'দৰং ৰত্ন' সন্মানেৰে বিভূষিত বিশিষ্ট সাহিত্যিক, সমাজ সংগঠক, প্ৰাক্তন শিক্ষা বিষয়া ফুলেন্দ্ৰ নাথ চহৰীয়া
৯৩ বছৰ গৰকা ফুলেন্দ্ৰ নাথ চহৰীয়া হৈছে দৰং জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক, প্ৰাক্তন সভাপতিৰ লগতে দৰঙৰ বহু অনুষ্ঠান-প্ৰতিষ্ঠানৰ গুৰি ধৰোঁতা ।

Published : June 1, 2026 at 7:33 PM IST
মঙলদৈ: অসম সাহিত্য সভাৰ এক অন্যতম জিলা সাহিত্য সভা হৈছে দৰং জিলা সাহিত্য সভা । কেলৱ সেয়াই নহয়, অসম সাহিত্য সভাই স্বীকৃতি প্ৰদান কৰা প্ৰথমখন জিলা সাহিত্য সভাও হৈছে দৰং জিলা সাহিত্য সভা । এই দৰং জিলা সাহিত্য সভাই নিয়মীয়াভাৱে প্ৰদান কৰি আহিছে জিলাখনৰ সৰ্বোচ্চ সন্মান 'দৰং ৰত্ন' ।
এইবাৰ দৰং জিলা সাহিত্য সভাৰ এই সৰ্বোচ্চ সন্মান প্ৰদান কৰা হয় দৰং জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক, প্ৰাক্তন সভাপতি, সদৌ মঙলদৈ ৰঙালী বিহু উৎসৱৰ প্ৰতিষ্ঠাপক, বিশিষ্ট সাহিত্যিক, সমাজ সংগঠক, দৰঙৰ বহু অনুষ্ঠান-প্ৰতিষ্ঠানৰ গুৰি ধৰোঁতা, প্ৰাক্তন শিক্ষা বিষয়া ফুলেন্দ্ৰ নাথ চহৰীয়াক ।
উল্লেখ্য যে দৰং জিলা সাহিত্য সভাই প্ৰতি দুবছৰৰ অন্তৰে অন্তৰে সমাজৰ বিভিন্ন দিশত বিশেষভাৱে সাহিত্য, সংস্কৃতি, শিক্ষাৰ ক্ষেত্ৰত অৰিহণা আগবঢ়োৱা এগৰাকী জ্যেষ্ঠ ব্যক্তিক এই দৰং ৰত্ন সন্মান প্ৰদান কৰি আহিছে ।

দৰং ৰত্ন সন্মান গ্ৰহণ কৰি ৯৩ বছৰ গৰকা বিশিষ্ট সাহিত্যিক-শিক্ষাবিদ ফুলেন্দ নাথ চহৰীয়াই মনৰ ভাব প্ৰকাশ কৰি কয়, "অসমত দৰং জিলা সাহিত্য সভা প্ৰথম সাহিত্য সভা, জিলা সাহিত্য সভা হিচাপে দৰং জিলা সাহিত্য সভা প্ৰথম জিলা সাহিত্য সভা । ১৯৭১ চনত দৰং জিলা সাহিত্য সভা গঠন কৰিছোঁ, তেতিয়া ইয়াক দৰং জিলা সাহিত্য পৰিষদ বুলি কোৱা হৈছিল । তেতিয়া জিলা সাহিত্য সভা নাছিল, জিলা সাহিত্য সভাৰ প্ৰস্তাৱ অসম সাহিত্য সভাই লৈছিল ৮০ৰ দশকত হাইলাকান্দি অধিবেশনত ।"

তেওঁ কয়, "হাইলাকান্দি অধিবেশনত প্ৰস্তাৱ লোৱা হৈছিল যে জিলাই জিলাই একোখন মুৰব্বী সাহিত্য সভা হওক । সেই হিচাপে আমাৰ দৰং জিলায়ো জিলা সাহিত্য সভা পালে । অসম সাহিত্য সভাৰ সভাপতি অতুল বৰুৱাই শুৱালকুছি অধিবেশনত ক'লে যে দৰং জিলাত এখন সাহিত্য সভা আছে, সেইখনৰ নাম সাহিত্য পৰিষদ হৈ আছে, গতিকে আমি সেইখনকে পৰিৱৰ্তন কৰি দৰং জিলা সাহিত্য সভা কৰোঁ । এই প্ৰস্তাৱত সকলোৱে হাত চাপৰি বজাই সমৰ্থন জনাই গ্ৰহণ কৰিলে আৰু সেই দিনৰ পৰা দৰং জিলা সাহিত্য সভাৰ জন্ম হ'ল ।"
নিজৰ সাহিত্য কৰ্ম সন্দৰ্ভত তেওঁ কয়, "সেই হিচাপে দৰং জিলা সাহিত্য সভা, জিলা সাহিত্য সভা হিচাপে প্ৰথম সাহিত্য সভা । দৰং জিলা সাহিত্য সভাৰ মই প্ৰতিষ্ঠাপক । লগতে ২০০৭-২০০৯ এই দুই বছৰৰ মই সভাপতিও আছিলোঁ ।" আনহাতে, মঙলদৈত অসম সাহিত্য সভাৰ এখন পূৰ্ণাংগ অধিবেশন লাগে বুলিও দাবী কৰে দৰং ৰত্নগৰাকীয়ে ।

উল্লেখ্য যে মঙলদৈৰ আগশাৰীৰ শাখা সাহিত্য সভা মঙলানগৰ শাখা সাহিত্য সভাৰ আতিথ্যত মঙলদৈৰ কোঁৱৰপাৰাত দৰং জিলা সাহিত্য সভাই দেওবাৰে অনুষ্ঠিত কৰে এই দৰং ৰত্ন প্ৰদান অনুষ্ঠান । দৰং ৰত্ন প্ৰদান অনুষ্ঠানত উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামী, প্ৰধান সম্পাদক দেৱজিৎ বৰা, অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি, দৰং ৰত্ন, অধ্যাপক ইদ্ৰিছ আলী, সম্পাদক বসন্ত শইকীয়া, সাংগঠনিক সম্পাদক দুলাল ডেকা, কেন্দ্ৰীয় সমিতিৰ কবি উপ-সমিতিৰ আহ্বায়ক নৱ ৰাজন, ৰাজ্যভাষা মাতৃভাষা প্ৰয়োগ উপ-সমিতিৰ আহ্বায়ক ৰাণা আলম, সাংস্কৃতিক উপ-সমিতিৰ কাৰ্যকৰী সভাপতি ডাঃ মৃন্ময় কুমাৰ নাথ ।
দৰং ৰত্ন প্ৰদান অনুষ্ঠানৰ পূৰ্বে দৰং ৰত্ন প্ৰাপক ফুলেন্দ নাথ চহৰীয়াক তেখেতৰ মঙলদৈ ভেবাৰঘাটৰ বাসভৱনৰ পৰা শতাধিক গাড়ীৰ এক বিশাল সমদলেৰে সভাস্থলীলৈ পুষ্পসজ্জিত বাহনত আদৰি অনা হয় ।
আনহাতে, দৰং জিলা সাহিত্য সভাৰ সভাপতি অক্ষয় কুমাৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মঙলদৈৰ প্ৰাক্তন বিধায়ক বসন্ত দাস, মীন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসৰ লগতে দৰং ওদালগুৰি জিলা সাহিত্য সভাৰ বহুকেইগৰাকী বিষয়ববীয়া, সাহিত্যসেৱী আৰু কেইবাশ বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

