলাই । যিয়ে এতিয়া স্থানীয় একাংশ মহিলাকো সেই বাটেৰে লৈ গৈছে ।

self-reliance through Water hyacinth
পূৰ্ণিমা বৰগোহাঁইৰ সংগ্ৰাম (ETV Bharat)

পানীমেটেকাৰে স্বাৱলম্বিতাৰ নিদৰ্শন

ভাৰতৰ বিভিন্ন ৰাজ্যলৈ পানীমেটেকাৰে উৎপাদিত সামগ্ৰী ৰপ্তানি বা বিক্ৰী কৰি এগৰাকী মহিলাই এক সংগ্ৰাম অব্যাহত ৰাখিছে । প্লাষ্টিক বৰ্জনৰ সমান্তৰালকৈ নিজৰ ঘৰতে পানীমেটেকাৰে বিভিন্ন সামগ্ৰী তৈয়াৰ কৰি অসমৰ লগতে বহিঃৰাজ্যলৈ ৰপ্তানি কৰি আহিছে ।

eco-friendly products made using Water hyacinth
পানীমেটেকাৰে তৈয়াৰী সামগ্ৰী (ETV Bharat)

তেওঁ হৈছে শিৱসাগৰ জিলাৰ দিখৌমুখ ভৰলুৱা গাঁৱৰ বোৱাৰী পূৰ্ণিমা বৰগোহাঁই । যিয়ে প্লাষ্টিকমুক্ত সমাজ গঢ়াৰ এক নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । ঘৰৰ কাষতে থকা মৰিদিখৌৰ পানীমেটেকাৰ পৰা সপোন দেখিছে মহিলাগৰাকীয়ে । পূৰ্ণিমা বৰগোহাঁয়ে নিজ হাতেৰে খৰাহী, কাৰ্পেট, ডাইনিং ক্লথ, টুপী, বেগ ইত্যাদি নিত্য-প্ৰয়োজনীয় সামগ্ৰী তৈয়াৰ কৰি সমাজলৈ এক শুভবাৰ্তা কঢ়িয়াই আনিছে । প্লাষ্টিকৰ সামগ্ৰী বৰ্জনৰ সমান্তৰালকৈ ঘৰৰ কাষতে পোৱা পানীমেটেকা চপাই আনি ধুই-পখালি ৰ'দত শুকুৱাই সামগ্ৰী তৈয়াৰ কৰিছে ।

eco-friendly products made using Water hyacinth
পানীমেটেকাৰে তৈয়াৰী সামগ্ৰী (ETV Bharat)

এই পানীমেটেকাৰ পৰা উৎপাদিত সামগ্ৰীৰ চাহিদা বহুত বেছি । বিশেষকৈ নিজৰ ঘৰৰ চোতালতে গাঁৱৰ বহু মহিলাকো পানীমেটেকাৰ সামগ্ৰী নিৰ্মাণৰ প্ৰশিক্ষণ দিছে পূৰ্ণিমাই । ২০০৯ চনত ডিব্ৰুগড়ত প্ৰশিক্ষণ গ্ৰহণ কৰি ২০১১ চনত গুজৰাটৰ আহমেদাবাদত মাষ্টাৰ ট্ৰেইনাৰ হিচাপে প্ৰশিক্ষণ গ্ৰহণ কৰি বৰ্তমানলৈকে পূৰ্ণিমা বৰগোহাঁয়ে থমকি ৰোৱা নাই ।

eco-friendly products made using Water hyacinth
পানীমেটেকাৰে তৈয়াৰী সামগ্ৰী (ETV Bharat)

মুম্বাইত পানীমেটেকাৰে নিৰ্মিত সামগ্ৰীৰ চাহিদা

পূৰ্ণিমা বৰগোহাঁইৰ ভাষ্য অনুসৰি অসমত পানীমেটেকাৰ পৰা উৎপাদিত সামগ্ৰীৰ দৰ নাই । অসমৰ মানুহে এতিয়াও প্ৰকৃতিগতভাৱে উৎপাদিত সামগ্ৰীৰ গুণাগুণ সন্দৰ্ভত সচেতন নহয় । বাহিৰৰ ৰাজ্যৰ মানুহবিলাক খুব সচেতন আৰু প্ৰকৃতিগতভাৱে উৎপাদিত সামগ্ৰী ব্যৱহাৰত অত্যধিক গুৰুত্ব প্ৰদান কৰে । বিশেষকৈ মুম্বাইত এনে সামগ্ৰীৰ অত্যধিক দৰ আছে আৰু এখন ভাল বজাৰ আছে । অসমৰ মানুহে সম্প্ৰতি প্লাষ্টিকৰ সামগ্ৰী অধিক হাৰত ব্যৱহাৰ কৰে । এই সামগ্ৰী ব্যৱহাৰৰ ফলত জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে । অসমত পানীমেটেকাৰ পৰা উৎপাদিত এটা সামগ্ৰীৰ দাম ৫০০ হ'লে মুম্বাইত ইয়াৰ দাম ১৫০০ টকা হয় বুলি প্ৰকাশ কৰে পূৰ্ণিমাই ।

self-reliance through Water hyacinth
পানীমেটেকাৰে তৈয়াৰী সামগ্ৰীৰে স্বাৱলম্বী হোৱাৰ সংকল্প (ETV Bharat)

