ETV Bharat / state

আইচিইউৰ ভিতৰত ৰহস্যজনক অৱস্থাত চিকিৎসকৰ মৃতদেহ উদ্ধাৰ

চিকিৎসালয় চৌহদতে ৰহস্যজনক অৱস্থাত চিকিৎসকৰ মৃতদেহ উদ্ধাৰ, ঘটনাত ৰহস্যৰ গোন্ধ ।

Doctor found dead in ICU of private hospital in Guwahati
আইচিইউৰ ভিতৰত ৰহস্যজনক অৱস্থাত চিকিৎসকৰ মৃতদেহ উদ্ধাৰ (ETV Bharat Assam)
author img

By PTI

Published : September 2, 2026 at 10:15 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: গুৱাহাটী মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । চিকিৎসালয়ৰ ভিতৰতে এগৰাকী কৰ্মৰত চিকিৎসকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনই ৰহস্যৰ সৃষ্টি কৰিছে । নৈশ ডিউটিত কৰ্মৰত চিকিৎসকজনৰ মৃতদেহ পুৱাৰ ভাগত চিকিৎসালয়খনৰ আইচিইউত উদ্ধাৰ কৰা হয় ।

গুৱাহাটী মহানগৰীৰ ভঙাগড়স্থিত নেমকেয়াৰ হাস্পতালত এই ঘটনা সংঘটিত হৈছে । হাস্পতালখনৰ আইচিইউৰ জিৰণি কোঠাত বুধবাৰে পুৱা এগৰাকী চিকিৎসকৰ ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । মৃত চিকিৎসকগৰাকীক ডাঃ প্ৰয়াস সিনহা বুলি চিনাক্ত কৰা হৈছে ।

আইচিইউৰ ভিতৰত ৰহস্যজনক অৱস্থাত চিকিৎসকৰ মৃতদেহ উদ্ধাৰ (ETV Bharat Assam)

বিগত প্ৰায় ৬ বছৰ ধৰি হাস্পতালখনৰ জৰুৰীকালীন সেৱাৰ চিকিৎসা বিভাগৰ সৈতে জড়িত থকাৰ লগতে আইচিইউতো তেওঁ কৰ্মৰত আছিল । মঙলবাৰে নিশাৰভাগত কৰ্ম সম্পন্ন কৰিবলৈ আহিছিল চিকিৎসকগৰাকী । কিন্তু আচৰিতভাৱে পুৱাৰ ভাগত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয় ।

এই সন্দৰ্ভত নেমকেয়াৰ হাস্পতালৰ মুখ্য পৰিচালন সঞ্চালক ডাঃ হিতেশ বৰুৱাই সংবাদ মাধ্যমৰ আগত কয়,"মঙলবাৰে পুৱতি নিশা ৪.৩০ বজাত আইচিইউত কৰ্মৰত ডাঃ সিনহাই পেটৰ বিষ আৰু বমি ভাৱ হৈ থকা বুলি নাৰ্চক অৱগত কৰিছিল । ইয়াৰ উপশমৰ বাবে তেওঁ প্ৰতিৰোধক ঔষধ তথা ইনজেকচন লৈছিল । চিকিৎসকৰ জিৰণি কোঠাত জিৰণি লৈছিল । বুধবাৰে পুৱা হাস্পতালখনৰ নতুন ভৱনৰ দ্বিতীয় মহলাত থকা আইচিইউৰ চিকিৎসক জিৰণি কোঠাত তেওঁৰ মৃতদেহ উদ্ধাৰ হয় ।"

তেওঁ লগতে কয়,"মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই । চিকিৎসকগৰাকীক মৃত অৱস্থাত উদ্ধাৰ কৰাৰ লগে লগেই আমি আৰক্ষীক খবৰ দিও । ইতিমধ্যে আৰক্ষী আৰু চিআইডিৰ বিষয়াসকলে হাস্পতালখন পৰিদৰ্শন কৰি প্ৰাথমিক তদন্ত সম্পূৰ্ণ কৰিছে । মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ।"

চিকিৎসকজনে আত্মহত্যা কৰিছে নে আন কিবা কাৰণত মৃত্যু হৈছে সেয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতহে পোহৰলৈ আহিব বুলি তেওঁ সদৰী কৰে ।

লগতে পঢ়ক: ১২৬টা বিধানসভা সমষ্টিৰ বাবে ১২৬ গৰাকী অৰুণোদয় সাৰথি নিযুক্তি

গুৱাহাটীত প্ৰট'ন থেৰাপী কেন্দ্ৰ: কৰ্কট চিকিৎসাৰ ক্ষেত্ৰত নতুন সংযোজন