জাননীৰ সময় উকলাৰ পিছতো ৰহস্য়জনকভাৱে প্ৰশাসনে চলোৱা নাই উচ্ছেদ
১৮ জুনত কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ নেতৃত্বত এটা দলে পথত জৰীপ চলাই উচ্ছেদৰ বাবে ৰঙা চিনেৰে চিহ্নিত কৰিছিল ।

Published : July 6, 2026 at 4:03 PM IST
জনীয়া: কলগাছিয়াত একাংশ ব্য়ৱসায়ীয়ে পথৰ ওপৰতেই ব্য়ৱসায়িক প্ৰতিষ্ঠান সাজিছে । এইদৰে বেদখল কৰি দোকান গৃহ নিৰ্মাণ কৰাত যাতায়ত ৰাইজে সমস্য়াৰ সন্মুখীন হোৱাত এইবোৰ উচ্ছেদ কৰিব লাগে বুলি দাবী উত্থাপিত হৈ আহিছে ।
ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই প্ৰশাসনে উচ্ছেদ কৰিবলৈ দিয়া জাননীৰ সময় উকলি যোৱাৰ পিছতো খালী কৰা নাই পদপথ । উচ্ছেদৰ বাবে ৰাইজে কৰা দাবীৰ প্ৰতি সঁহাৰি জনাই যোৱা ১৮ জুনত কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰাঞ্জল শৰ্মা বৰুৱাৰ নেতৃত্বত এটা দলে পথটোত জৰীপ চলাই উচ্ছেদৰ বাবে ৰঙা চিনেৰে চিহ্নিত কৰে ।
২৪ জুনত দোকানসমূহ খালি কৰিবলৈ স্থানীয় গাঁও প্ৰধানৰ দ্বাৰা মাইকযোগে ঘোষণা কৰা হয় ৷ কিন্তু ৰহস্যজনকভাবে তাৰ পিছতো দোকানসমূহ খালি কৰি দিয়া হোৱা নাই । যোৱা ২৬ জুনত উচ্ছেদ চলোৱা হব বুলি খবৰ পোৱা গৈছিল যদিও কিন্তু সেইদিনা ইছলাম ধৰ্মীয় লোকসকলৰ মহৰম উৎসৱৰ দিন হোৱা বাবে উচ্ছেদ চলোৱা হোৱা নাই । এই সন্দৰ্ভত কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াগৰাকীৰ পৰা প্ৰতিক্ৰিয়া জানিব বিচৰাত বিষয়াগৰাকীয়ে মন্তব্য দিয়াৰ পৰা বিৰত থাকে ।
নিৰ্ধাৰিত সময় উকলি যোৱাৰ পিছতো একাংশই নিজৰ দোকানসমূহ আঁতৰ নকৰাত স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে । একাংশ ব্য়ৱসায়ীয়ে কেইদিনমান সময় বিচাৰি কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ ওচৰত মৌখিকভাবে অনুৰোধ জনোৱাত উচ্ছেদ স্থগিত আছে বুলি একাংশ দোকানীয়ে মন্তব্য় কৰিছে যদিও ৰাইজে বিষয়টো সহজভাৱে লোৱা নাই ।
এই সন্দৰ্ভত এজন স্থানীয় ব্য়ক্তিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,"উচ্ছেদৰ বাবে জাননী দিয়াৰ পিছতো কিয় দোকানবোৰ ভাঙি দিয়া নাই । ইতিমধ্য়ে উচ্ছেদ চলাব বুলি বাতৰিও প্ৰকাশ পাইছে । এই সন্দৰ্ভত আৰক্ষী প্ৰশাসনে ব্য়ৱস্থা গ্ৰহণ কৰিব লাগে । পথটো ঠেক হোৱা বাবে এইবোৰত উচ্ছেদ চলাব লাগে ।"

ইয়াৰ বিপৰীতে ব্য়ৱসায়ীসকলে বিপৰীত মন্তব্য় কৰিছে । এজন ব্য়ৱসায়ীয়ে কয়, "ছাৰে কোৱা মতে আমাৰ দোকানৰ বাৰাণ্ডা ভাঙি দিছো ।" অৱেশ্য়ে সাংবাদিকে তেওঁক কোনে এই কথা কৈছে সেইবিষয়ে প্ৰশ্ন কৰাত তেওঁ বিষয়াগৰাকীৰ নাম প্ৰকাশ কৰিব নোৱাৰিলে ।
লগতে পঢ়ক:উচ্ছেদৰ জাননীৰ সময় উকলি যোৱাৰ পিছতো ব্য়ৱসায়ীয়ে খালী কৰা নাই পদপথ
ধান-মাকৈৰ বজাৰত মধ্য়ভোগীৰ দৌৰাত্ম্য়; উচিত মূল্য নাপাই কৃষকৰ হাহাকাৰ

