কোনো আপোচ নাই, অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰক আৰু সীমান্ত পাৰ কৰি খেদি পঠিয়াওক : প্ৰতিজন জিলা আয়ুক্তলৈ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ
চুবুৰীয়া দেশৰ পৰা অহা অনুপ্ৰৱেশৰ সৈতে মোকাবিলা কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা হৈছে এই পদক্ষেপ ।

By PTI
Published : December 25, 2025 at 7:34 PM IST
গুৱাহাটী: প্ৰতিখন জিলাকে সন্দেহযুক্ত অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি ততাতৈয়াকৈ নিজৰ জন্মভূমিলৈ ঘূৰাই পঠিয়াবলৈ নিৰ্দেশ দিয়া হৈছে । বৃহস্পতিবাৰে এই কঠোৰ স্থিতিৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিগৰাকী জিলা আয়ুক্তই অনুপ্ৰৱেশকাৰী আইন, ১৯৫০(অসমৰ পৰা বহিষ্কাৰ) অনুসৰি বহিষ্কাৰৰ নিৰ্দেশ জাৰি কৰিব আৰু তাৰ পিছত আৰক্ষী বা বি এছ এফে সন্দেহযুক্ত বিদেশীসকলক দেশৰ বাহিৰলৈ পঠিয়াবলৈ সীমান্তলৈ লৈ যাব ।
এক্সৰ এটা পোষ্টত মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘‘পোনপটীয়া ব্যৱস্থা, কোনো আপোচ নাই । অনুপ্ৰৱেশকাৰী(বহিস্কাৰ) আইন (sic)ৰ বিধান অনুসৰি আমি সন্দেহযুক্ত ব্যক্তিক চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে বহিষ্কাৰৰ আদেশ জাৰি কৰিছো ।’’
Direct Action | No Compromise
— Himanta Biswa Sarma (@himantabiswa) December 25, 2025
As per provisions of the Illegal Immigrants (Expulsion) Act, we are identifying and issuing expulsion orders against suspected individuals. pic.twitter.com/7inVDGwEye
অনুপ্ৰৱেশকাৰীসকলক খেদি পঠিয়াবলৈ ৰাজ্যৰ মন্ত্ৰীসভাই বিগত ছেপ্টেম্বৰ মাহত জিলা আয়ুক্ত আৰু শীৰ্ষ আৰক্ষী বিষয়াসকলক সঠিক দিশত কাম কৰিবৰ বাবে অনুপ্ৰৱেশকাৰী(অসমৰ পৰা বহিষ্কাৰ) আইন, ১৯৫০ ৰ অধীনত নীতি-নিৰ্দেশনা(SOP) প্ৰস্তুত কৰাত অনুমোদন জনায় । চুবুৰীয়া দেশৰ পৰা অহা অনুপ্ৰৱেশৰ সৈতে মোকাবিলা কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা হৈছে এই পদক্ষেপ ।
বুধবাৰে নিশা সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বিতাড়িত কৰাৰ বাবে চৰকাৰে ইতিমধ্যে এই আইনখন কাৰ্যকৰী কৰিছে ।
