ডাঃ সংগীতা দত্তৰ জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
তোলনীয়া সন্তানক অকথ্য নিৰ্যাতন চলোৱাৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল চিকিৎসক দম্পতী ডাঃ ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্ত ।

Published : November 18, 2025 at 11:34 PM IST
গুৱাহাটী : গুৱাহাটী উচ্চ ন্যায়ালয়ে মঙলবাৰে তোলনীয়া সন্তানক অকথ্য নিৰ্যাতন চলোৱাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা চিকিৎসক ডাঃ সংগীতা দত্তৰ জামিন মঞ্জুৰ কৰে । উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অঞ্জনমণি কলিতাৰ আদালতে দুজন জামিনদাৰ আৰু এক লাখ টকাৰ মূল্যৰ বিনিময়ত অভিযুক্ত ডাঃ সংগীতা দত্তৰ জামিন মঞ্জুৰ কৰে ।
জামিনৰ নিৰ্দেশনাত ন্যায়ালয়ে অভিযুক্ত ডাঃ দত্তক কেবাটাও চৰ্ত বান্ধি দিছে । তেওঁ ভুক্তভোগী শিশু দুটিৰ কাষ চাপিব নোৱাৰিব । একেদৰে গোচৰৰ সাক্ষীক কোনো ধৰণৰ ভয়, ভাবুকি প্ৰদান কৰিব নোৱাৰিব । বিচাৰ প্ৰক্ৰিয়াত সম্পূৰ্ণ সহযোগিতা কৰিব আৰু আদালতে বিচৰা সময়ত হাজিৰ হ'ব লাগিব আদিকে ধৰি কেইবাটাও চৰ্ত বান্ধি দিয়ে ।
শিশু নিৰ্যাতনৰ ঘটনাত ২০২৩ ত চিকিৎসক দম্পতী ডাঃ ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্ত গ্ৰেপ্তাৰ হৈছিল । যোৱা ২৮ অক্টোবৰত ডাঃ ৱালিউল ইছলামে জামিন লাভ কৰাৰ পিছত প্ৰায় আঢ়ৈ বছৰৰ অন্তত সংগীতা দত্তৰ উচ্চ ন্যায়ালয়ৰ মজিয়াত কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ অহাৰ বাট প্ৰশস্ত হয় ।
উল্লেখযোগ্য যে, তোলনীয়া সন্তানক অকথ্য নিৰ্যাতন কৰাৰ অভিযোগত চিকিৎসক দম্পতীৰ বিৰুদ্ধে 201/2023 নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ 307, 325, 326, 341, 506, 307(5/80) জামিনবিহীন ধাৰাৰ অধীনত পল্টনবজাৰ থানাত গোচৰ ৰুজু কৰা হৈছিল । ২০২৩ চনৰ ৫ মে’ত ডাঃ ৱালিউল ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ৬ মে’ৰ মাজনিশা খানাপাৰাৰ গ্ৰীণউড ৰিজ’ৰ্টৰ পিছফালে এগৰাকী বান্ধৱীৰ ঘৰত আত্মগোপন কৰি থকা অৱস্থাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ডাঃ সংগীতা দত্তক ।

