ডঃ বিভৱ তালুকদাৰক লণ্ডন লিন্নিয়েন ছ’চাইটিৰ ফেল’ হিচাবে নিৰ্বাচিত
আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন লণ্ডন লিন্নিয়েন ছ'চাইটিৰ পূৰ্বৰ ফেল’সকলৰ ভিতৰত চাৰ্লছ ডাৰউইন আৰু এলফ্ৰেড ৰাচেল ৱালেছৰ দৰে প্ৰসিদ্ধ ব্যক্তিসকল অন্যতম ।

Published : July 7, 2026 at 4:39 PM IST
গুৱাহাটী: আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সংৰক্ষণ জীৱ বিজ্ঞানী, অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা 'আৰণ্যক'ৰ প্ৰতিষ্ঠাপক সচিব প্ৰধান তথা কাৰ্যবাহী সঞ্চালক ডঃ বিভৱ কুমাৰ তালুকদাৰক লণ্ডন লিন্নিয়েন ছ’চাইটিৰ ফেল’ হিচাপে নিৰ্বাচিত কৰা হৈছে । তালুকদাৰে লাভ কৰা এই স্বীকৃতি হৈছে প্ৰাকৃতিক বুৰঞ্জী আৰু জীৱ বিজ্ঞান ক্ষেত্ৰৰ অন্যতম শীৰ্ষ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি ।
১৭৮৮ স্থাপিত লণ্ডন লিন্নিয়েন ছ'চাইটি হৈছে জীৱ বিজ্ঞান সম্পৰ্কীয় বিশ্বৰ আটাইতকৈ পুৰণি সক্ৰিয় সমিতি । এই সমিতিয়ে প্ৰাকৃতিক বুৰঞ্জী, ক্ৰমবিৱৰ্তন আৰু শ্ৰেণী বিভাজন সম্পৰ্কীয় বিষয়ৰ অধ্যয়ন আৰু ইয়াৰ প্ৰচাৰত মনোনিৱেশ কৰি কাম কৰে । আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন এই সমিতিৰ পূৰ্বৰ ফেল’সকলৰ ভিতৰত চাৰ্লছ ডাৰউইন আৰু এলফ্ৰেড ৰাচেল ৱালেছৰ দৰে প্ৰসিদ্ধ ব্যক্তিসকল অন্যতম ।
লণ্ডন লিন্নিয়েন ছ’চাইটিৰ ফেলোসকলক এই ক্ষেত্ৰসমূহলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ ভিত্তিত বাছনি কৰা হয় । এই ফেল’শ্বিপৰ বাবে বাছনি হোৱাটো গুৰুত্বপূৰ্ণ শৈক্ষিক আৰু বৈজ্ঞানিক সন্মান হিচাপে গণ্য কৰা হয় ।
শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ ফালৰ পৰা তালুকদাৰক সন্মান জনায় সামাজিক মাধ্যমত এক পোষ্ট কৰিছে ৷ পোষ্টটোত কোৱা হৈছে- ‘‘ডঃ বিভৱ কুমাৰ তালুকদাৰক লণ্ডনৰ লিনিয়ান ছ’চাইটিৰ ফেল’ হিচাপে নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰিলো । অসমৰ বাবে ই এক গৌৰৱৰ সন্মান !’’
আনহাতে, ডঃ বিভৱ কুমাৰ তালুকদাৰো সামাজিক মাধ্যমত এটা পোষ্ট কৰি কৰে, ‘‘অসমৰ প্ৰয়োগমূলক গৱেষণা আৰু সংৰক্ষণৰ ক্ষেত্ৰত অৰিহণা যোগাবলৈ উৎসাহ যোগোৱাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী তথা অসম চৰকাৰলৈ মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিলো ৷’’
উল্লেখ্য যে, অশোকা ফেল’ (২০০৮) আৰু "আই ইউ চি এন এছ এছ চি হেনৰি মিছেল ফ'ৰ কনজাৰভেচন লিডাৰশ্বিপ" বঁটা লাভ কৰা ডঃ তালুকদাৰে উৎসৰ্গিত মনোভাৱেৰে তিনি দশক ধৰি এছিয়ান গঁড়ৰ ওপৰত বিশেষ গুৰুত্বসহ জৈৱ বৈচত্ৰ্য সংৰক্ষণৰ বাবে কাম কৰি আছে । তেওঁ ২০০৭ চনৰ পৰা ২০২১-২০২৫ চনত আই ইউ চি এনৰ চাৰি বছৰীয়া কাৰ্যকালৰ সামৰণি পর্যন্ত আই ইউ চি এন এছ এছ চি এছিয়ান ৰাইন' স্পেচিয়েলিষ্ট গ্ৰুপৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু উত্তৰ পূব ভাৰতৰ জৈৱ বৈচিত্ৰৰ কেন্দ্ৰস্থলত গঁড়ৰ সংৰক্ষণ, আৱাস ভূমিৰ সুৰক্ষা, চোৰাংচিকাৰ প্ৰতিৰোধী ব্যৱস্থা আৰু সমুদায়ভিত্তিক সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

