ETV Bharat / state

বিধানসভাৰ শীতকালীন অধিৱেশনৰ দ্বিতীয় দিনাও উত্তাল চচলৰ ধৰ্ণাস্থলী

চচলৰ ধৰ্ণাস্থলীত বুধবাৰে সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থা, ভোটাৰ্ছ পাৰ্টী আৰু শিলসাঁকোৰ উচ্ছেদিত লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰে ।

Protest at Chachal protest site
বিধানসভাৰ শীতকালীন অধিৱেশনৰ দ্বিতীয় দিনাও উত্তাল চচলৰ ধৰ্ণাস্থলী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 26, 2025 at 8:03 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : অসম বিধানসভাৰ শীতকালীন অধিৱেশন চলি আছে । অধিৱেশনৰ দ্বিতীয় দিনাও উত্তাল হৈ পৰিল গুৱাহাটীৰ চচলস্থিত ধৰ্ণাস্থলী । বিভিন্ন দাবীৰে ৩ টাকৈ সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে চচলত । তাৰ ভিতৰত সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাইও প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে ।

প্ৰতিবাদত অংশ লৈ সন্থাৰ এগৰাকী প্ৰতিনিধিয়ে কয়, "যোৱা ৫ আগষ্টৰ পৰা ঘোষিত কৰ্মবিৰতি কাৰ্যসূচী ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ পৰিচালন সঞ্চালকে দিয়া মৌখিক আশ্বাসৰ ভিত্তিতে স্থগিত কৰি ৰখা হৈছিল । কিন্তু সেই সময়ৰ পৰা আজি পৰ্যন্ত কোনো প্ৰতিশ্ৰুতি বাস্তৱত ৰূপায়ণ হোৱা নাই আৰু কোনো সন্তোষজনক উত্তৰো পোৱা নাই । যিকোনো মহামাৰী, প্ৰাকৃতিক দুৰ্যোগ আৰু জৰুৰীকালীন পৰিস্থিতিত আমি প্ৰথম শাৰীৰ যোদ্ধা হিচাপে সেৱা আগবঢ়াই আহিছোঁ । তথাপিও মানসিক, আৰ্থিক, সুৰক্ষা কোনো ধৰণৰ লাভ পোৱা নাই । সেইবাবেই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ ।"

বিধানসভাৰ শীতকালীন অধিৱেশনৰ দ্বিতীয় দিনাও উত্তাল চচলৰ ধৰ্ণাস্থলী (ETV Bharat)

১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই নতুন নিবিদা খৰতকীয়াকৈ সম্পন্ন কৰা, মানসন্মত মজুৰিৰ ব্যৱস্থা কৰা, ১২ ঘণ্টা কৰ্ম সময়ৰ সম্পূৰ্ণ অতিৰিক্ত মজুৰি প্ৰদান কৰা আদিকে ধৰি ৮ দফীয়া দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে ।

ইফালে ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেশ্যনেল সংগঠনেও চচলত প্ৰতিবাদ সাব্যস্ত কৰে । এ পি এল/বি পি এল শ্ৰেণীৰ বাবে চৰকাৰী তথা সাংবিধানিক পদত ৯৭ শতাংশ সংৰক্ষণৰ দাবী তুলি তীব্র প্ৰতিবাদ সাব্যস্ত কৰে ।

দলৰ ৰাজ্যিক সভাপতি তৰণী বসুমতাৰীয়ে এই সন্দৰ্ভত কয়, "আমি আজি প্ৰতিবাদ কৰাৰ মূল উদ্দেশ্য এই যে আমাৰ নামত যিখিনি জনমূৰি আয় আছে । জনমূৰি আয়ৰ আমি ৫০ শতাংশ বিচাৰিছোঁ । বৰ্তমান আমাৰ ল'ৰা-ছোৱালীৰ কাম নোহোৱা হৈছে । কিবাকৈ হাজিৰা কৰি কাম কৰি পৰিয়াল পোহপাল দি আছে । আমাৰ দেশত বহুতো দুৰ্নীতি হৈ থকা অনুভৱ কৰিছোঁ । গতিকে আমাক ভোটাৰশ্বিপৰ স্বাধীনতা লাগে । এ পি এল-বি পি এল সামূহিক সমাজক ৯৭ শতাংশ ৰাজনৈতিক প্ৰতিনিধিত্ব প্ৰদান কৰিব লাগে ।"

অৰোণদয় আঁচনিত এ পি এল/বি পি এল সকলো পৰিয়ালক সমমৰ্যাদা, চাকৰিৰ অধিকাৰক সংবিধানত মৌলিক অধিকাৰ হিচাপে সংযোজন কৰা, দৰিদ্ৰৰ সংজ্ঞা সংশোধন কৰি ২৫ শতাংশ লোকক বি পি এল কাৰ্ড প্ৰদান, শিক্ষা আৰু স্বাস্থ্যৰ বাণিজ্যিকৰণ বন্ধ কৰি সমতামূলক ৰাষ্ট্ৰীয়কৰণ ব্যৱস্থা কৰা আদিকে ধৰি আন ১০ দফীয়া দাবী তুলি প্ৰতিবাদ সাব্যস্ত কৰি ভোটাৰ্ছ পাৰ্টীয়ে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে ।

আনহাতে শিলসাঁকোৰ উচ্ছেদিত লোকসকলে ভূমিপট্টা, পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ দাবী তুলি চচলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদকাৰীয়ে কয়, "চৰকাৰে ভূমিপট্টা, পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ নিদিয়ালৈকে ৰাইজে প্ৰতিবাদ অব্যাহত ৰাখিব ।"

লগতে পঢ়ক :বিধানসভাত নতুন বিধেয়ক উত্থাপন : স্থাপন হ'ব দুখনকৈ ব্যক্তিগত বিশ্ববিদ্যালয়