ETV Bharat / state

তিতাতকৈও তিতা তিতাবৰৰ ৰাস্তা-ঘাট, গাঁঠিৰ ধন ভাঙি ৰাইজে নিৰ্মাণ কৰিলে বিধস্ত পথ

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ সপোনৰ তিতাবৰ সমষ্টি অৱহেলিত তথা অনাদৃত হৈ পৰিছে । কিয়নো তিতাবৰৰ বহু গাঁৱৰ পথ যাতায়তৰ বাবে অনুপযুক্ত হৈ পৰিছে ৷

Poor road connectivity
গাঁঠিৰ ধন ভাঙি ৰাইজে নিৰ্মাণ কৰিলে বিধস্তপথ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 4, 2026 at 3:34 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট: পথ নে পথাৰ ধৰিবই নোৱাৰি ! মূলপথৰ মাজতে আছে পুখুৰী সদৃশ গাঁত, সেই গাঁতত পৰি ইতিমধ্যে কেবাটাও দুৰ্ঘটনা হৈছে ৷ ইমানৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব দিয়া নাই ৷ এই অভিযোগ উত্থাপন কৰিছে তিতাবৰৰ ধলি সোণাৰি গাঁৱৰ ৰাইজে ৷

আচলতে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ অৱগত কৰাৰ পাছতো কোনো সুফল নোপোৱাত, নিজৰ গাঁঠিৰ ধন ভাঙি জৰাজীৰ্ণ সোণাৰি গাঁৱৰ পথছোৱা মেৰামতিৰ কামত নামিল অঞ্চলবাসী ৷ হাতে-কামে লাগি বুধাবাৰে পুৱাৰে পৰা শ্ৰমদান কৰি ৰাইজে মেৰামতি কৰিলে দীৰ্ঘদিন ধৰি বিধ্বস্ত হৈ থকা পথছোৱা ।

তিতাবৰৰ ৰাস্তা-ঘাট এতিয়া বিধ্বস্ত (ETV Bharat Assam)

তিতাবৰৰ ধলি সোণাৰি গাঁৱৰ এজন লোকে কয়, ‘‘যোৰহাট বা তিতাবৰলৈ কোনো লোক মন্ত্ৰী-বিধায়ক আহিলে একে ৰাতিৰ ভিতৰতে জৰাজীৰ্ণ পথে নতুন ৰূপ পায় ৷ ৰং, চূণ সানি যোৰহাট তথা তিতাবৰৰ ৰূপেই সলনি কৰি দিয়ে ৷ কিন্তু এই গাঁওবাসীয়ে সদায় আহ-যাহ কৰাত হোৱা অসুবিধাৰ কথা বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক জনোৱাৰ পাছতো আজিলৈকে কোনো সুফল পোৱা নাই ৷ কেৱল বিভাগীয় লোকৰ ফাইলতে আবদ্ধ হৈ থাকিল এই পথছোৱা নিৰ্মাণৰ প্ৰতিশ্ৰুতি ৷’’

Poor road connectivity
গাঁঠিৰ ধন ভাঙি ৰাইজে নিৰ্মাণ কৰিলে বিধস্তপথ (ETV Bharat Assam)
Poor road connectivity
মূলপথৰ মাজতে আছে পুখুৰী সদৃশ গাঁত (ETV Bharat Assam)

সোণাৰি গাঁৱৰ লোকজনে আৰু কয়, ‘‘তিতাবৰ ন-আলি, গড়-আলি সংযোগী ধলি সোণাৰি গাঁৱৰ এই বিধস্ত পথছোৱাত ইতিমধ্যে বহু সৰু-বৰ দুৰ্ঘটনা হৈছে । আনকি এই পথৰ দুৰৱস্থাৰ বাবেই বহু লোক চিৰদিনৰ বাবে ঘূণীয়া হ’বলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছে । উপায়ন্তৰ হৈ গাঁৱৰ ৰাইজে চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষলৈ আশা নকৰি ‘আপোন হাত জগন্নাথ’ নীতিৰে নিজৰ গাঁঠিৰ ধন খৰচ কৰি নিৰ্মাণ কৰে উক্ত পথছোৱা ৷’’

লগতে পঢ়ক : বৰপেটাৰোডৰ ফলৰ বজাৰত খাদ্য সুৰক্ষা বিভাগৰ অভিযান

লগতে পঢ়ক : মালবাহী ট্ৰাকত প্ৰচণ্ড খুন্দা যাত্ৰীবাহী টাটা মেজিকৰ, শিশুসহ পাঁচগৰাকী আহত

লগতে পঢ়ক : পথৰ মাজত পুখুৰী... মৰণক শৰণ দি প্ৰতিদিনে যাত্ৰা নৈপৰীয়া ৰাইজৰ

লগতে পঢ়ক : ছোৱালী চাবলৈ আহিও ঘূৰি যায় দৰা ! বিয়া ভঙা এটা আপদীয়া বাটৰ কাহিনী...