ETV Bharat / state

প্ৰাতঃভ্ৰমণৰ সময়তে ডকাইতি, জ্যেষ্ঠ নাগৰিকৰ পৰা লুটি নিলে ধন

সুৰক্ষিত নহয় যোৰহাটবাসী ! ৰাস্তাত বগৰাই লুটি লৈ গ'ল টকা-পইচা ।

During the morning walk, robber robbed an elderly person in Jorhat
জ্যেষ্ঠ নাগৰিকৰ পৰা লুটি নিলে ধন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 23, 2026 at 11:28 AM IST

2 Min Read
Choose ETV Bharat

যোৰহাট: গুৱাহাটীৰ ডকাইতিৰ চাঞ্চল্য মাৰ নৌযাওতে বৃহস্পতিবাৰে যোৰহাট নগৰত সংঘটিত হ'ল আন এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা । ঘটনা বিৱৰণি অনুসৰি ৰাজীৱ দত্ত নামৰ এজন ৰুগীয়া জ্যেষ্ঠ ব্যক্তিয়ে বৃহস্পতিবাৰে পুৱাৰ ভাগত যোৰহাট চোলাধৰা মধুবনৰ সমীপৰ পথেৰে খোজকাঢ়ি গৈ থকা অৱস্থাত পূৰ্বৰে পৰা খাপ পিটি থকা এজন যুৱকে প্ৰথমতে গোলাঘাটলৈ যাবৰ বাবে তেওঁক পইচা বিচাৰে ।

যুৱকজনৰ কথামতে সহজ-সৰল ব্যক্তিজনে অচিনাক্ত যুৱকজনক পইচা দিবলৈ ওলোৱাৰ সময়তে ৰাজীৱ দত্তক পথত বগৰাই লৈ হাতত থকা নগদ ধনখিনি লৈ উধাও হয় । কিন্তু কাষেৰে যোৱা এজন ব্যক্তিক সমস্ত কথা তেওঁ বিৱৰি সহায় কৰিবলৈ কোৱাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰো এক অভিযোগ উথাপিত হৈছে । আনহাতে সমস্ত ডকাইতিৰ ঘটনা বন্দী হয় ওচৰতে থকা চি চি কেমেৰাত ।

জ্যেষ্ঠ নাগৰিকৰ পৰা লুটি নিলে ধন (ETV Bharat Assam)

এই কথা ৰাজহুৱা হৈ পৰাত সমগ্ৰ জিলাখনতে এক চাঞ্চল্যৰ সৃষ্টি হয় । ইতিমধ্যে চি চি টিভিৰ ফুটেজৰ আধাৰ লৈ বৰ্তমান যোৰহাট আৰক্ষীয়ে এই ডকাইতিৰ ঘটনাৰ অনুসন্ধান আৰম্ভ কৰিছে । আনহাতে এই ঘটনাৰ পিছতে ৰাইজে অকলে পথেৰে খোজকাঢ়ি যাবলৈও চিন্তা কৰিবলৈ বাধ্য হৈছে । ফলত নিৰাপত্তাহীনতাত ভুগিছে যোৰহাটবাসী ৰাইজ ।

During the morning walk, robber robbed an elderly person in Jorhat
পথত বগৰাই লুটি নিলে ধন (ETV Bharat Assam)

এই সন্দৰ্ভত ভুক্তভোগী ৰাজীৱ দত্তই কয়, "বৃহস্পতিবাৰে প্ৰায় পুৱা ৮:৩০ বজাৰ পিছত এই পথৰে মই খোজকাঢ়ি গৈ থকা সময়তে পূৰ্বৰে পৰাই মোক অনুসৰণ কৰি থকা এজন যুৱকে গোলাঘাটলৈ যাবলৈ বুলি পইচা বিচাৰে । বিচৰা পইচাতকৈ মই কম পইচা তেওঁক দিবলৈ লওতে যুৱকজনে মোক পথত বগৰাই মোৰ পৰা নগদ তিনি হাজাৰ টকা লৈ উধাও হয় । এই ঘটনাত জড়িত থকাজনক আৰক্ষীয়ে আটক কৰক । এয়া মোৰ আৰক্ষী প্ৰশাসনলৈ আহ্বান ।"

এগৰাকী ৰুগীয়া ব্যক্তিক দিন দুপৰতে পথত বগৰাই অচিনাক্ত দুবৃৰ্ত্তই ডকাইতি কৰা বিষয়টোয়ে এতিয়া যোৰহাটত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: GAFF ৰ দ্বিতীয় সংস্কৰণত ১০খন এছিয়ান দেশৰ চলচ্চিত্ৰ উপভোগ কৰিব পাৰিব দৰ্শকে

সাহায্য আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হ'ব আশ্ৰয় শিবিৰত থকা লোকসকলক: দেৰহাছৎ বসুমতাৰী