নিৰ্বাচনৰ সময়সূচী ঘোষণাৰ পিছতে পাঁচখন জিলাৰ শীৰ্ষ আৰক্ষী অধীক্ষকক বদলি
ৰাজ্যখনৰ ১২৬ খন বিধানসভা আসনৰ বাবে ৯ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ’ব ৷

Published : March 16, 2026 at 9:02 PM IST
গুৱাহাটী: বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ এদিন পিছত অৰ্থাৎ সোমবাৰে নিৰ্বাচন আয়োগে অসমৰ পাঁচখন জিলাৰ শীৰ্ষ আৰক্ষী অধীক্ষকসকলক বদলিৰ নিৰ্দেশ প্ৰদান কৰে ।
চৰকাৰী অধিসূচনা অনুসৰি মাজুলী, দক্ষিণ শালমৰা, শদিয়া, চিৰাং আৰু ধেমাজি জিলাৰ শীৰ্ষ আৰক্ষী অধীক্ষকসকলক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বদলিৰ নিৰ্দেশ দিয়া হৈছে ৷

নিৰ্দেশনা অনুসৰি, মাজুলীৰ শীৰ্ষ আৰক্ষী অধীক্ষক হৰেণ টকবীৰ স্থানত সোমলিন শুভদৰ্শিনীক বদলি কৰা হৈছে ৷ আনহাতে দক্ষিণ শালমৰাৰ মৃণাল কুমাৰ ডেকাৰ ঠাইত আৰ শীতল কুমাৰে বদলি কৰা হৈছে ।
শদিয়াৰ শীৰ্ষ আৰক্ষী অধীক্ষক জগদীশ দাসৰ স্থানত অঞ্চল চৌহান, চিৰাঙৰ এছ এছ পি ধ্ৰুব বৰাৰ ঠাইত সুধাকৰ সিং আৰু ধেমাজিৰ এছ এছ পি স্বপ্নীল ডেকাৰ ঠাইত মোহনলাল মীনাক বদলি কৰা হৈছে ।
উল্লেখ্য যে, অসমত ১২৬ টা বিধানসভা সমষ্টিৰ বাবে ৯ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ’ব । ৰাজ্যখনত এই নিৰ্বাচন মাথোঁ এটা পৰ্যায়তে অনুষ্ঠিত হ’ব ৷ ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে আকস্মিকভাৱে অহা এই বদলিৰ খবৰে বেছ চৰ্চা লাভ কৰিছে ৷
লগতে পঢ়ক: ৰন্ধন গেছৰ নাটনি ! দুই এদিনতে বন্ধ হ'ব গুৱাহাটীৰ হোটেল-ৰেস্তোৰাঁ

