ETV Bharat / state

জুবিনক্ষেত্ৰত আৰক্ষীক অপদস্থ কৰি লকআপত সোমাল ৩ জন

জুবিনক্ষেত্ৰত সুৰাপায়ী যুৱকৰ উদ্ভণ্ডালি । যান-বাহন আবদ্ধ কৰাৰ লগতে আৰক্ষীক আক্ৰমণৰ চেষ্টা ।

Drunken youth attacks police in Zubeen kshetra
জুবিনক্ষেত্ৰত আৰক্ষীক কৰিলে অপদস্থ কৰি লকআপত সোমাল ৩ জন (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 23, 2026 at 3:53 PM IST

2 Min Read
Choose ETV Bharat

সোণাপুৰ : সোণাপুৰৰ জুবিনক্ষেত্ৰত দেওবাৰে বিয়লি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । বিয়লি প্ৰায় ৪:৩০ বজাত ৩ যুৱকে জুবিনক্ষেত্ৰত কৰ্তব্যৰত আৰক্ষীৰ ওপৰত আক্ৰমণ কৰাৰ অভিযোগ উঠিছে । অভিযুক্ত যুৱককেইজনে কেৱল কৰ্তব্যৰত আৰক্ষী জোৱানকেই নহয়, এগৰাকী মহিলা আৰক্ষী কৰ্মীকো শাৰীৰিকভাৱে অপদস্থ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ।

জানিব পৰা মতে দেওবাৰে বিয়লি জুবিনক্ষেত্ৰলৈ সুৰাপান কৰি অহা ৩ জন যুৱকে হঠাতে উদ্ভণ্ডালি আৰম্ভ কৰে । তেওঁলোকে ৰাজপথত যান-বাহন আবদ্ধ কৰাৰ ফলত সৰ্বসাধাৰণ ৰাইজ আৰু যাত্ৰীসকল সমস্যাত পৰে । যেতিয়া কৰ্তব্যৰত আৰক্ষীৰ দলে তেওঁলোকক বাধা দিবলৈ চেষ্টা কৰে, তেতিয়া যুৱককেইজনে অধিক আক্ৰমণাত্মক হৈ পৰে । সুৰামত্ত যুৱকৰ দলটোৱে আৰক্ষী জোৱানসকলক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ লগতে এজন জোৱানৰ হাতত কামুৰি আঘাত কৰে । এগৰাকী মহিলা আৰক্ষীকো অপদস্থ কৰাৰ অভিযোগ কৰিছে । এই অনাকাংক্ষিত পৰিস্থিতিৰ বাবে বহু সময় ধৰি জুবিনক্ষেত্ৰত উত্তেজনাই বিৰাজ কৰে ।

জুবিনক্ষেত্ৰত আৰক্ষীক কৰিলে অপদস্থ কৰি লকআপত সোমাল ৩ জন (ETV Bharat)

ইতিমধ্যে অভিযুক্ত ৩ যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । অভিযুক্ত ৩ জন ক্ৰমে দক্ষিণ শালমৰাৰ আলম আলী, শুৱালকুছিৰ মুকুট দাস আৰু ৰঞ্জন দাস বুলি জানিব পৰা গৈছে ।

Drunken youth attacks police in Zubeen kshetra
জুবিনক্ষেত্ৰৰ সন্মুখত বাহন আবদ্ধ যুৱকৰ (ETV Bharat)

এই ঘটনা সন্দৰ্ভত সোণাপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই কয়, "আৰক্ষীৰ ওপৰত হোৱা এই আক্ৰমণক অতি গুৰুত্বসহকাৰে লোৱা হৈছে । সুৰামত্ত যুৱককেইজনে কৰ্তব্যৰত অৱস্থাত থকা আৰক্ষীক প্ৰহাৰ কৰাৰ লগতে মহিলা আৰক্ষীকো অপদস্থ কৰিছে । আমি ইতিমধ্যে তেওঁলোকৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি জে'ললৈ প্ৰেৰণ কৰিছোঁ ।"

Drunken youth attacks police in Zubeen kshetra
ভুক্তভোগী আৰক্ষী জোৱান (ETV Bharat)

আনহাতে আক্ৰমণৰ বলি হোৱা আৰক্ষী জোৱানকেইজনে সেই সময়ৰ ভয়ংকৰ পৰিস্থিতিৰ কথা বৰ্ণনা কৰে । তেওঁলোকে জানিবলৈ দিয়ে যে যুৱককেইজনে তেওঁলোকক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল । বৰ্তমান আৰক্ষীয়ে ঘটনাটো সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে । ৰাজহুৱা স্থানত সুৰাপান কৰি আৰক্ষীক আক্ৰমণ কৰা এনে কাৰ্যক সচেতন মহলেও তীব্ৰ গৰিহণা দিছে ।

লগতে পঢ়ক :এয়া কি ! নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই খলি পৰিল দলং