জন্মৰ দিনাই পিতৃয়ে দিছিল পেলাই ! উত্তৰ-পূবৰ প্ৰথমটো মহিলা বেংকৰ প্ৰতিষ্ঠাপক লখিমী বৰুৱাক জানেনে ?
মহিলা সবলীকৰণৰ উদ্দেশ্যে প্ৰতিষ্ঠা কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো মহিলা বেংক আৰু ইয়াৰ আঁৰৰ মহিলাগৰাকী জীৱন সংগ্ৰামৰ এক কাহিনী ।

Published : January 3, 2026 at 11:52 AM IST
যোৰহাট : মূলতঃ বিশেষ সা-সুবিধাৰ পৰা বঞ্চিত, পিছপৰা মহিলাসকলৰ সহায় হোৱাকৈ তথা তেওঁলোকক অৰ্থনৈতিকভাৱে স্বাৱলম্বী আৰু সুৰক্ষিত কৰিবলৈ প্ৰতিষ্ঠা কৰা হৈছিল কনকলতা মহিলা আৰবান কোঃঅপাৰেটিভ বেংক । নিজৰ জীৱনত অবিৰত সংগ্ৰামৰ মুখামুখি হৈয়ো লখিমী বৰুৱা নামৰ মহীয়সী নাৰীগৰাকীয়ে ১৯৯৮ চনত যোৰহাটত জন্ম দিছিল এই কনকলতা মহিলা আৰবান কোঃঅপাৰেটিভ বেংক ।
এই বেংকটোৰ জৰিয়তে মহিলাসকলে লাভ কৰিছিল জীয়াই থকাৰ প্ৰেৰণা আৰু জীৱিকাৰ সম্বল । সেই মহান উদ্দেশ্যত ব্ৰতী হোৱা বাবে লখিমী বৰুৱাই ২০২১ চনত লাভ কৰিছিল দেশৰ অসামৰিক সন্মান পদ্মশ্ৰী আৰু ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও বঁটা আৰু সন্মান । সেইগৰাকী মহান নাৰীৰ জীৱন সংগ্ৰাম আৰু পিছপৰা, আৰ্থিকভাৱে দুৰ্বল মহিলাসকলক স্বাৱলম্বী কৰাৰ বাবে কিদৰে ব্ৰতী হৈছিল এই সকলোবোৰ সামৰি প্ৰকৃতিবিদ, সাংবাদিক জিতু কলিতাই নিৰ্মাণ কৰি উলিয়াইছে এখন তথ্য চিত্ৰ ।
"অঘৰী জীৱনৰ সোণোৱালী সপোন" গ্ৰন্থৰ আধাৰত নিৰ্মাণ কৰা হৈছে এই তথ্যচিত্ৰখন ।
কনকলতা মহিলা আৰবান কোঃঅপাৰেটিভ বেংক লিমিটেডৰ প্ৰতিষ্ঠাপক লখিমী বৰুৱাই কয়, "কনকলতা মহিলা আৰবান কোঃঅপাৰেটিভ বেংক লিমিটেড মহিলা সবলীকৰণৰ উদ্দেশ্য প্ৰতিষ্ঠা কৰা হৈছিল । মহিলাসকলে অৰ্থনৈতিকভাৱে যিটো শিক্ষা পাব লাগে সেয়া কোনো স্কুল, কলেজৰ শিক্ষাৰ লগত তুলনা নহয় । সেয়েহে গৃহিণীসকলক চাৰিবেৰত থকা বান্ধোনৰ পৰা উলিয়াই আনি তেওঁলোকক জীৱিকাৰ পথ দেখুওৱাৰ বাবে মই এই যাত্ৰা আৰম্ভ কৰিলোঁ আৰু সেয়া সাৰ্থক হ'ল ।"

