ETV Bharat / state

পত্নীৰ হত্যাকাৰীক চৰম শাস্তিৰ দাবী চিকিৎসক ৰঞ্জিত শইকীয়াৰ

এপষেক চিকিৎসালয়ত মৃত্যুৰে যুঁজি অজান দেশলৈ গুচি গ'ল ৰূপৰেখা শইকীয়া ।

Ranjit Saikia demands the death penalty for the wife's murderer in Nagaon
পত্নীৰ হত্যাকাৰীক চৰম শাস্তিৰ দাবী চিকিৎসক ৰঞ্জিত শইকীয়াৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 11, 2026 at 9:20 AM IST

|

Updated : May 11, 2026 at 10:38 AM IST

3 Min Read
Choose ETV Bharat

নগাঁও: ডকাইতৰ আক্ৰমণৰ বলি হৈ চিকিৎসাধীন হৈ থকা নগাঁৱৰ চিকিৎসক ৰঞ্জিত শইকীয়াৰ পত্নী ৰূপৰেখা শইকীয়াই অৱশেষত মৃত্য়ুৰ ওচৰত হাৰ মানিলে । এপষেক চিকিৎসালয়ত মৃত্যুৰে যুঁজি অজান দেশলৈ গুচি যোৱা ৰূপৰেখা শইকীয়াৰ মৃতদেহ ঘৰলৈ অনাৰ পাছতে সৃষ্টি হয় এক অবৰ্ণনীয় শোকাকুল পৰিৱেশৰ ।

চিকিৎসকগৰাকীৰ পত্নীৰ মৃতদেহ ঘৰলৈ অনাৰ পাছত আৱেগিক হৈ ডাঃ ৰঞ্জিত শইকীয়া কয়, "মোৰ পত্নীক মাৰি পেলালে, এতিয়া মোৰ কণমানি সন্তানক কোনে চোৱাচিতা কৰিব ? এতিয়া মোৰ কি হ'ব ? " চিকিৎসক পত্নীৰ মৃতদেহ বাসগৃহত অনাৰ পাছতেই হত্যাকাৰীক চৰম শাস্তি প্ৰদানৰ দাবীত একাংশ মহিলাই পথ অৱৰোধ কৰি পৰিবেশ উত্তাল কৰে ।

পত্নীৰ হত্যাকাৰীক চৰম শাস্তিৰ দাবী চিকিৎসক ৰঞ্জিত শইকীয়াৰ (ETV Bharat Assam)

গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি লোৱা ডকাইতৰ আক্ৰমণত আহত ৰূপৰেখা শইকীয়াৰ মৃতদেহ দেওবাৰে সন্ধিয়া ঘৰলৈ অনাৰ পাছত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় চিকিৎসক শইকীয়াৰ বাসগৃহত । একে সময়তে স্থানীয় লোক উপস্থিত হৈ হত্যাকাৰীৰ শাস্তিৰ দাবীত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । পত্নীৰ হত্যাকাৰীক চৰম শাস্তিৰ দাবী উত্থাপন কৰে ডাঃ ৰঞ্জিত শইকীয়াই । তেওঁ পত্নীক হত্যা কৰাসকলক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰি ন্যায় প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে ।

এই পৰিয়ালটোক ন্যায় প্ৰদান কৰিবলৈ ভাৰপ্ৰাপ্ত মুখ্য়মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপো দাবী কৰে স্থানীয় লোকে । উল্লেখ্য় যে বিগত ২৪ এপ্ৰিলৰ পুৱতি নিশা ডকাইতৰ এটা দলে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি চিকিৎসক ৰঞ্জিত শইকীয়াৰ লগতে পত্নী ৰূপৰেখা শইকীয়াক নিৰ্মমভাৱে প্ৰহাৰ কৰি ধন, সোণ লুট কৰি নিছিল । ইতিমধ্য়ে এই ঘটনাৰ সৈতে জড়িত ৬ টাকৈ কুখ্যাত ডকাইতক গ্ৰেপ্তাৰ কৰি ঘটনাৰ বহু তথ্য লাভ কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষী ।

উল্লেখ্য যে যোৱা ২৪ এপ্ৰিলৰ পুৱতি নিশা নগাঁও চহৰৰ মৰিকলঙত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা । পাঁচজনীয়া কুখ্যাত ডকাইতৰ দল এটাই চিকিৎসক ৰঞ্জিত শইকীয়াৰ বাসগৃহত প্ৰৱেশ কৰি চিকিৎসক দম্পতীক আক্ৰমণ কৰি লুটপাত চলাইছিল । উত্থাপিত অভিযোগ মতে, চোকা অস্ত্ৰৰে চিকিৎসক দম্পতীক নিৰ্মমভাৱে আক্ৰমণ কৰি নগদ ধন সোণ লুটি নিছিল ।

নগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসে এই সন্দৰ্ভত উল্লেখ কৰা মতে, এই দলটোৱে ২৪ এপ্ৰিলৰ পুৱতি নিশা চিকিৎসকগৰাকীৰ ঘৰৰ পাচফালৰ দেৱাল বগাই খিৰিকী ভাঙি ভিতৰত প্ৰৱেশ কৰিয়েই চিকিৎসক ৰঞ্জিত শইকীয়াক প্ৰথমে দা ৰে আক্ৰমণ কৰিছিল । পাছত পত্নী ৰূপৰেখা শইকীয়াই চিঞৰ বাখৰ কৰাত পত্নীক নিৰ্মমভাৱে আক্ৰমণ কৰিছিল । ৰূপৰেখা শইকীয়া গুৰুতৰভাৱে আহত হোৱাত তেওঁক চিকিৎসালয়ত ক'মা অৱস্থাত ভৰ্তি কৰোৱা হয় যদিও অৱশেষত মৃত্য়ুৰ ওচৰত হাৰ মানে ।

লগতে পঢ়ক:ডকাইতৰ আক্ৰমণত আহত নগাঁৱৰ চিকিৎসক পত্নী ৰূপৰেখা ভূঞাৰ মৃত্যু, আৰক্ষীৰ জালত আৰু তিনি অভিযুক্ত

কোনো চিনাকী লোকেই জড়িত মৰিকলঙৰ ডকাইতিকাণ্ডত: আইজিপি জি ভি শিৱপ্ৰসাদ

Last Updated : May 11, 2026 at 10:38 AM IST