ETV Bharat / state

গুৱাহাটীৰ ভয়াৱহ কৃত্রিম বান : নলা নিষ্কাশনত হেমাহি কৰা প্ৰতিষ্ঠানলৈ কাৰণ দৰ্শোৱাৰ জাননী

জালুকবাৰীৰ পৰা খানাপাৰালৈ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ক্ৰছ কালভাৰ্টবোৰ পলস আৰু ধ্বংসাৱশেষৰে বন্ধ হৈ থকাৰ ফলত ঘাইপথত ভয়াৱহ কৃত্ৰিম বান হৈছিল ।

ARTIFICIAL FLOOD IN GUWAHATI
মহানগৰীৰ কৃত্ৰিম বানৰ ফাইল ফটো (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 23, 2026 at 8:26 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: গুৱাহাটী মহানগৰীত দেওবাৰৰ ধাৰাসাৰ বৰষুণৰ পাছত হোৱা ভয়াৱহ কৃত্রিম বানৰ পাছতে বিশেষভাৱে সষ্টম হৈ পৰিছে প্ৰশাসন । বিশেষকৈ ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ নিৰ্দেশৰ পাছতে প্ৰতিটো বিভাগ তৎপৰ হৈ পৰিছে ।

দেওবাৰৰ বৰষুণৰ ফলত হোৱা কৃত্রিম বানৰ বাবে বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথৰ নলা নিষ্কাশনত হোৱা হেমাহিৰ বাবে বৃহস্পতিবাৰে জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই এটা প্ৰতিষ্ঠানলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে । জালুকবাৰীৰ পৰা খানাপাৰালৈ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ক্ৰছ কালভাৰ্টবোৰ পলস আৰু ধ্বংসাৱশেষৰে বন্ধ হৈ থকাৰ ফলত ঘাইপথত ভয়াৱহ কৃত্ৰিম বান হৈছিল ।

ARTIFICIAL FLOOD IN GUWAHATI
দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ জাননী (ETV Bharat Assam)

ক্ৰছ কালভাৰ্টসমূহ নিষ্কাশনৰ বাবে নিৰ্দেশ দিয়াৰ পিছতো কোনো গুৰুত্ব নিদিয়াৰ কথা উল্লেখ কৰি জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই M/S Dinesh Chandra Kamakhya Highway Consessions Pvt Ltd কৰ্তৃপক্ষলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে । কৰ্তৃপক্ষই পৰৱৰ্তী তিনিদিনৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ দিব লাগিব । অন্যথা প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে বিহিত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

জাননীখনত কোৱা হয় যে ৰাষ্ট্ৰীয় ঘাইপথৰ খানাপাৰাৰ পৰা জালুকবাৰীলৈকে বিশেষকৈ ইয়াৰ প্ৰভাৱ পেলোৱা অঞ্চলসমূহত ভয়াৱহ কৃত্রিম বান হোৱা জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ হৈছে । এই বানৰ মূল কাৰণ চিনাক্ত কৰিবলৈ কৰা ক্ষেত্ৰ পৰিদৰ্শনত কেতবোৰ বিষয় পোহৰলৈ আহিছে । সেইবোৰ হৈছে যে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ক্ৰছ-কালভাৰ্টসমূহ পলস আৰু ধ্বংসাৱশেষৰে যথেষ্ট বন্ধ হৈ আছে, যাৰ ফলত পানী প্ৰৱাহত ফলপ্ৰসূভাৱে বাধাৰ সৃষ্টি হৈছে । 'মিছন ফ্লাড ফ্ৰী'ৰ বহুবাৰ হোৱা পৰ্যালোচনা বৈঠকত বিশদ নিৰ্দেশনা জাৰি কৰা হৈছিল ৷ বাৰিষা আৰম্ভ হোৱাৰ আগতে সকলো ক্ৰছ-কালভাৰ্ট মুকলি কৰাটো বাধ্যতামূলক কৰাৰ নিৰ্দেশ দিয়া হৈছিল ।

জাননীখনত কোৱা হয় যে সংশ্লিষ্ট প্ৰতিষ্ঠানে সেই নিৰ্দেশ অমান্য কৰিছিল আৰু যাৰ ফলত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ল আৰু জনসাধাৰণৰ অযথা অসুবিধাৰ সৃষ্টি হ'ল । যাৰ প্ৰতি লক্ষ্য ৰাখি জাৰি কৰা জাননী লাভ কৰাৰ ৩ দিনৰ ভিতৰত প্ৰতিষ্ঠানটোৱে জাননীৰ উত্তৰ দিব লাগিব । কৰ্তব্যৰ গাফিলতিৰ বাবে কিয় অনুশাসনমূলক আৰু আইনী ব্যৱস্থা গ্ৰহণ কৰা নহ'ব, তাৰ উত্তৰ প্ৰতিষ্ঠানটোৱে দিব লাগিব । নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সন্তোষজনক ব্যাখ্যা প্ৰদান কৰিব নোৱাৰিলে তাৎক্ষণিকভাৱে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জাননীখনত কোৱা হয় ।

উল্লেখ্য যে, গুৱাহাটী মহানগৰীত দেওবাৰে নিশা হোৱা ভয়াৱহ কৃত্রিম বানত এগৰাকী মহিলাৰ মেনহলত পৰি মৃত্যু হৈছিল । আনহাতে পৰৱৰ্তী সময়ত আন তিনিটাকৈ মৃতদেহো উদ্ধাৰ হৈছিল ।

লগতে পঢ়ক: কোনে কয় গুৱাহাটী স্মাৰ্ট চিটী ? এৰাতিৰ বৰষুণতে নাঙঠ হৈ গ'ল উৰণসেতুৰ মহানগৰী