শিক্ষাখণ্ডত কোটি কোটি টকা ব্যয়ৰে কি কৰিছে শিক্ষা বিভাগে ?
হাইস্কুল শিক্ষান্ত পৰীক্ষাত দৰং জিলাৰ চৰকাৰী বিদ্যালয়ৰ শোচনীয় ফলাফল ।

Published : April 24, 2026 at 7:57 PM IST
মঙলদৈ: সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত দৰং জিলা চৰকাৰী বিদ্যালয়সমূহৰ ফলাফলে হতাশ কৰি তুলিছে জিলাবাসীক । জিলাখনত এই বৰ্ষত ১২৭ খন শিক্ষানুষ্ঠানৰ পৰা ১২,৮৯৫ গৰাকী শিক্ষাৰ্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ ৮,৬২৬ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হয় । উত্তীৰ্ণৰ হাৰ ৬৬.২৬ শতাংশ । জিলা ভিত্তিত ১৫ সংখ্যক স্থান লাভ কৰে বিদ্যালয়খনে । জিলাখনত এই উত্তীৰ্ণৰ হাৰ আন বছৰৰ তুলনাত সৰ্বনিম্ন ।
জিলাখনৰ ভিতৰত পুৰন্দৰ শৰ্মা মেম'ৰিয়েল হাইস্কুলৰ ১৭ গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে উত্তীৰ্ণ হৈছে ১ গৰাকী শিক্ষাৰ্থী, শতকৰা হাৰ ৫.৮৮ । নগৰবাহী হাইস্কুলৰ ২৩ গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে উত্তীৰ্ণ হয় ৪ গৰাকী, শতকৰা হাৰ ১৭.৩৯ । দীননাথ চহৰীয়া হাইস্কুলৰ ৬০ গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে উত্তীৰ্ণ হয় ১২ গৰাকী, উত্তীৰ্ণৰ হাৰ ২০ শতাংশ ।
একেদৰে যোগীপাৰা হাইস্কুলৰ ৪৮ গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে উত্তীৰ্ণ হয় ১০ গৰাকী, উত্তীৰ্ণৰ হাৰ ২০.৮৩ শতাংশ । ধুৱাপাৰা হাইস্কুলত ৩৩ গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে উত্তীৰ্ণ হয় ৭ গৰাকী ৷ উত্তীৰ্ণৰ হাৰ ২১.২১ শতাংশ । লেঙা কুৰুৱা আদৰ্শ হাইস্কুলৰ ৩০ গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে উত্তীৰ্ণ হয় ৭ গৰাকী, উত্তীৰ্ণৰ হাৰ ২৩.৩৩ শতাংশ । পি এম শ্ৰী ৰাজাপুখুৰীৰ চমুৱাখাট হাই স্কুলৰ ৩৪ গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে উত্তীৰ্ণ হৈছে ৮ গৰাকী ৷ উত্তীৰ্ণৰ হাৰ ২৩.৫৩ শতাংশ ।
কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ ১৬ গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে উত্তীৰ্ণ হয় ৪ গৰাকী, উত্তীৰ্ণৰ হাৰ ২৫ শতাংশ । একেদৰে বৰুৱাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৮২ গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে উত্তীৰ্ণ হয় ২৩ গৰাকী, উত্তীৰ্ণৰ হাৰ ২৮.০৫ শতাংশ । পি এম শ্ৰী চিৰাজুল হক হাইস্কুলৰ ২৬৯ গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে উত্তীৰ্ণ হয় ৮১ গৰাকী, উত্তীৰ্ণৰ হাৰ ৩০.১১ শতাংশ ।

