প্ৰতিটো বিধানসভা সমষ্টিত হ’ব জুবিন গাৰ্গৰ স্মৃতিত অত্যাধুনিক প্ৰেক্ষাগৃহ : সাংস্কৃতিক মন্ত্রী
জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰিবলৈ ৰাজ্য চৰকাৰে ইতিমধ্যে জুবিন ক্ষেত্ৰত পকী চাৰিসীমা নিৰ্মাণৰ বাবে ২০২৫-২৬ বিত্তীয় বর্ষত ৩১৯.৭৫ লাখ টকা অনুমোদন জনাইছে ।

Published : July 9, 2026 at 8:11 PM IST
গুৱাহাটী: ‘‘অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত অসমৰ প্ৰতিটো বিধানসভা সমষ্টিত একোটাকৈ উন্নতমানৰ অত্যাধুনিক প্রেক্ষাগৃহসহ সাংস্কৃতিক কেন্দ্ৰ স্থাপন কৰাৰ বিষয়ে আৰু উক্ত সাংস্কৃতিক কেন্দ্রত নিয়মীয়াকৈ সংগীত, নৃত্য, নাটক আৰু আনুষংগিক পাঠ্যক্ৰমৰ বিনামূলীয়া শিক্ষা প্ৰদানৰ বিষয়টো প্রয়োজনীয় পুঁজিৰ আৱণ্টন সাপেক্ষে যথাসময়ত বিবেচনা কৰা হ'ব’’ - বৃহস্পতিবাৰে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্রী বিমল বড়াই ।
বিধানসভাৰ বাজেট অধিৱেশনৰ চতুৰ্থ দিনা বৃহস্পতিবাৰে সদনৰ মজিয়াত বিধায়িকা বেবী বেগমে উত্থাপন কৰা এক তৰাবিহীন প্ৰশ্নৰ উত্তৰত এই কথা সদৰী কৰে মন্ত্রী বিমল বড়াই ।
জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত বিধায়িকাগৰাকীয়ে কৰা প্ৰশ্নৰ উত্তৰত মন্ত্রী বিমল বড়াই কয়, ‘‘যোৱা বৰ্ষৰ ১৬ নবেম্বৰত অনুষ্ঠিত কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি সংগীত শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন হোৱা স্থানৰ উন্নয়ন আৰু ৰূপান্তৰৰ উদ্দেশ্যে এক প্রকল্প বাস্তৱায়িত কৰাৰ বাবে প্রযোজনীয় ব্যৱস্থাৰ পৰ্যালোচনা, চূড়ান্তকৰণ আৰু চৰকাৰক পৰামৰ্শ আগবঢ়োৱাৰ বাবে বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক লৈ এখন সমিতি গঠন কৰি দিয়া হৈছে । সমিতিখনৰ সদস্যসকল হৈছে গৰিমা গার্গ, পাল্মী বৰঠাকুৰ, পার্থসাৰথি মহন্ত, অনুৰাধা শৰ্মা পূজাৰী, বীৰেণ সিংহ, পুলক বেনার্জী, তৰালী শর্মা, শ্যামন্তক গৌতম, প্রাঞ্জল শইকীয়া, দুলাল মানকী আৰু সুদৰ্শন ঠাকুৰ ।’’
মন্ত্ৰী বড়াই লগতে কয়, ‘‘এই সমিতিয়ে প্রয়োজনীয় ক্ষেত্র পর্যায়ৰ মূল্যায়ন কাম হাতত লৈছে আৰু আন্তঃগাঁথনি আৰু স্মৃতিসৌধৰ উপাদানসমূহৰ ধাৰণা প্ৰস্তুত আৰু পৰৱৰ্তী প্রযোজনীয় ব্যৱস্থা গ্রহণৰ বাবে যোৱা ৬ মাৰ্চত এখন সভা অনুষ্ঠিত কৰে । আনকি ইতিমধ্যে ৰাজহ আৰু দুর্যোগ প্রশমন বিভাগে সোণাপুৰৰ সমাধিস্থলীত ১০ বিঘা ভূমি জুবিনক্ষেত্র নির্মাণৰ বাবে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ক হস্তান্তৰ কৰিছে । জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰিবলৈ ৰাজ্য চৰকাৰে ইতিমধ্যে জুবিন ক্ষেত্ৰত পকী চাৰিসীমা নিৰ্মাণৰ বাবে ২০২৫-২৬ বিত্তীয় বর্ষত ৩১৯.৭৫ লাখ টকা অনুমোদন জনাইছে । ইতিমধ্যে পকী চাৰিসীমা নিৰ্মাণৰ কাম আৰম্ভ হৈছে আৰু বৰ্তমানলৈ ৩০ শতাংশ কাম সমাপ্ত হৈছে ।’’
