বঢ়মপুৰত বান নহয়, খৰাঙৰ কোপত কৃষি
প্ৰচণ্ড খৰাঙৰ কবলত কামপুৰ । আহাৰ মাহ শেষ হ'লেই কৃষকে পথাৰত গোছেই দিব পৰা নাই ।

Published : July 13, 2026 at 6:13 PM IST
বঢ়মপুৰ: নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত কামপুৰ ৰাজহচক্ৰৰ বিভিন্ন এলেকাত বিগত বৰ্ষবোৰত বাৰিষাৰ এই সময়খিনিত কপিলী, নিশাৰী, বৰপানী নৈৰ বানৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছিল । এইবাৰ কিন্তু তাৰ বিপৰীত ছবি দেখা গৈছে । এইবাৰ প্ৰচণ্ড খৰাঙৰ ফলত পথাৰত কৃষকৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।
এফালৰ পৰা শুকাব ধৰিছে পথাৰ । কৃষকসকলে এটুপি পানীৰ বাবে আশাৰে দিন কটাইছে । প্ৰখৰ গৰমৰ ফলত কৃষিভূমিত ছিঁৰাল ফাট মেলিছে । কঠীয়াতলি, কামপুৰ, কচুৱাৰ কৃষকে পানীৰ অভাৱত খেতি কৰিব পৰা নাই । কৃষিৰ ওপৰত নিৰ্ভৰশীল অঞ্চলটোৰ ৰাইজে মুৰে কঁপালে হাত দিব লগা হৈছে । কাৰণ খেতি কৰিব নোৱাৰিলে বছৰটো চলা অসম্ভৱ হ'ব ।
লক্ষণীয় কথাটো হ'ল যে কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুৱা আৰু কামপুৰৰ বৃহৎ এলেকাত নিশাৰী আৰু কপিলীৰ নৈত বহুকেইটা জলসিঞ্চন আঁচনিয়েই এতিয়া বিকল হৈ আছে । জলসিঞ্চনৰ প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও কোনো এখন চৰকাৰে কামপুৰৰ কৃষক ৰাইজ উপকৃত হ'ব পৰাকৈ পথাৰত পৰ্যাপ্ত জলসিঞ্চনৰ ব্যৱস্থা নকৰাৰ অভিযোগ কৰিছে কৃষকসকলে । ফলত বৰষুণৰ ওপৰতেই কামপুৰৰ কৃষক ৰাইজে নিৰ্ভৰ কৰিব লগা হৈছে ।

জানিব পৰা মতে কামপুৰৰ কপিলী নদীত ৯ টা বিদ্যুৎ চালিত জলসিঞ্চনৰ আঁচনি আছে যদিও বৰ্তমান দুটাহে কাৰ্যক্ষম হৈ আছে । তাৰ বিপৰীতে ৭ খন আঁচনিয়েই বিকল হৈ পৰি আছে । ইফালে নিশাৰী নদীত ৬ টা জলসিঞ্চনৰ আঁচনি আছে যদিও ৩ টা আঁচনিয়েই বিকল হৈ পৰি থকা বুলি জানিব পৰা গৈছে । নিশাৰী নৈত কাৰ্যক্ষম হৈ থকা ৩ খন আঁচনিও নলাসমূহ ভাঙি যোৱাৰ লগতে বিভিন্ন সমস্যাৰ মাজত চলি থকাত কৃষকে ব্যাপক সমস্যাত পৰিছে । বিগত চৰকাৰৰ দিনত তেতেলীসৰা অঞ্চলত ৪ টা সৌৰশক্তি চালিত মেচিন বহুৱাই জলসিঞ্চনৰ ব্যৱস্থা কৰিছিল যদিও সেয়া কৃষিভূমি অনুপাতে পৰ্যাপ্ত নহয় বুলি ৰাইজে অভিযোগ কৰিছে ।
এই সন্দৰ্ভত বঢ়মপুৰ সমষ্টিৰ কঠীয়াতলি অঞ্চলৰ এজন কৃষক মোহিত বৰদলৈয়ে কয়, "সাধাৰণতে আমি প্ৰকৃতিৰ ওপৰতে ভৰসা কৰোঁ । এইবাৰ আমি কঠীয়া যেনেতেনে পেলালো । তেতিয়াও অসুবিধা আছিল । ইতিমধ্যে কঠীয়া ৰুব হৈ গৈছে । কিছু ৰুৱাও হৈছে । কিন্তু পানীৰ অভাৱত সমস্যাৰ সন্মুখীন হৈছে । প্ৰকৃতিৰ যি খৰাং তাণ্ডৱ, আমি কোনো কালে দেখা নাই । কৃষি মন্ত্ৰীক এইটোৱে আহ্বান ইয়াত কৃত্ৰিমভাৱে যদি জলসিঞ্চনৰ ব্যৱস্থা কৰে তেনেহ'লে নিশ্চয় কৃষকৰ সহায় হ'ব ।"

কামপুৰৰ তেঁতেলীসৰা গ্ৰাণ্ট গাঁৱৰ কৃষক ৰঞ্জিত বৰদলৈয়ে কয়, "বহুত মাটি পৰি আছে । শাওণৰ মাহ সোমালেই । যদি শাওণৰ মাহতো বৰষুণ নিদিয়ে তেনেহ'লে কৃষকৰ অৱস্থা নাই । স্থানীয় বিধায়ক আৰু কৃষি মন্ত্ৰীয়ে বঢ়মপুৰ সমষ্টিটোৰ কৃষকৰ কাৰণে জলসিঞ্চনৰ ব্যৱস্থা কৰি দিলে উপকৃত হ'ম ।"
বৃহত্তৰ কামপুৰ অঞ্চলত আধুনিক প্ৰযুক্তিৰ জলসিঞ্চন মেচিন স্থাপন কৰি কৃষক ৰাইজক উপকৃত কৰিবলৈ জলসিঞ্চন বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰীকাক আহ্বান জনাইছে । আনহাতে বিকল হৈ থকা মেচিনসমূহ শীঘ্ৰে কাৰ্যক্ষম কৰি তুলিবলৈও বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে ।
লগতে পঢ়ক :
বিদ্যালয়, স্বাস্থ্যকেন্দ্ৰ, পকী পথ একোৱেই নাই: কৰৈবাৰীত উন্নয়নৰ প্ৰতীক্ষা

