ETV Bharat / state

নতুন প্ৰতিশ্ৰুতিৰে পুনৰ সক্ৰিয় উগ্ৰপন্থী সংগঠন ডিএনএলটি

ডিমা হাচাও আৰু কাৰ্বি-আংলং জিলাত পুনৰ সংগঠিত হৈছে ডিমাছা নেচনেল লিবাৰেশ্যন টাইগাৰ নামৰ উগ্ৰপন্থী সংগঠন । প্ৰকাশ কৰিলে ভিডিঅ' ।

DNLT, the extremist organization, reactivates with a new promise
নতুন প্ৰতিশ্ৰুতিৰে পুনৰ সক্ৰিয় উগ্ৰপন্থী সংগঠন ডিএনএলটি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 22, 2026 at 3:32 PM IST

3 Min Read
Choose ETV Bharat

হাফলং : পুনৰ অশান্ত হ'ব নেকি অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাও ? নিৰ্বাচনৰ মুখত আৰু একেবাৰ অশান্ত হৈ পৰিব নিকি এই পাহাৰীয়া জিলাখন । আকৌ এবাৰ সক্ৰিয় হৈ উঠিছে ডিমাছা নেচনেল লিবাৰেশ্যন টাইগাৰ চুমুকৈ ডিএনএলটি । পুনৰ পূব কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত এই উগ্ৰপন্থী সংগঠন সক্ৰিয় হৈ উঠিছে ।

২০২২ চনত কাৰ্বি-আংলং আৰু ডিমা হাছাও জিলাত ডিমাছা নেচনেল লিবাৰেশ্যন চুমুকৈ ডিএনএলটি নামৰ উগ্ৰপন্থী সংগঠন আত্মপ্ৰকাশ কৰিছিল । এতিয়া পুনৰ গোট খাই একত্ৰিত হোৱাৰ কথা দাবী কৰে নিজকে সংগঠনটোৰ স্বয়ম্ভূ তথ্য আৰু প্ৰচাৰ সম্পাদক বুলি পৰিচয় দিয়া খুৰাং ডিমাছাই ।

নতুন প্ৰতিশ্ৰুতিৰে পুনৰ সক্ৰিয় উগ্ৰপন্থী সংগঠন ডিএনএলটি (ETV Bharat Assam)

তেওঁ কয়, "ডিএনএলটি উগ্ৰপন্থী সংগঠন নতুন প্ৰতিশ্ৰুতিৰে পুনৰ সংগঠিত হৈছে । এই পদক্ষেপৰ লক্ষ্য হৈছে সদস্যসকলৰ মাজত ঐক্য শক্তিশালী কৰা আৰু ডিমাছা সম্প্ৰদায়ৰ অধিকাৰ, পৰিচয় আৰু ভৱিষ্যত সুৰক্ষাৰ সৈতে জড়িত লক্ষ্যসমূহ সাধন কৰা । উগ্ৰপন্থী সংগঠটোৰ স্বয়ম্ভূ তথ্য আৰু প্ৰচাৰ সচিব খুৰাং ডিমাছাই সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত ২৪৪(ক) অনুচ্ছেদ অনুসৰি পূব কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা সামৰি লৈ ৰাজ্যৰ ভিতৰত পৃথক স্বায়ত্তশাসিত ৰাজ্য ঘটনৰ দাবীত তেওঁলোকে অস্ত্ৰ হাতত তুলি লৈছে ।"

তেওঁ কয়, "সংবিধান সংশোধনী আইন ১৯৬৯ অনুসৰি সংবিধানত স্পষ্ট উল্লেখ আছে ষষ্ঠ অনুসূচীৰ অধীনত থকা এই তিনিখন জিলালৈ ৰাজ্যৰ ভিতৰত পৃথক স্বায়ত্তশাসিত ৰাজ্য গঠন কৰিব পাৰে । বিধানসভা নিৰ্বাচনৰ পূৰ্বে পৃথক ৰাজ্য গঠনৰ সফল ৰূপায়ণ কৰা হ'ব কিন্তু বিধানসভা নিৰ্বাচন সমাগত কিন্তু এতিয়ালৈকে পৃথক ৰাজ্য গঠন সফল ৰূপায়ণ কৰা নাই চৰকাৰে । এতিয়া এই পৃথক ৰাজ্য গঠনৰ দাবীত তিনিখন জিলাৰ ৰাইজ এক গোট হৈ ভাৰত চৰকাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ আহ্বান জনায় ।"

পৃথক ৰাজ্য গঠন নোহোৱালৈকে তেওঁলোকৰ এই সংগ্ৰাম অব্যাহত থাকিব বুলি দাবী, কৰি ডিমা হাছাও জিলাক দুভাগ কৰি দুখন পৃথক জিলা গঠনৰ দাবী কৰি অহা ইণ্ডিজিনাচ পিপলচ ফৰামক পৃথক জিলা গঠনৰ দাবীৰ আন্দোলন এৰি তেওঁলোকে যাতে পৃথক স্বায়ত্তশাসিত ৰাজ্য গঠনৰ দাবীক সমৰ্থন কৰাৰ আহ্বান জনায় খুৰাং ডিমাছাই । খুৰাং ডিমাছাই দাবী কৰে ডিএনএলটি উগ্ৰপন্থী সংগঠন পুনৰ গোট খাই কাৰ্বি-আংলং আৰু ডিমা হাছাও জিলাৰ বনাঞ্চলত সক্ৰিয় হৈ পৰিছে । অৱশ্যে অসম আৰক্ষীৰ নিৰাপত্তা সংস্থাৰ পৰা এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনো বিবৃতি প্ৰকাশ কৰা নাই ।

উল্লেখযোগ্য যোৱা ১৬ ফেব্ৰুৱাৰী ডিমা হাছাও জিলাৰ লাংটিং আৰক্ষী থানাৰ অন্তৰ্গত দিহাখো অঞ্চলত আৰক্ষীৰ এখন টহলদাৰী দলৰ লগতে অচিনাক্ত দুৰ্বৃত্তৰ দলৰ গুলিয়াগুলি সংগঠিত হৈছিল আৰু ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এটা একে ৫৬ ৰাইফেল মেগজিন সজীৱ গুলি কাপোৰ টৰ্চলাইট আৰু এটা বেগ উদ্ধাৰ কৰিছিল । ইয়াৰ দুদিন পিচতে আৰক্ষীয়ে অভিযান চলাই এই ঘটনাৰ লগত জড়িত থকা ডিমা হাছাও জিলাৰ হাজাডিছাৰ পৰা মাৰদীপ নুনিচা নামৰ এগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰিছিল ।

লগতে পঢ়ক: প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই পৰিধান কৰিলে গেৰুৱা বসন: বাজেপেয়ী ভৱনত উষ্ম আদৰণি

দশম অসম আৰক্ষী বাহিনীৰ অত্যাধুনিক মুখ্য কাৰ্যালয়ৰ শিলান্যাস গৃহমন্ত্ৰী অমিত শ্বাহৰ