শিশু নিৰ্যাতনৰ ঘটনা : দুবছৰৰ পাছত জামিন পালে ডাঃ ৱালিউল ইছলামে, কাৰাগাৰত ডাঃ সংগীতা দত্ত
৫০হাজাৰ টকাকৈ দুজন জামিনদাৰ ধাৰ্য আদালতৰ।তোলনীয়া সন্তানক আতিশয্য চলাই ৰঙাঘৰৰ আলহী হৈছিল ৱালিউল ইছলাম আৰু পত্নী সংগীতা দত্ত। জামিন লাভ কৰা নাই ডাঃ সংগীতা দত্তই।

Published : October 28, 2025 at 7:11 PM IST
গুৱাহাটী : অৱশেষত জামিন লাভ কৰিলে বিতৰ্কিত চিকিৎসক ডাঃ ৱালিউল ইছলামে । তোলনীয়া সন্তানক নিৰ্যাতন চলাই বিগত দুবছৰে কাৰাগাৰত আছিল ডাঃ ৱালিউল ইছলাম । মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন ।
৫০ হাজাৰ টকাকৈ দুজন জামিনদাৰ ধাৰ্য আদালতৰ । অৱশ্যে বৰ্তমানেও জামিন লাভ কৰা নাই একেটা গোচৰত অভিযুক্ত হোৱা ডাঃ ৱালিউল ইছলামৰ পত্নী ডাঃ সংগীতা দত্তই ।

উল্লেখ্য যে, তোলনীয়া সন্তানক নিৰ্যাতন চলোৱাৰ অভিযোগত বিগত দুটা বছৰে কাৰাৰুদ্ধ হৈ আছে ৱালিউল ইছলাম আৰু পত্নী ডাঃ সংগীতা দত্ত ।তোলনীয়া কনমাণি শিশুক নির্যাতনৰ গোচৰত দুয়োকে গুৱাহাটী আৰক্ষীয়ে ২০২৩ চনৰ ৬ মে'ত গ্ৰেপ্তাৰ কৰিছিল । আনহাতে বিগত বৰ্ষৰ ২৩ মে'ত বিতৰ্কিত চিকিৎসক দম্পতী সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে আদালতত চূড়ান্ত অভিযোগনামা দাখিল কৰিছিল ।
বিতৰ্কিত চিকিৎসক দম্পতীটোক গ্ৰেপ্তাৰৰ প্ৰায় এবছৰ মূৰত আৰক্ষীয়ে শিশু নিৰ্যাতনৰ গোচৰৰ চূড়ান্ত অভিযোগনামা মহানগৰীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত দাখিল কৰিছিল । নিজৰ তোলনীয়া সন্তানক নিৰ্যাতন চলোৱাৰ অভিযোগত চিকিৎসক দম্পতীটোক পল্টনবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ৫৮ দিনৰ মূৰত ২০২৩ চনৰ ৪ জুলাইত গুৱাহাটীস্থ পকছ’ৰ বিশেষ আদালতত অভিযোগনামা দাখিল কৰিছিল ।
উল্লেখ্য যে, আদালতত দাখিল কৰা অভিযোগনামাত আৰক্ষীয়ে অভিযুক্ত কৰিছিল ৫ গৰাকীক । ডাঃ সংগীতা দত্ত, ৱালিউল ইছলাম, উৎপলা বসুৰ উপৰিও দুই ব্যক্তিগত সহায়ককো অভিযুক্ত কৰা হৈছিল ।

চিকিৎসক দম্পতীটোৰ বিৰুদ্ধে 201/2023 নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ 307, 325, 326, 341, 506, 307(5/80) জামিনবিহীন ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল । ২০২৩ চনৰ ৫ মে’ত ডাঃ ৱালিউল ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ৬ মে’ৰ মাজনিশা খানাপাৰাৰ গ্ৰীণউড ৰিজ’ৰ্টৰ পিছফালে এগৰাকী বান্ধৱীৰ ঘৰত আত্মগোপন কৰি থকা অৱস্থাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ডাঃ সংগীতা দত্তক ।

পৰৱৰ্তী সময়ত শিশু আশ্ৰয়গৃহৰ কতৃৰ্পক্ষৰ অনুসন্ধানত চিকিৎসক দম্পতীয়ে অবৈধভাৱে তুলি লোৱা সন্তান দুটিৰ ওপৰত নিৰ্যাতন চলোৱাৰ ভয়ংকৰ ঘটনাটো পোহৰলৈ আহিছিল । বিগত সময়ত সংগীতা দত্ত আৰু ৱালিউল ইছলামে কেবাবাৰো জামিনৰ বাবে আৱেদন কৰিছিল যদিও আদালতে নাকচ কৰিছিল ।
অৱশেষত ডাঃ ৱালিউল ইছলামে লাভ কৰিলে জামিন । অৱশ্যে ডাঃ সংগীতা দত্তই এতিয়াও জামিন লাভ কৰা নাই ।

