ETV Bharat / state

৩৫০ কোটি টকীয়া আঁচনিয়েও দিব পৰা নাই পিয়াহৰ পানীটুপি, ঘটি-লোটা লৈ ৰাইজৰ প্ৰতিবাদ

চন্দ্ৰপুৰত ১১ বছৰে সম্পূৰ্ণ নহ'ল প্ৰকল্প । কলহ-বাল্টি লৈ প্ৰতিবাদী কাৰ্যসূচী ।

Public protest for drinking Water supply in Guwahati
খোৱাপানী যোগান ধৰাৰ দাবীত ৰাইজৰ প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 27, 2026 at 10:10 AM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: বিগত সময়ত চৰকাৰে জল জীৱন আঁচনিৰ নামত কোটি কোটি টকা ব্য়য় কৰিলেও খোদ গুৱাহাটী মহানগৰীতেই এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে মহানগৰবাসীয়ে । এতিয়া এই লোকসকলৰ বাবে "ঘৰ ঘৰ নল, ঘৰ ঘৰ জল" শ্ল’গান অসাৰ হৈ পৰিছে । কেৱল সেয়াই নহয়, পানী নাপাই ক্ষুব্ধ জনতাই ক'লে, "ঘৰ ঘৰ চকুপানী" হৈছে ।

বিগত এমাহ ধৰি চন্দ্ৰপুৰ অঞ্চলত সম্পূৰ্ণ ৰূপে বন্ধ হৈ আছে খোৱাপানী যোগান ব্যৱস্থা । স্থানীয় ৰাইজে ২০০০ লিটাৰ পানী ১০০০ টকাত কিনিবলগীয়া হৈছে । সেইবাবে মঙলবাৰে গুৱাহাটীৰ চন্দ্ৰপুৰত তীব্র প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিলে ক্ষুব্ধ জনতাই ।

খোৱাপানী যোগান ধৰাৰ দাবীত ৰাইজৰ প্ৰতিবাদ (ETV Bharat Assam)

প্ৰায় ৩৫০ কোটি টকীয়া ৰাজ্য চৰকাৰৰ জল জীৱন মিছনৰ অধীনত ৰূপায়িত হৈ থকা পানী যোগান আঁচনিয়েও বিগত এমাহ ধৰি ৰাইজক যোগান ধৰা নাই পানী । যাৰ পৰিপ্ৰেক্ষিতত ক্ষোভত ওলাই আহি প্ৰতিবাদী কার্যসূচী ৰূপায়ণ কৰিছে ৰাইজে । চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তথা ৰাইজৰ সহযোগত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি ৰাইজে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ।

প্ৰতিবাদীসকলে হাতে হাতে চৰকাৰ বিৰোধী প্লে-কাৰ্ড, বেনাৰ আৰু খালি কলহ-বাল্টি লৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । প্ৰতিবাদকাৰীসকলে চন্দ্ৰপুৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদৰ অন্তত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা লৈ স্মাৰক পত্ৰ প্ৰেণ কৰে ছাত্র সন্থাই । ছাত্র সন্থাৰ এজন নেতাই অতিশীঘ্ৰে ৰাইজক খোৱাপানীৰ যোগান নিয়মীয়া কৰিবলা দাবী জনায় । অন্যথা অধিক প্ৰতিবাদৰ সন্মুখীন হ'বলৈ চৰকাৰক সাজু থাকিবলৈ সকীয়াই দিয়ে ।

এই সন্দৰ্ভত এজন প্ৰতিবাদকাৰীয়ে কয়, "ৰাইজে এটুপি খোৱাপানীৰ বাবে প্ৰতিবাদ কৰিবলগীয়া হৈছে । বিগত এমাহ ধৰি যোগান ধৰা নাই খোৱাপানীৰ । যিসময়ত বেলেগ দেশৰ মানুহ চন্দ্ৰলৈ গৈছে, সেই সময়ত অসমত ডবল ইঞ্জিন চৰকাৰ থকাৰ পিচতো চন্দ্ৰপুৰৰ লোকে বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে । ঘৰ ঘৰ নল, ঘৰ ঘৰ জল শ্ল’গান ঘৰ ঘৰ চকুপানীহে হৈছে ।"

১১ বছৰেই সম্পূৰ্ণ নহ'ল প্ৰকল্প :

উল্লেখ্য যে ২০১৪-১৫ বৰ্ষত চন্দ্ৰপুৰৰ তাঁতীমাৰাত নিৰ্মাণ আৰম্ভ কৰা প্ৰকল্পটো ২০১৮ চনত ৰাইজৰ বাবে মুকলি কৰিছিল । চন্দ্ৰপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত চন্দ্ৰপুৰ, পশ্চিম মায়েং, পানীখাইতি আৰু আমচিং গাঁও পঞ্চায়তৰ ৪২ খন গাঁৱৰ ৰাইজক ২৪ ঘণ্টাই বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ উদ্দেশ্যে নিৰ্মাণ কৰা হৈছিল; কিন্তু বিগত ২০২৩-২৪ বৰ্ষত নিৰ্মাণ কাম সম্পূৰ্ণ হ'বলগা প্ৰকল্পটোৰ কাম আজিলৈ সম্পূৰ্ণ হৈ উঠা নাই । তদুপৰি এই প্ৰকল্পটোৱে আজিলৈ দহখন গাঁৱতে পানী যোগান ধৰিব পৰা নাই । ইপিনে, যিখিনি মানুহক পানীৰ যোগান ধৰিছিল সেয়াও এতিয়া সম্পূৰ্ণ ৰূপে নিয়মীয়া নহয় । ফলত স্থানীয় ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে ।

লগতে পঢ়ক:কোটিটকীয়া চৰকাৰী আঁচনিৰ অপমৃত্যু: ৰাইজে নাপালে এটুপিও পানী

দিল্লীবাসীৰ হৃদয় জিনিছে বেংগালুৰুৰ আলগ নটৰাজনে