তেওঁ লগতে কয়, ‘‘এতিয়া আমাৰ আয়ুক্তসকলক নিৰ্দেশ দিয়া হৈছে যে তেওঁলোকে সন্দেহজনক বুলি বিবেচনা কৰা বা ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰা যিকোনো ব্যক্তিৰ বিৰুদ্ধে তৎকালীনভাৱে বহিষ্কাৰৰ আদেশ জাৰি কৰক । ইয়াৰ পিছত আৰক্ষী বা বি এছ এফে তেওঁলোকক বাংলাদেশলৈ ঘূৰাই পঠোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব ।’’
এছ অ’ পি অনুসৰি, যদি কোনো জিলা আয়ুক্তই আৰক্ষী বা আন কোনো সূত্ৰৰ পৰা কোনো ব্যক্তিক অনুপ্ৰৱেশকাৰী বুলি সন্দেহ কৰাৰ তথ্য লাভ কৰে, তেন্তে সেই ব্যক্তিজনক ১০ দিনৰ ভিতৰত তেওঁৰ নাগৰিকত্বৰ প্ৰমাণ দাখিল কৰিবলৈ বিষয়াজনে নিৰ্দেশ দিব ।
আনহাতে, যদি জিলা আয়ুক্তই অনুভৱ কৰে যে সন্দেহযুক্ত অনুপ্ৰৱেশকাৰীজনে দাখিল কৰা প্ৰমাণ তেওঁৰ ভাৰতীয় নাগৰিক বুলি প্ৰমাণ কৰিবলৈ পৰ্যাপ্ত বা সন্তোষজনক নহয়, তেন্তে বিষয়াজনে ব্যক্তিজনক অনুপ্ৰৱেশকাৰী বুলি চিনাক্ত কৰি নিজৰ মতামত লিপিবদ্ধ কৰিব লাগিব ৷ লগতে তথ্য আৰু তথ্যৰ চমু বিবৃতিও কাৰণৰ সৈতে লিপিবদ্ধ কৰিব লাগিব ।
সেই অনুসৰি জিলা আয়ুক্তগৰাকীয়ে আইনখনৰ ২(ক) ধাৰাত বহিষ্কাৰৰ নিৰ্দেশ দি অনুপ্ৰৱেশকাৰীজনক ২৪ ঘণ্টা সময় আৰু নিৰ্ধাৰিত পথেৰে অসমৰ পৰা বহিস্কাৰ কৰিবলৈ নিৰ্দেশ দিব ।
বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰা ব্যক্তিৰ ক্ষেত্ৰত জিলা আয়ুক্তই বহিষ্কাৰৰ আদেশ প্ৰদান কৰিব কাৰণ তেওঁলোকৰ ক্ষেত্ৰত কোনো চিনাক্তকৰণ প্ৰক্ৰিয়াৰ প্ৰয়োজন নাই ৷ কাৰণ তেওঁলোকে ইতিমধ্যে উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ৰ কাষ চাপিলে উপলব্ধ প্ৰতিকাৰৰ সুবিধা ল’লেহেঁতেন ।
এবাৰ এজন ব্যক্তিক অনুপ্ৰৱেশকাৰী বুলি চিনাক্ত কৰি দেশ এৰিবলৈ নিৰ্দেশ দিয়াৰ পিছত বিদেশী চিনাক্তকৰণ প’ৰ্টেলত বায়’মেট্ৰিক আৰু জনগাঁথনিগত তথ্য সংযোগৰ বাবে সংশ্লিষ্ট শীৰ্ষ আৰক্ষী অধীক্ষকৰ ওচৰলৈ প্ৰেৰণ কৰিব জিলা আয়ুক্তই ।
যদি অনুপ্ৰৱেশকাৰীয়ে বহিষ্কাৰৰ নিৰ্দেশ দিয়াৰ পিছতো তাক মানিবলৈ অমান্তি হয়, তেন্তে আইনখনৰ ৪ নং ধাৰা অনুসৰি জিলা আয়ুক্তই তেনে অনুপ্ৰৱেশকাৰীক হয় ‘হল্ডিং চেণ্টাৰ’ ত ৰাখিব, নহয় বহিষ্কাৰৰ বাবে সমীপৱৰ্তী বি এছ এফৰ হাতত গতাই দিব ।
এই আইন অনুসৰি যদি শূন্য সীমাৰেখাৰ ওচৰত বা ৰাজ্যত প্ৰৱেশ কৰাৰ ১২ ঘণ্টাৰ ভিতৰত অনুপ্ৰৱেশকাৰী পোৱা যায়, তেন্তে তেওঁলোকক পৰৱৰ্তী কোনো প্ৰক্ৰিয়া নোহোৱাকৈ তৎক্ষণাত বিতাড়িত কৰা হ’ব ।
লগতে পঢ়ক: অসমৰ ভূমিৰ পৰাই অনুপ্ৰৱেশকাৰী আৰু ইয়াৰ ৰক্ষকক প্ৰধানমন্ত্রীৰ কঠোৰভাৱে সকীয়নি

