ETV Bharat / state

দিছপুৰ থানাত বিকাশ অসমৰ বিৰুদ্ধে ৰুজু আন এক গোচৰ, ফাঁচীবজাৰৰ ব্যৱসায়ীক ধন দাবীৰ অভিযোগ

বিকাশ অসমক অপহৰণ সম্পৰ্কীয় গোচৰত ৩ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে ।

Bikash Axom arrested
বিকাশ অসম (fb@BikashAxom)
author img

By ETV Bharat Assamese Team

Published : November 2, 2025 at 7:29 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: ১ নৱেম্বৰ, শনিবাৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিম ছবি 'ৰৈ ৰৈ বিনালে' উপভোগ কৰি দিছপুৰ থানাত আত্মসমৰ্পণ কৰিছিল বীৰ লাচিত সেনাৰ বহিষ্কৃত নেতা বিকাশ অসমে । তাৰ পিছতে দিছপুৰ আৰক্ষীয়ে ধনদাবী সম্পৰ্কীয় এক গোচৰত গ্ৰেপ্তাৰ কৰিছিল বীৰ লাচিত নেতাৰ প্ৰাক্তন নেতাজনক ।

গ্ৰেপ্তাৰ হোৱাৰ পিছতে আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে বিকাশ অসমৰ বিৰুদ্ধে উত্থাপিত আন এক অভিযোগৰ কথা । জাতি-মাটিৰ কথা কোৱা, নিজকে অসমীয়াৰ বাবে মনে-প্ৰাণে সকলো ত্যাগ কৰা বুলি দাবী কৰা বিকাশৰ বহু কু-কীৰ্তি লাহে লাহে ফাদিল হৈছে । অভিযোগ অনুসৰি দীপাৱলীৰ সময়ত ফাঁচীবজাৰৰ কেইবাজনো ফটকা ব্যৱসায়ীক লক্ষ্য কৰি লৈছিল বিকাশ অসম তথা সংগঠনটোৱে । দীপাৱলীৰ সময়ত ফটকা ব্যৱসায়ীক ফটকা বিক্ৰীৰ নামত দাবী কৰিছিল কেইবালাখ টকা । উপ আৰক্ষী আয়ুক্ত মৃণাল ডেকাই এই কথা জনাইছে ।

বিকাশ অসমৰ বিৰুদ্ধে ৰুজু আন এক গোচৰ (ETV Bharat)

এই সন্দৰ্ভত উপ আৰক্ষী আয়ুক্ত মৃণাল ডেকাই সংবাদ মাধ্যমক কয়, "বিকাশ অসমে শনিবাৰে আত্মসমৰ্পণ কৰাৰ পিছত ৰাহুল মিশ্ৰক অপহৰণ সম্পৰ্কীয় ৮৭৫/২৫ নম্বৰৰ গোচৰটোত গ্ৰেপ্তাৰ কৰা হৈছিল । তাৰ পিছত ফটকা ব্যৱসায়ী জিতেন্দ্ৰ শালৈ, বিকি ৰয়, মিথুন কোঁৱৰে আন এক এজাহাৰ দাখিল কৰে বিকাশ অসমৰ বিৰুদ্ধে । তেওঁলোকে জনোৱা অনুসৰি দীপাৱলীৰ সময়ত বিকাশ অসমে প্ৰথমে ফটকা বিক্ৰীত বাধা দিছিলে । পিছত ফটকা বিক্ৰীৰ বাধা নিদিওঁ বুলি ৪ৰ পৰা ৫ লাখ টকা দাবী কৰিছিল । সেই অনুসৰি মহানগৰীৰ এখন আগশাৰীৰ হোটেলত ডেৰ লাখ টকা লৈছিল বিকাশ অসমে । এই নতুন এজাহাৰ মতে বিকাশ অসমৰ বিৰুদ্ধে ৰুজু কৰা হৈছে ৮৮৩/২৫ নম্বৰৰ এক নতুন গোচৰ । গোচৰটোত সন্নিৱিষ্ট হৈছে বি এন এছৰ ধাৰা ৩০৮(২)/৩০৮(৫)/৩(৫) ।"

ইফালে ৰাহুল মিশ্ৰক অপহৰণৰ গোচৰটোত ইতিমধ্যে তদন্ত আগবঢ়াই আছে আৰক্ষীয়ে । কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই বিকাশ অসমক আৰক্ষীয়ে ১০ দিনৰ জিম্মাত বিচাৰে । গোচৰটোত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ৩ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে বিকাশ অসমক ।

উল্লেখ্য যে কিছুদিন পূৰ্বে এক ধন দাবীৰ গোচৰত বীৰ লাচিত সেনাৰ কিছু সদস্যক দিছপুৰ থানাই গ্ৰেপ্তাৰ কৰিছিল । আৰক্ষীয়ে জব্দ কৰিছিল বিকাশ অসমৰ স্বাক্ষৰ থকা এক ধনদাবী পত্ৰ । তাৰ পিছতে ৰাজ্যৰ বিভিন্ন স্থানত বিকাশ অসমৰ সন্ধানত নামি পৰিছিল আৰক্ষী । অৱশেষত শনিবাৰে বিকাশ অসমে দিছপুৰ থানাত আত্মসমৰ্পণ কৰে ।

লগতে পঢ়ক :'ৰৈ ৰৈ বিনালে' চাই আত্মসমৰ্পণ বিকাশ অসমৰ