লজ্জাজনক ঘটনা, ধনদাবী গোচৰত পুনৰ জাতীয় সংগঠনৰ চাৰি সদস্যক গ্ৰেপ্তাৰ আৰক্ষীৰ
অইল ইণ্ডিয়াৰ ঠিকা ভিত্তিক প্ৰতিষ্ঠানক ধন দাবী কৰি পুনৰ আৰক্ষীৰ জালত জাতীয় সংগঠনৰ চাৰি সদস্য ৷

Published : June 14, 2026 at 3:58 PM IST
ডিব্ৰুগড় : অসমৰ একাংশই জাতীয় সংগঠনৰ নেতাৰ কৰ্মকাণ্ডই চকু কপাঁলত তুলিছে সচেতন মহলক ৷ অভিযোগ অনুসৰি, অইল ইণ্ডিয়া অধীনত থকা ঠিকাভিত্তিক প্ৰতিষ্ঠান উদ্দীপ্ত এনাৰ্জি এণ্ড ইকুইপমেণ্ট প্ৰাইভেট লিমিটেড নামৰ এটা প্ৰতিষ্ঠানৰ পৰা জাতীয় সংগঠনৰ একাংশ সদস্যই ধনদাবী কৰিছিল ৷ ঠিকাভিত্তিক প্ৰতিষ্ঠানটোৰ পৰা ধন দাবী কৰি আৰক্ষীৰ জালত পৰিল কেইবাজনো জাতীয় সংগঠনৰ নেতা ।
এই ঘটনা সংঘটিত হৈছে ডিব্ৰুগড় জিলাৰ দুলীয়াজানত । অভিযোগ মতে, অইলৰ ঠিকাভিত্তিক প্ৰতিষ্ঠান উদ্দীপ্ত এনাৰ্জি এণ্ড ইকুইপমেণ্ট প্ৰাইভেট লিমিটেডৰ পৰা ধন দাবী কৰিছিল কেইবাজনো জাতীয় সংগঠনৰ নেতাই । এই ঘটনাক লৈ অইলৰ ঠিকাভিত্তিক প্ৰতিষ্ঠানটোৱে এজাহাৰ দাখিল কৰিছিল । সেই এজাহাৰৰ ভিত্তিত দুলীয়াজান আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতা ৩০৮(৪) আৰু ৩(৫) ধাৰাত ৭৩/২০২৬ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছিল ।
তদন্তকাৰী দুলীয়াজান আৰক্ষীয়ে বৃহস্পতিবাৰে টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক তথা দুলীয়াজানৰ ৰঞ্জিত বৰা আৰু দুলীয়াজান আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক প্ৰহ্লাদ গগৈক গ্ৰেপ্তাৰ কৰিছিল ৷ ইয়াৰ পাছতে শনিবাৰে নিশা পুনৰ এই ঘটনাৰ লগত জড়িত ৪ জন নেতাক দুলীয়াজান আৰক্ষীয়ে আটক কৰে ।

ধৃত নেতাকেইজন ক্ৰমে বীৰ লাচিত সেনাৰ দুলীয়াজান আঞ্চলিকৰ সভাপতি ৰিণ্টু দত্ত, আটাছুৰ বসন্তপন্থী গোটৰ দুলীয়াজান আঞ্চলিকৰ সভাপতি কংকন ৰাজকোঁৱৰ, সোণোৱাল কছাৰী যুৱ মঞ্চৰ দুলীয়াজান আঞ্চলিক সমিতিৰ সভাপতি বিনোদ কুমাৰ সোণোৱাল আৰু লাচিত সেনাৰ দুলীয়াজান আঞ্চলিকৰ সম্পাদক মানস প্ৰতীম গোহাঁই বুলি জানিব পৰা গৈছে ৷

ইফালে জাতীয় সংগঠনৰ নামত ধন দাবী কৰাৰ অভিযোগ থকা আটকাধীন নেতাসকলক অধিক জেৰাৰ বাবে দুলীয়াজান আৰক্ষী থানাৰ পৰা ডিব্ৰুগড় সদৰ থানালৈ স্থানান্তৰ কৰা হৈছে । সমগ্ৰ ঘটনাক লৈ ডিব্ৰুগড় আৰু দুলীয়াজান আৰক্ষীয়ে কোনো ধৰণৰ আনুষ্ঠানিক তথ্য ৰাজহুৱা কৰা নাই যদি আৰু বহু কেইজন নেতাক বিচাৰি দুলীয়াজান আৰক্ষীয়ে অভিযান চলাই থকা বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক:ধেমাজিৰ বিজ্ঞানী তথা উদ্ভাৱক নৱজিৎ ভৰালীক আন্তৰ্জাতিক উদ্ভাৱন বঁটা প্ৰদান

