ETV Bharat / state

হিতাধিকাৰীলৈ আহিল পচা চাউল, উত্তপ্ত পৰিস্থিতি

খোৱাৰ অনুপযোগী পোকে খোৱা পচা চাউল নলয় গ্ৰাহকে ।

Distribution of rotten rice to beneficiaries at air price shop in Kalgachia
হিতাধিকাৰীলৈ আহিল পচা চাউল, উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 2, 2026 at 3:07 PM IST

2 Min Read
Choose ETV Bharat

জনীয়া: বৰপেটা জিলাৰ কলগাছিয়াত অৱস্থিত দক্ষিণ ৰূপসী সমবায় সমিতিৰ অন্তৰ্গত দৰিদ্ৰ সীমাৰেখাৰ তলৰ হাজাৰ হাজাৰ হিতাধিকাৰীক প্ৰদান কৰা হৈছে খোৱাৰ অনুপযোগী পোক লগা পচা চাউল । ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত অন্ত্যোদয়া হিতাধিকাৰী আৰু ৰেচন কাৰ্ড থকা দৰিদ্ৰ পৰিয়ালক চৰকাৰে বিনামূলীয়াকৈ চাউল যোগান ধৰি আহিছে ।

ভাৰত চৰকাৰে ২০১৩ চনৰ ১০ ছেপ্টেম্বৰত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনখন বলবৎ কৰে । সেই অনুসৰি আঁচনিখন সমাজৰ দুখীয়া শ্ৰেণীৰ সুবিধাৰ বাবে অসমতো বলবৎ কৰা হয় । এই আঁচনিৰ অধীনত ৰাজ্যখনত প্ৰায় ৫৫ লাখ পৰিয়ালক সামৰি লোৱা হয় । অসমত এই আঁচনিখন ২০১৫ বৰ্ষৰ ২৪ জানুৱাৰী তাৰিখত শুভাৰম্ভ কৰা হয় ।

হিতাধিকাৰীলৈ আহিল পচা চাউল, উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি (ETV Bharat Assam)

আঁচনিখনৰ ৰূপায়ণৰ বাবে, 'অগ্ৰাধিকাৰ প্ৰাপ্ত' আৰু 'অন্ত্যোদয়া অন্ন যোজনা' নামেৰে দুই প্ৰকাৰৰ পৰিয়াল পৰিচয় পত্ৰ বিতৰণ কৰিছে । প্ৰতিমাহে 'অগ্ৰাধিকাৰপ্ৰাপ্ত' পৰিয়াল পৰিচয় পত্ৰ থকা পৰিয়ালসমূহক পৰিয়ালৰ সদস্য প্ৰতি ৫ কেজিকৈ আৰু 'অন্ত্যোদয়া অন্ন যোজনা' পৰিয়াল পৰিচয় পত্ৰ থকা পৰিয়ালসমূহক ৩৫ কেজিকৈ চাউল যোগান ধৰা হয় ।

কিন্তু বৰপেটা জিলাৰ কলগাছিয়াস্থিত দক্ষিণ ৰূপসী সমবায় সমিতিৰ পৰা যোৱা ৩০ জুন তাৰিখে প্ৰদান কৰা হৈছে পচা চাউল । যাক লৈ সুলভ মূল্যৰ দোকানত বৃহস্পতিবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । সেয়ে পূব গুনিয়ালগুৰি গাঁৱৰ ৰাশিদা খাতুন নামৰ এগৰাকী সুলভ মূল্যৰ দোকানীয়ে পোকে খোৱা পচা চাউল দৰিদ্ৰ হিতাধিকাৰীসকলৰ মাজত বিতৰণ কৰি থকা অৱস্থাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ।

খোৱাৰ অনুপযোগী পোকে খোৱা পচা চাউল নলয় গ্ৰাহকে । এনে চাউল ঘূৰাই নি পুনৰ ভাল চাউল যোগান ধৰাৰ বাবে সমবায় সমিতি, খাদ্য আৰু অসামৰিক যোগান বিভাগক দাবী জনায় । উল্লেখযোগ্য যে, চৰকাৰে দৰিদ্ৰ পৰিয়ালৰ মাজত চেনী, নিমখ আৰু মিঠাতেল যোগদান ধৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যদিও ইয়াৰ পৰিৱৰ্তে ৰাইজক যোগান ধৰা হৈছে খোৱাৰ অনুপযোগী পোকে খোৱা পচা চাউল ।

ফলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । সেয়ে এনে পচা চাউল যোগান ধৰা সংস্থাৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই তদন্ত কৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ভুক্তভোগী ৰাইজে ।

লগতে পঢ়ক: ৯ কোটি টকাৰ পৰিকল্পনাৰে সুন্দৰ কৰা হ'ব তিনিচুকীয়া চহৰ

সাপ-বেঙৰ বাসস্থানলৈ পৰ্যবসিত এখন চৰকাৰী বিদ্যালয়: পাঠদান এৰি ম’বাইলত ব্যস্ত থাকে শিক্ষক !