ETV Bharat / state

লখিমপুৰত ভুৱা এছচি প্ৰমাণ-পত্ৰৰে চাকৰি লাভ কৰা চিকিৎসকৰ প্ৰমাণ-পত্ৰ বাতিল

ভুৱা এছচি প্ৰমাণ-পত্ৰৰে চাকৰি । লখিমপুৰ মেডিকেলৰ চিকিৎসকৰ প্ৰমাণ-পত্ৰ বাতিল । ৰাজ্যিক পৰীক্ষণ সমিতিৰ তদন্তত ফাদিল এই তথ্য ।

Doctor who got a job with a fake SC certificate canceled
ভুৱা এছচি প্ৰমাণ-পত্ৰৰে চাকৰি লাভ কৰা চিকিৎসকৰ প্ৰমাণ-পত্ৰ বাতিল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 17, 2026 at 7:39 PM IST

3 Min Read
Choose ETV Bharat

যোৰহাট: চিকিৎসা বিভাগত পোহৰলৈ আহিছে এক ভয়ংকৰ তথ্য । ভুৱা প্ৰমাণ-পত্ৰৰে চাকৰি লাভ কৰা চিকিৎসকৰ প্ৰমাণ-পত্ৰ বাতিল । ৰাজ্যিক পৰীক্ষণ সমিতিৰ তদন্তত ফাদিল হৈছে এই তথ্য ।

যোৰহাটৰ ৰংদৈ গাঁৱৰ জীৱকান্ত বৰা পুত্ৰ ডাঃ পল্লৱ বৰাই ভুৱা তথ্যৰে অনুসূচিত জাতিৰ প্ৰমাণ-পত্ৰ সংগ্ৰহ কৰি দীৰ্ঘ সময় ধৰি চিকিৎসা বৃত্তিত জড়িত হৈ থকা অভিযোগ উত্থাপন হৈছে ।

ভুৱা এছচি প্ৰমাণ-পত্ৰৰে চাকৰি লাভ কৰা চিকিৎসকৰ প্ৰমাণ-পত্ৰ বাতিল (ETV Bharat Assam)

বৰ্তমান তেওঁ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসকৰূপে সেৱা আগবঢ়াই আছে । তেওঁ অনুসূচিত জাতিৰ লোক নোহোৱাকৈ ভুৱা তথ্যৰে অনুসূচিত জাতিৰ প্ৰমাণ-পত্ৰ উলিয়াইছিল । সেইখন প্ৰমাণ-পত্ৰৰে তেওঁ চাকৰি কৰি থকা এক অভিযোগ উত্থাপন হৈছিল ।

Doctor who got a job with a fake SC certificate canceled
জিলা আয়ুক্তৰ জাননী (ETV Bharat Assam)

ফলত অসম চৰকাৰৰ সমাজ ন্যায় আৰু সবলীকৰণ বিভাগৰ অধীনস্থ ৰাজ্যিক পৰ্যায়ৰ পৰীক্ষণ সমিতিয়ে এক নিৰ্দেশ জাৰি কয়,"ডাঃ পল্লৱ বৰা অনুসূচিত জাতিৰ লোক নহয় আৰু তেওঁ নামত জাৰি হোৱা অনুসূচিত জাতিৰ প্ৰমাণ-পত্ৰ বাতিল কৰিবলৈ পৰামৰ্শ দিয়া হৈছে ।"

Doctor who got a job with a fake SC certificate canceled
জিলা আয়ুক্তৰ জাননী (ETV Bharat Assam)

সেই পৰামৰ্শ অনুসৰি দুই জুলাইত যোৰহাট জিলা আয়ুক্তই পল্লৱ বৰাই ভুৱা তথ্য প্ৰদান কৰি সংগ্ৰহ কৰা অনুসূচিত জাতিৰ প্ৰমাণ-পত্ৰ খন বাতিল কৰে ।

এই সন্দৰ্ভত যোৰহাট জিলাৰ অতিৰিক্ত আয়ুক্ত পংকজ বৰাই কয়,"অসম চৰকাৰ সমাজ ন্যায় আৰু সবলীকৰণ বিভাগৰ অধীনস্থ ৰাজ্যিক পৰ্যায়ৰ পৰীক্ষণ সমিতিয়ে এক গুৰুত্বপূৰ্ণ আদেশ জাৰি কৰি কয় যে যোৰহাট জিলাৰ ৰংদৈ গাৱৰ ডাঃ পল্লৱ বৰা কোনো অনুসূচিত জাতিৰ লোক নহয় । চিকিৎসক ডাঃ পল্লৱ বৰাই মিছা তথ্য পাতি দাখিল কৰি যোৰহাট পৰাই অনুসূচিত জাতিৰ প্ৰমাণ-পত্ৰখন সংগ্ৰহ কৰিছিল ।"

Doctor who got a job with a fake SC certificate canceled
অসম অনুসূচিত জাতি পৰিষদ, যোৰহাট জিলা সমিতিৰ স্পষ্টীকৰণ (ETV Bharat Assam)

তেওঁ পুনৰ কয়,"গতিকে চেয়াৰমেন ষ্টেট লেভেল স্কুটিং কমিটি যি নিৰ্দেশনা আছে, সেই নিৰ্দেশনা মৰ্মে যোৰহাট জিলা প্ৰশাসনে সকলো দিশ পৰীক্ষা-নিৰীক্ষা কৰি যোৰহাট জিলা আয়ুক্তই ২ জুলাইত ডাঃ পল্লৱ বৰাই মিছা তথ্য পাতি দাখিল কৰি লোৱা অনুসূচিত জাতিৰ প্ৰমাণ-পত্ৰখন বাতিল কৰে । ইয়াৰ প্ৰতিলিপি লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰও হস্পিতালৰ কতৃপক্ষৰ লগতে সশ্লিষ্ট বিভাগলৈ প্ৰেৰণ কৰা হৈছে । যাতে তেওঁলোকে পৰৱৰ্তী সময়ত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে ।"

Doctor who got a job with a fake SC certificate canceled
ৰাজ্যিক পৰীক্ষণ সমিতিৰ জাননী (ETV Bharat Assam)
Doctor who got a job with a fake SC certificate canceled
ডাঃ পল্লৱ বৰাৰ বিবৃতি (ETV Bharat Assam)
Doctor who got a job with a fake SC certificate canceled
ডাঃ পল্লৱ বৰাৰ এছচি প্ৰমাণ-পত্ৰখন (ETV Bharat Assam)

পংকজ বৰাই পুনৰ কয়,"এই সময়ছোৱাত জিলা প্ৰশাসনে ডাঃ পল্লৱ বৰা, অনুসূচিত জাতিৰ সংস্থা সৈতে পৃথকে পৃথকে বৈঠকত বহাৰ লগতে সমূহীয়াভাৱেও বহিছিল । ইতিমধ্যে আমালৈ আৰু অভিযোগ আহিছে যে আৰু বহুলোকে অন্য জাতিৰ প্ৰমাণ-পত্ৰ লৈ চাকৰি কৰি আছে আৰু তেওঁলোকৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।"

লগতে পঢ়ক: যন্তৰ-মন্তৰত সোণম ৱাংচুকৰ অনশনৰ ২০ দিন: সমৰ্থনত অসমৰো বহু তাৰকা-শিল্পী

পথাৰতে কৃষি আৰু কৃষকৰ সমস্যাৰ সমাধান দিব বিজ্ঞানীয়ে