দৰঙৰ মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় সৰ্বনিম্ন ফলাফলত ক্ষুদ্ধ হৈ আছু, প্ৰাক্তন ছাত্ৰ সমাজ, মঙলদৈৰ সচেতন সমাজে বিদ্যালয় শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাৰ পৰিপ্ৰেক্ষিতত অনুষ্ঠিত কৰিবলগীয়া হৈছে নাগৰিক সভা । বিদ্যালয়খনৰ ১০৫ গৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শিক্ষাৰ্থী বিপৰীতে মাত্ৰ ৪১ জন ছাত্ৰ উত্তীৰ্ণ হৈছে ।
অৰ্থাৎ ৬৪ জন ছাত্ৰ অনুতীৰ্ণ হয় । উত্তীৰ্ণৰ হাৰ ৩৯.০৪ শতাংশ । এজনো ছাত্ৰই ডিষ্টিংচন, ষ্টাৰ মাৰ্ক পোৱা নাই । প্ৰথম বিভাগত মাত্ৰ ১১ জন, দ্বিতীয় বিভাগত ২৭ জন আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে মাত্ৰ ৩ জন । জিলাখনৰ ভিতৰত উত্তীৰ্ণৰ হাৰত সৰ্বনিম্ন ১৬ নং স্থান পাইছে ।
২০ এপ্ৰিলত অনুষ্ঠিত হোৱা এই নাগৰিক সভাই বিদ্যালয়ৰ পাঠদান সময় মতে হ'ব লাগিব, প্ৰতিদিনে ৯ বজাত বিদ্যালয়ৰ গেটত তলা লগাব লাগিব, শিক্ষকসকল সময়মতে বিদ্যালয়ত উপস্থিত হৈ পাঠদান কৰিব লাগিব, তেওঁলোকৰ উপস্থিতি পৰিচালনা সমিতিৰ সভাপতিয়ে নিৰীক্ষণ কৰিব, তিনি মাহৰ অন্তৰালত অভিভাৱক সভা অনুষ্ঠিত হ'ব লাগিব, নতুনকৈ পৰিচালনা সমিতি গঠন কৰিব লাগিব, জিলা আয়ুক্ত, বিদ্যালয়সমূহৰ পৰিদৰ্শক , বিদ্যালয়ৰ শিক্ষা গোটৰ মাজত আৰু আছুৰ উপস্থিতিত পৰ্যালোচনা সভা অনুষ্ঠিত কৰাকে আদি কৰি কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে ।
সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰাজু শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা নাগৰিক সভাত মঙলদৈৰ বহুকেইজন জ্যেষ্ঠ নাগৰিক, শিক্ষাবিদ, সাংবাদিকসহ শতাধিক ব্যক্তি উপস্থিত থাকি বিদ্যালয়খনৰ পূৰ্বৰ গৰিমা ওভতাই আনিবলৈ চেষ্টা কৰে ।
মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাগৰিক সভাৰ পিছত আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক পৰাগ চহৰীয়াই কয়,"ঐতিহ্যমণ্ডিত মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাগৰিক সভা অনুষ্ঠিত কৰিবলগীয়া হৈছে । ইয়াৰ শৈক্ষিক যাত্ৰাৰ অধঃপতন হৈছে । ১০৫ গৰাকী ছাত্ৰই পৰীক্ষা দিয়াৰ পিছত মাত্ৰ ৪১ গৰাকী ছাত্ৰ উত্তীৰ্ণ হৈছে, য'ত ৪২ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আছে । মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি গৌৰৱোজ্জ্বল ইতিহাস আছিল সেই ইতিহাস এওঁলোকে ভৰিৰে মোহাৰি পেলাইছে ।"
তেওঁ পুনৰ কয়,"নাগৰিক সভাত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, শিক্ষকমণ্ডলীয়ে কৈছে যে ইয়াত অনুশাসন বোলা একো বস্তু নাই, যাৰ যেতিয়া আহিব মন আহে আৰু যেতিয়া যাবৰ মন যায । গতিকে তেনেকুৱা এটা পৰিৱেশত মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় কেতিয়াও চলিব নোৱাৰে । আমি মঙলদৈৰ মানুহ হিচাপে, দৰঙীয়া হিচাপে আজিৰ এই নাগৰিক সভা অনুষ্ঠিত কৰিছিলোঁ আৰু সভাত দৰঙৰ বিশিষ্ট ব্যক্তিসকলে আহি পৰামৰ্শ আগবঢ়াইছে । মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থকা শিক্ষক-শিক্ষয়িত্ৰীসকল সময় মতে আহিব লাগিব, পাঠদান কৰিব লাগিব ।"