মন্ত্রীগৰাকীয়ে লগতে কয়, ‘‘অসমৰ বিভিন্ন জনগোষ্ঠীৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ, সংবর্ধন আৰু সামগ্রিক সাংস্কৃতিক বিকাশ নিশ্চিত কৰাৰ উদ্দেশ্যে সাংস্কৃতিক পৰিক্ৰমা বিভাগে বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপ গ্রহণ কৰিছে । বিভাগটোৱে সফলতাৰে বিহু বিনন্দীয়া, ঝুমইৰ বিনন্দিনী আৰু বাগুৰুম্বা দহৌ আদি বৃহৎ সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰি ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীৰ সমৃদ্ধ সাংস্কৃতিক পৰম্পৰাক সগৌৰৱে উপস্থাপন কৰিছে । এই অনুষ্ঠানসমূহে পৰম্পৰাগত নৃত্য, সংগীত, সাজ-পোছাক, লোককলা আৰু অন্যান্য থলুৱা সাংস্কৃতিক পৰম্পৰা সংৰক্ষণ আৰু প্ৰচাৰৰ এক উল্লেখযোগ্য মঞ্চ প্রদান কৰাৰ লগতে ৰাজ্যজুৰি শিল্পী, সাংস্কৃতিক দল আৰু কলা-কুশলীৰ সক্রিয় অংশগ্রহণ নিশ্চিত কৰিছে ।’’
‘‘চৰকাৰে প্ৰতি বছৰে আমাৰ সাংস্কৃতিক, সামাজিক দিশত অবিস্মৰণীয় অৱদান যোগাই যোৱা মনিষীসকলৰ জন্ম বা মৃত্যু তিথি বিভিন্ন ধৰণে উদযাপন কৰি তেখেতসকলৰ সৃষ্টিৰাজিৰ অনুশীলন কৰা হয় । ইয়াৰ জৰিয়তে নতুন প্ৰজন্মৰ মাজলৈ তাক লৈ যোৱাৰ প্ৰয়াস কৰা হয় । তদুপৰি বিভিন্ন জনগোষ্ঠীৰ সামাজিক সাংস্কৃতিক ঐতিহ্যসমূহক বিভিন্ন মঞ্চত উদযাপনৰ জৰিয়তে এই বৈচিত্রময় সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ তথা প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যৱস্থা কৰি অহা হৈছে’’ - মন্ত্ৰীগৰাকীয়ে কয় ৷
সাংস্কৃতিক মন্ত্রীগৰাকীয়ে লগতে কয়, ‘‘পৰম্পৰাগত শিল্প-সংস্কৃতিৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখা আৰু উদীয়মান প্ৰজন্মৰ মাজত সাংস্কৃতিক চেতনাৰ বিকাশ সাধনৰ উদ্দেশ্যে বিভাগটোৱে ৰাজ্যৰ সকলো বিধানসভা সমষ্টিত গ্রীষ্মকালীন অৱকাশকালীন সাংস্কৃতিক কর্মশালা আয়োজন কৰি শিশু আৰু যুৱ প্ৰজন্মক সু-সংগঠিত প্রশিক্ষণ, সাংস্কৃতিক অভিজ্ঞতা আৰু স্থানীয় শিল্প, লোকসংস্কৃতি তথা থলুৱা পৰম্পৰাৰ সৈতে পৰিচিত হোৱাৰ সুযোগ প্রদান কৰিছে । ইয়াৰ লগতে ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে বছৰজোৰা উদযাপনৰ বাবে অসম চৰকাৰে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে । ইয়াৰ অংশ হিচাপে এই অনুষ্ঠানৰ জৰিয়তে ডঃ ভূপেন হাজৰিকাৰ জীৱন, কর্ম আৰু অসামান্য সাংস্কৃতিক অৱদানক সশ্রদ্ধ স্মৰণ কৰাৰ লগতে অসমৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য, দেশপ্ৰেমৰ মূল্যবোধ আৰু ৰাজ্যৰ অন্যতম শ্রেষ্ঠ সাংস্কৃতিক ব্যক্তিত্ব হিচাপে তেখেতৰ চিৰস্মৰণীয় অৱদানক সমুজ্জ্বল কৰি তোলা হয় । এনে ধৰণৰ অনুষ্ঠানৰ আযোজনৰ মাধ্যেমেৰে আমিও যেন প্ৰাণৰ শিল্পী জুবিন গাৰ্গক বিচাৰি পাও । জুবিন গাৰ্গে অসমৰ সমাজ জীৱন, প্রকৃতি তথা পৰম্পৰাক লৈ শিল্প সাধনাত ব্রতী হৈছিল । এই সাধনাই নৱপ্ৰজন্মক অণুপ্ৰাণিত কৰি আহিছে । চৰকাৰেও অসমৰ সকলো জাতি-জনগোষ্ঠীক সামৰি লোৱা জুবিন গাৰ্গৰ সৃষ্টিৰাজিক চিৰস্মৰণীয় আৰু চিৰ প্ৰবাহমান কৰি ৰখাৰ বাবে যৎ পৰোনাস্তি সম্ভৱপৰ সকলো প্রচেষ্টাই চলাই আছে ।’’
লগতে পঢ়ক: ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰোগীক তেজ দিয়াক লৈ বিতৰ্ক: স্থিতি স্পষ্ট কৰিলে কৰ্তৃপক্ষই