তেওঁ লগতে কয়, "আজিৰ দিনটো মোৰ কাৰণে স্মৰণীয় হৈ ৰ'ব । মোৰ পুত্ৰসম জিতু কলিতাই মই পদ্মশ্ৰী এৱাৰ্ড ল'বলৈ যাওঁতে খেৰখেদাকৈ মোৰ জীৱন সংগ্ৰামৰ ওপৰত এখন গ্ৰন্থ প্ৰকাশ কৰিলে আৰু আজি সেই গ্ৰন্থকে এখন তথ্যচিত্ৰলৈ ৰূপান্তৰ কৰিলে । এই তথ্যচিত্ৰখন মই নিজেই উপভোগ কৰি মোৰ চকুপানী নিগৰি গ'ল । মোৰ ল'ৰা আৰু স্বামী থকা হ'লে বহু ভাল লাগিল হয় আজিৰ শুভক্ষণত ।"

আনহাতে, তথ্যচিত্ৰ নিৰ্মাতা জিতু কলিতাই কয়, "লখিমী বৰুৱা বাইদেউৰ জীৱনটোক মই অধ্যয়ন কৰিছো । বাইদেউ জন্ম হওঁতেই মাতৃ মৃত্যুমুখত পৰিছিল । সেইবাবে কণমানিতে বাইদেউক ঘৰৰ বাহিৰত পেলাই দিছিল । পিছত পিতৃয়ে পুনৰ আঁকোৱালি লয় । লখিমী বৰুৱাই জন্ম হোৱাৰ পৰা ডাঙৰ হোৱালৈকে যিদৰে জীৱন সংগ্ৰামত যুঁজ দিছিল, সেই সঁচা ঘটনাসমূহৰ আলম লৈ এই তথ্যচিত্ৰখন নিৰ্মাণ কৰি উলিওৱা হৈছে ।"
তেওঁ লগতে কয়, "ইমানখিনি সংগ্ৰামৰ পিছত মহিলাসকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যৰে এটা বেংক প্ৰতিষ্ঠা কৰিলে আৰু সেই সময়তো তেওঁ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল । বাইদেৱে গুজৰাটত থকা এটা মহিলা বেংকক আদৰ্শ হিচাপে লৈ যোৰহাটৰ গড়আলিৰ মাজমজিয়াত কনকলতা কোঃঅপাৰটিভ বেংকটো প্ৰতিষ্ঠা কৰিলে । এই বেংকটো উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো মহিলা বেংক।"

উল্লেখ্য যে যোৰহাটস্থিত কনকলতা মহিলা আৰবান কোঃঅপাৰেটিভ বেংক লিমিটেডৰ প্ৰতিষ্ঠাপক, পদ্মশ্রী লখিমী বৰুৱাৰ জীৱন আৰু সংঘাতক লৈ সাংবাদিক জিতু কলিতাই ইতিমধ্যে 'অঘৰী জীৱনৰ সোণোৱালী সপোন' গ্ৰন্থৰ আধাৰত নিৰ্মাণ কৰি উলিওৱা তথ্যচিত্রখন শুকুৰবাৰে আই কনকলতা মহিলা তীর্থ আৰু গ্ল'বেল মিডিয়াৰ সহযোগত গড়আলিৰ কনকলতা বেংকৰ মুখ্য কাৰ্যালয়ত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত উন্মোচন হয় ।
২০১৬ চনত আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসত ভাৰত চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰণালয়ৰ তৰফৰ পৰা কনকলতা মহিলা আৰবান কোঃঅপাৰেটিভ বেংকলৈ নাৰী সবলীকৰণৰ দিশত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰাৰ বাবে নাৰী শক্তি বঁটা প্ৰদান কৰা হয় । তেওঁক ভাৰত চৰকাৰে ২০২১ চনত সমাজসেৱা ক্ষেত্ৰত পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে ।

প্ৰণিধানযোগ্য এই বেংকটো পৰিচালনাৰ দায়িত্ব মহিলাৰ হাতত আৰু এই বেংকৰ পৰা কেৱল মহিলাইহে ঋণ ল'ব পাৰে ।

