ETV Bharat / state

ভ্ৰমণলৈ গৈ ছিকিমত মৃত্যুক সাবটিলে ই টিভি ভাৰতৰ সাংবাদিক ছাইদুল ইছলামে

ই টিভি ভাৰতৰ ডিফুৰ সংবাদদাতা ছাইদুল ইছলাম আৰু নাই । জনসংযোগ বিভাগৰ অধীনত ছিকিম ভ্ৰমণলৈ গৈ আকস্মিক মৃত্যু ।

E TV Bharat Assam's reporter Saidul Islam died in Sikkim
ডিফুৰ সংবাদদাতা ছাইদুল ইছলাম আৰু নাই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 1, 2025 at 7:45 PM IST

2 Min Read
Choose ETV Bharat

নগাঁও : ই টিভি ভাৰতৰ ডিফুৰ সংবাদদাতা ছাইদুল ইছলামৰ আকস্মিক মৃত্যু । এই খবৰ লাভ কৰাৰ পাছতে সকলো শোকস্তব্ধ হৈ পৰিছে । কোনে কাক সান্তনা দিব, কাৰো মুখত যেন আজি ভাষা নাই । ছাইদুল ইছলামৰ আকস্মিক মৃত্যু সংবাদ জগতৰ বাবে এক অপূৰণীয় ক্ষতি ।

বিগত কেবাবছৰ ধৰি ই টিভি ভাৰতৰ ডিফুৰ সংবাদদাতা হিচাপে সেৱা আগবঢ়াই অহা জ্যেষ্ঠ সাংবাদিক ছাইদুল ইছলামে এটা চৰকাৰী ভ্ৰমণত সতীৰ্থ সাংবাদিকৰ সৈতে গৈছিল ছিকিমলৈ । সতীৰ্থ ২৭ গৰাকীকৈ সাংবাদিকৰ সৈতে তথ্য আৰু জনসংযোগ বিভাগৰ অধীনত ছিকিম ভ্ৰমণলৈ গৈছিল ছাইদুল ।

E TV Bharat Assam's reporter Saidul Islam died in Sikkim
হৃদক্ৰিয়া বন্ধ হৈ আকস্মিক মৃত্যুক সাৱটিলে ছাইদুল ইছলামে (ETV Bharat Assam)

জানিব পৰা মতে, শনিবাৰে সন্ধিয়া সতীৰ্থ সাংবাদিকৰ সৈতে ছিকিমলৈ যোৱা ছাইদুল ইছলামসহ সাংবাদিকৰ দলটো দেওবাৰে নিশা উপস্থিত হৈছিল গন্তব্যস্থানত । সোমবাৰে পুৱা ছিকিমৰ এটা জলপ্ৰপাতত উপস্থিত হৈ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ পাছত দুপৰীয়া হঠাৎ অসুস্থ অনুভৱ কৰাৰ লগতে বমি হয় ছাইদুলৰ ।

লগে লগে সতীৰ্থ সাংবাদিকে এম্বুলেঞ্চৰ সহায়ত তেওঁক ছিকিমৰ চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । ছাইদুল ইছলামৰ সৈতে ছিকিম ভ্ৰমণলৈ যোৱা আন এগৰাকী সতীৰ্থ সাংবাদিকৰ পৰা এই বিষয়ে জানিব পৰা গৈছে ।

E TV Bharat Assam's reporter Saidul Islam died in Sikkim
ডিফুৰ সংবাদদাতা ছাইদুল ইছলাম আৰু নাই (ETV Bharat Assam)

ই টিভি ভাৰতৰ ডিফুৰ সংবাদদাতা ছাইদুল ইছলামৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পাছতে সাংবাদিকগৰাকীৰ পৰিয়ালৰ লোক শোকত ম্ৰিয়মান হৈ পৰিছে । লগতে ই টিভি ভাৰতৰ পৰিয়াল, ডিফুৰ সংবাদ মহলতো গভীৰ শোকৰ ছাঁ পৰিছে ।

সাংবাদিকগৰাকীৰ আকস্মিক বিয়োগৰ খবৰ লাভ কৰাৰ পাছতে তেওঁৰ পৰিয়ালৰ লোক ইতিমধ্যে ছিকিমলৈ ৰাওনা হৈছে । পৰিয়ালৰ লোক ছিকিমত উপস্থিত হোৱাৰ পাছতহে ছাইদুল ইছলামৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হ’ব বুলি জানিব পৰা গৈছে ।

ইতিমধ্যে ছিকিমৰ তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক নিজে উক্ত স্থানত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লৈছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : আদিবাসী ভাষাত জুবিন গাৰ্গৰ ‘ৰৈ ৰৈ বিনালে’