দৰং জিলাৰ আন এখন চৰকাৰী শিক্ষানুষ্ঠান, পুৰন্দৰ শৰ্মা মেম'ৰিয়েল হাইস্কুলখনে সৰ্বনিম্ন স্থান লাভ কৰে । মঙলদৈ চহৰৰ পৰা দুই কিলোমিটাৰ নিলগৰ বেজপাৰাত অৱস্থিত বিদ্যালয়খন । আজি কেইবাবছৰো বিদ্যালয়খনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত শোচনীয় ফলাফল দেখুৱাই আহিছে । এইবাৰ ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ সোতৰজন ছাত্ৰ-ছাত্ৰী । তাৰ ভিতৰত মাত্ৰ এগৰাকী ছাত্ৰহে উত্তীৰ্ণ হ'বলৈ সক্ষম হয় ।
প্ৰায় বাৰগৰাকীকৈ শিক্ষক-শিক্ষয়িত্ৰী থকা বিদ্যালয়খনৰ শিক্ষকে নাজানে পৰীক্ষাত কেইগৰাকীয়ে অৱতীৰ্ণ হৈছিল আৰু কেইগৰাকী উত্তীৰ্ণ হ'ল । ৰাজ্য চৰকাৰে মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত লাখ লাখ টকা অপচয় কৰিছে যদিও ফলাফল একেবাৰে শূন্য হোৱা পৰিলক্ষিত হৈছে এনেকুৱা বিদ্যালয়সমূহত । এই লৈ সমগ্ৰ অঞ্চলটোতে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে এই বিদ্যালয়খনে ।
এইখন বিদ্যালয়ৰ কেইগৰাকীমান শিক্ষকে বিদ্যালয়ৰ পাঠদান এৰি চৰকাৰী-বেচৰকাৰী বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰি ফুৰাৰ লগতে বিদ্যালয়ৰ পাঠদানৰ সময়ত ব্যক্তিগত কাৰণত মঙলদৈৰ বিভিন্ন কাৰ্যালয়ত ঘূৰি ফুৰাৰো অভিযোগ আছে ।
বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে কয়,"১৭ গৰাকীয়ে আমাৰ পৰীক্ষা দিছিল, ১ জনে ছেকেণ্ড ডিভিজন পাইছে, আন কেইজনে ফেইল কৰিছে । সকলো বিষয়তে ফেইল কৰিছে, কেইজনমানে এটাত ফেইল কৰিছে, কেইজনমানে দুটাত ফেইল কৰিছে, চাৰিজনে কম্পাৰ্টমেণ্টেল পাইছে । প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ মুঠ ১২৫ জন ছাত্ৰ-ছাত্ৰী আছে, শিক্ষক আছে ১২ জন আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দুজন আছে ।" প্ৰথম শিক্ষকগৰাকীয়ে নতুন শিক্ষা নীতিৰ বাবে এনে ৰিজাল্ট হ'ব পাৰে বা আমাৰ শিক্ষকৰো কিবা ভুল থাকিব পাৰে বুলিও মন্তব্য কৰে ।

জিলাখনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এই ফলাফলৰ বাতৰি প্ৰকাশ পোৱাৰ পিছত জিলাৰ সচেতন মহলে আশ্চৰ্য প্ৰকাশ কৰিছে । ইতিমধ্যে জিলা আয়ুক্ত আয়ুশী জৈনৰ নিৰ্দেশ মৰ্মে জিলা স্কুলসমূহৰ পৰিদৰ্শক জয়ন্ত ঠাকুৰীয়াই ৫০ শতাংশতকৈ কম উত্তীৰ্ণ বিদ্যালয়ৰসমূহলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰে । জিলা প্ৰশাসন বা শিক্ষা বিভাগে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিয়েই দায়িত্ব সামৰে নে ভবিষ্যতে আন কিবা ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।