পূৰ্ণিমা বৰগোহাঁয়ে কয়, "প্ৰকৃতিয়ে আমাক বহু সম্পদ দিছে । আমিহে ব্যৱহাৰ কৰিব জনা নাই । মহিলাসকল আগবাঢ়ি আহিলে অসমত এদিন ক্ষুদ্ৰ উদ্যোগেৰে অৰ্থনৈতিক ভেঁটি টনকিয়াল কৰিব পাৰি ।" নিজৰ গাঁৱতে এটি ক্ষুদ্ৰ উদ্যোগ গঢ় দিয়াৰ সপোন আছে পূৰ্ণিমাৰ । কিন্তু তেওঁক আৰ্থিক সহায়ৰ প্ৰয়োজন ।

eco-friendly products made using Water hyacinth
পানীমেটেকাৰে তৈয়াৰী সামগ্ৰী (ETV Bharat)

ইতিমধ্যে নিজ গৃহতে ১০ গৰাকী মহিলাক প্ৰশিক্ষণ প্ৰদান কৰি অহা পূৰ্ণিমাই শদিয়াৰ পৰা ধুবুৰীলৈকে মহিলাসকলক প্ৰশিক্ষণ প্ৰদান কৰি মহিলা স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে । পূৰ্ণিমা বৰগোহাঁয়ে মুম্বাইৰ লগতে দিল্লী, চণ্ডীগড়, অমৃতসৰ, ছিমলা, হাৰিয়ানা, কাঠমাণ্ডু, ভূটানত পানীমেটেকাৰ পৰা উৎপাদিত সামগ্ৰী বিক্ৰী কৰি আহিছে । বিভিন্ন প্ৰদৰ্শনীতো অংশগ্ৰহণ কৰা পূৰ্ণিমাই নিজে উপাৰ্জন কৰি স্বাৱলম্বিতাৰ পথ বাচি লোৱাৰ লগতে অন্য মহিলাসকলকো বাট দেখুৱাবলৈ সক্ষম হৈছে । স্থানীয় এগৰাকী মহিলাই পূৰ্ণিমাৰ এনে পদক্ষেপে সমাজলৈ ইতিবাচক বাৰ্তা কঢ়িয়াই অনা বুলি স্বীকাৰ কৰিছে । মহিলাগৰাকীয়ে কয়, "পূৰ্ণিমা কেৱল গাঁৱখনৰে নহয় অসমৰ কাৰণে গৌৰৱ । পূৰ্ণিমাক সহায় কৰিবলৈ অসম চৰকাৰ আগবাঢ়ি আহিব লাগে ।"

eco-friendly products made using Water hyacinth
পানীমেটেকাৰে তৈয়াৰী সামগ্ৰী (ETV Bharat)

অসমৰ গ্ৰামাঞ্চলত এনে বহু প্ৰকৃতিগত সম্পদ আছে যিবিলাক সম্পদে গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰিব পাৰে । প্ৰকৃতিগত সম্পদে পাৰিপাৰ্শ্বিকতা সুস্থিৰ কৰি ৰখাৰ লগতে জনস্বাস্থ্যৰ বাবেও অনুকূল বাতাৱৰণ কঢ়িয়াই আনে । অসম এনে এখন ৰাজ্য য'ত প্ৰকৃতিয়ে অফুৰন্ত ভাণ্ডাৰ উপহাৰ দিছে । আমি এই প্ৰাকৃতিক সম্পদক চিনিব নোৱাৰি সহজলভ্য কিছুমান সামগ্ৰীক অধিক গুৰুত্ব দিও । যাৰ বাবে আমাৰ সম্পদে আমাক উপহাস কৰে । পূৰ্ণিমা বৰগোহাঁই এনে এগৰাকী মহিলা যিগৰাকী মহিলাই সোঁতৰ বিপৰীতে গৈ অসমত নিজ কৰ্মৰে আগবাঢ়ি গৈছে । হাতে-কামে প্লাষ্টিক বৰ্জন কৰাৰ পদক্ষেপ গ্ৰহণ কৰা পূৰ্ণিমাৰ প্ৰচেষ্টা এদিন উজ্জ্বলি উঠিব । এইক্ষেত্ৰত অসম চৰকাৰে আৰ্থিক সহযোগিতাৰে উৎসাহ যোগালে পূৰ্ণিমাৰ প্ৰচেষ্টা প্ৰাণৱন্ত হৈ উঠিব ।

লগতে পঢ়ক :কোনে আৰু কেতিয়া স্থাপন কৰিছিল অসমৰ প্ৰথমটো তেলুগু কলনী ?