অভিৰুচি ক্ৰীড়া দিৱস : বান পৰিস্থিতিৰ বাবে শিৱসাগৰত অনুষ্টুপীয়াকৈ উদযাপন
শিল্পী দিগন্ত মাধৱ গোস্বামীৰ দ্বাৰা পৰিচালিত পূৰ্ণশিল্পম নামৰ এক শিল্প প্ৰতিষ্ঠানে অৰ্জুনগৰাকীৰ হাত আৰু ভৰিৰ সাঁচ ভৱিষ্যতে সংৰক্ষণ কৰিবৰ বাবে বাবে সংগ্ৰহ কৰে ।

Published : September 3, 2026 at 1:10 PM IST
শিৱসাগৰ: আজি ৩ ছেপ্টেম্বৰ অৰ্থাৎ অসমৰ প্ৰথমগৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন ৷ এই দিনটিক ৰাজ্যবাসীয়ে অভিৰুচি ক্ৰীড়া দিৱস হিচাপে উদযাপন কৰি অহা হৈছে ।
ৰাজ্যৰ একমাত্ৰ ক্ৰীড়া আলোচনী অভিৰুচিয়ে আজিৰে পৰা প্ৰায় ৪৩ বছৰ পূৰ্বে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটি এইদৰে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ তেতিয়াৰে পৰাই এই দিনটোক প্ৰতিবছৰে অভিৰুচি ক্ৰীড়া দিৱসৰূপে উদযাপন কৰি অহা হৈছে ।
অৱশ্যে এইবাৰৰ পৰিস্থিতি কিছু সুকীয়া ৷ বিধ্বংসী বানে শিৱসাগৰক কোঙা কৰি যোৱাৰ পিছত বিশিষ্ট ক্ৰীড়াবিদগৰাকীৰ এইবেলি প্ৰথমটো জন্মদিন ৷
জন্মদিন পালনৰ বাবে সকলোৱে একেমুখে আগবাঢ়ি আহিলেও পূৰ্বৰ দৰে জাকজমকতা নাই ৷ যাৰ বাবে তেনেই কিছুসংখ্যক লোকৰ উপস্থিতিত বৰ্ষীয়ান ক্ৰীড়াবিদগৰাকীৰ ৮৭ সংখ্যক ওপজা দিনটো জয়সাগৰৰ বাসগৃহত অনুষ্টুপীয়াকৈ আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

বৃহস্পতিবাৰে পুৱা শিৱসাগৰ পুখুৰীৰ পাৰত থকা অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ প্ৰতিমূৰ্তিত গামোচা পিন্ধাই আয়োজকসকলে তেওঁৰ জন্মদিনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । তাৰপিছতে জয়সাগৰস্থিত অৰ্জুনগৰাকীৰ নিজা বাসভৱনত তেওঁলোক উপস্থিত হৈ ৮৭ সংখ্যক ওপজা দিনৰ কেক কাটি অসমৰ গৌৰৱ তথা ধ্বজাবাহক ভোগেশ্বৰ বৰুৱাক শুভেচ্ছা প্ৰদান কৰে ।
আনহাতে, জন্মদিনৰ এই বিশেষ পুৱাটোত ক্ৰীড়াবিদগৰাকীৰ বাসগৃহত গুৱাহাটীস্থিত শিল্পী দিগন্ত মাধৱ গোস্বামীৰ দ্বাৰা পৰিচালিত পূৰ্ণশিল্পম নামৰ এক শিল্প প্ৰতিষ্ঠানৰ সদস্যসকল উপস্থিত হয় ৷ এই দলটোৱে অৰ্জুনগৰাকীৰ হাত আৰু ভৰিৰ সাঁচ সংৰক্ষণৰ বাবে সংগ্ৰহ কৰে ।
উল্লেখ্য যে, ১৯৬৬ চনৰ বেংকক এছিয়ান গেমছত ৮০০ মিটাৰৰ দৌৰত অৰ্জুন ভোগেশ্বৰ বৰুৱাই স্বৰ্ণপদক লাভ কৰিছিল । সেই একেটা বছৰতে ভাৰত চৰকাৰে তেওঁক অৰ্জুন সন্মানেৰে বিভূষিত কৰে ৷ ভাৰতৰ এথলেটিকছ ক্ৰীড়াক্ষেত্ৰত দেশৰ হৈ বহু সফলতা লাভ কৰা এইগৰাকী ক্ৰীড়াবিদলৈ ইটিভি ভাৰতৰ তৰফৰ পৰা থাকিল জন্মদিনৰ একুঁকি শুভকামনা ।
লগতে পঢ়ক: অভিৰুচি ক্ৰীড়া দিৱস: সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ শুভেচ্ছা, ৰাজ্য়জুৰি পালন
গুৱাহাটীৰ সমীপৰ সোণাপুৰত আন্তঃৰাজ্যিক গাড়ী চুৰি চক্ৰৰ চোৰ ধৰাশায়ী

