ETV Bharat / state

কংক্ৰিটৰ পৃথিৱীক সেউজীয়া কৰা যাত্ৰা ৰাইজৰ দলৰ ভাতৃ সংগঠনৰ

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৰাইজৰ দলৰ ভাতৃ সংগঠন 'জাতীয় যুৱ বাহিনী'ৰ বিশেষ উদ্যোগ ।

world environment day 2026
এইবাৰ কংক্ৰিটৰ পৃথিৱীক সেউজীয়া কৰা যাত্ৰাত ডঃ জ্ঞানশ্ৰী বৰা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 2, 2026 at 6:29 PM IST

3 Min Read
Choose ETV Bharat

যোৰহাট: বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৰাইজৰ দলৰ ভাতৃ সংগঠনৰ ৰাজ্যজুৰি বিশেষ সজাগতা অভিযান । সমগ্ৰ ৰাজ্যজুৰি আৰম্ভ কৰা হৈছে গছপুলি ৰোপণ কাৰ্যসূচী । ১ জুনৰ পৰা ৬ জুনলৈ ধাৰাবাহিকভাৱে ৰূপায়ণ কৰা হৈছে এই কাৰ্যসূচী ।

ৰাইজৰ দলৰ ভাতৃ সংগঠন 'জাতীয় যুৱ বাহিনী'ৰ উদ্যোগত আৰম্ভ হৈছে সপ্তাহজোৰা গছপুলি ৰোপণ কাৰ্যসূচী । পৰিৱেশ সুৰক্ষা আৰু ধৰিত্ৰীক সেউজীয়া কৰি তোলাৰ সংকল্পৰে জাতীয় যুৱ বাহিনীয়ে গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ । ১ জুনৰ পৰা অহা ৬ জুনলৈ সমগ্ৰ ৰাজ্যতে ধাৰাবাহিকভাৱে চলিব এই গছপুলি ৰোপণ কাৰ্যসূচী ।

এইবাৰ কংক্ৰিটৰ পৃথিৱীক সেউজীয়া কৰা যাত্ৰাত ডঃ জ্ঞানশ্ৰী বৰা (ETV Bharat Assam)

মঙলবাৰে তিতাবৰৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্প আৰু নন্দ নাথ শইকীয়া মহাবিদ্যালয় প্ৰাংগণত গছপুলি ৰোপণ কৰে জাতীয় যুৱ বাহিনীৰ কেন্দ্ৰীয় সভানেত্ৰী ডঃ জ্ঞানশ্ৰী বৰাই । কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ সকলোকে পৃথিৱীখন সেউজীয়া কৰা যাত্ৰাত সমভাগী হ'বলৈ আহ্বান জনায় ।

আনহাতে, সংগঠনটোৰ কেইবাজনো সতীৰ্থই অংশগ্ৰহণ কৰা এই কাৰ্যসূচীৰ জৰিয়তে পৰিৱেশ ৰক্ষাৰ বাবে ৰাইজক সজাগ হ’বলৈ সংগঠনটোৰ সভানেত্ৰীগৰাকীয়ে আহ্বান জনায় ।

world environment day 2026
এইবাৰ কংক্ৰিটৰ পৃথিৱীক সেউজীয়া কৰা যাত্ৰাত ডঃ জ্ঞানশ্ৰী বৰা (ETV Bharat Assam)

সপ্তাহজোৰা গছপুলি ৰোপণ কাৰ্যসূচীৰ নেতৃত্ব দিয়া ডঃ জ্ঞানশ্ৰী বৰাই কয়, "আমি বৃক্ষ সপ্তাহৰ এটা কাৰ্যসূচী আৰম্ভ কৰিছোঁ । আচলতে ৫ জুনত সকলোৱে গছপুলি ৰোপণ কৰি বিশ্ব পৰিৱেশ দিৱস পালন কৰোঁ । যিমান গছপুলি ৰোপণ কৰা হয় সিমান গছপুলি জীয়াই নাথাকে । গছপুলি ৰোপণ কৰিবৰ বাবে আমাৰ ল'ৰা-ছোৱালী সজাগ হয় । কিন্তু জীয়াই থাকিবৰ কাৰণে সচেতন নহয় । আমাৰ নিজৰ ক্ষেত্ৰতো তেনেকুৱাই হৈ থাকে ।"

world environment day 2026
এইবাৰ কংক্ৰিটৰ পৃথিৱীক সেউজীয়া কৰা যাত্ৰাত ডঃ জ্ঞানশ্ৰী বৰা (ETV Bharat Assam)

তেওঁ লগতে কয়, "আমি আচলতে এই কাৰ্যসূচী সপ্তাহজোৰাকৈ আৰম্ভ কৰাৰ মূল কথা কেৱল গছপুলি ৰোপণ কৰাই নহয়, আমি এনে ঠাইতে গছপুলি ৰোপণ কৰিব বিচাৰিছোঁ, য'ত গাঁওবাসীয়ে তথা বিভিন্ন সংস্থা, সংগঠনে গছপুলি প্ৰতিপালন কৰাত দায়বদ্ধতা থাকিব লাগে । সেইবাবে আমি গছপুলি ৰোপণ কৰিছোঁ । সকলোৱে গছপুলি ৰোপণ আৰু প্ৰতিপালন অভ্যাসৰূপে গ্ৰহণ কৰক । পৃথিৱীখন লাহে কংক্ৰিটমুখী হৈ আহিছে । চাৰিওফালে অ'ভাৰব্ৰীজ গঠন কৰা হৈছে । উন্নয়নৰ ধামখুমীয়াত আগবাঢ়ি যাওঁতে আমি প্ৰকৃতিৰ কথা চিন্তা কৰিবলৈ পাহৰি গৈছোঁ । সেয়েহে উঠি অহা প্ৰজন্মই প্ৰকৃতিৰ দায়িত্ব ল'ব লাগিব । সকলোৰে নিজৰ জন্মদিন, উৎসৱ পাৰ্বণত এটি গছপুলি ৰোপণ কৰক আৰু ইয়াৰ দাযিত্ব লওক ।"

লগতে পঢ়ক :নিজা ভৱন থকাৰ পাছতো কিয় ভাৰাঘৰত চলিছে জোনাই মহকুমাৰ পুথিভঁড়ালৰ কাৰ্যালয় ?
লগতে পঢ়ক :বিনামূলীয়াকৈ বিতৰণ কৰা হ'ব পাঁচ লাখ গছপুলি: ১০০ বিঘাত হ'ব জুবিন উদ্য়ান